মনবিদ্যা: মনবিদ্যা কী? মানসিক স্বাস্থ্যের জন্য কীভাবে এটি গুরুত্বপূর্ণ?

Image
প্রস্তাবনা মন হলো মানুষের জীবনের সবচেয়ে মুদ্রণযোগ্য কর্মক্ষেত্র। মানুষের মন থেকেই সবকিছু উত্পন্ন হয়। মানসিক স্বাস্থ্য মনের ভালোবাসা এবং পরিচ্ছন্নতা অর্জনের জন্য গুরুত্বপূর্ণ। মনবিদ্যা মানুষের মানসিক স্বাস্থ্যকে সঠিকভাবে সমর্থন এবং বাড়ানোর জন্য কিছু প্রাসঙ্গিক প্রথম পদক্ষেপ বিষয়টি বিশ্লেষণ করে। এই নিবন্ধে, আমরা মনবিদ্যা নিয়ে চর্চা করব এবং বুঝতে চেষ্টা করব কীভাবে মানসিক স্বাস্থ্যকে আরও ভালো করে সমর্থন করা যায়। চলুন শুরু করা যাক! মনবিদ্যা কী? মনবিদ্যা হলো মানসিক স্বাস্থ্য সম্পর্কিত একটি গুরুত্বপূর্ণ পরিকল্পনা। এটি আমাদের মানসিক স্বাস্থ্য সমর্থন এবং বাড়ানোর জন্য বিভিন্ন প্রক্রিয়ার সমন্বয়ে তৈরি করা হয়েছে। মনবিদ্যা মানসিক স্বাস্থ্যের প্রশিক্ষণের মাধ্যমে মানুষকে সমস্যার সমাধান করার প্রয়োজনীয় কল্পনা, বিচার এবং সমাধানের জন্য যথাযথ প্রাপ্তির দিকে উন্নতি করে। মনবিদ্যা আমাদেরকে অন্যকে সম্পর্কিত বুঝতে সাহায্য করে, নিজের এবং অন্যের ভালোবাসা বৃদ্ধি করে এবং জীবনে একটি সার্থক এবং সন্তুষ্ট অভিজ্ঞতা তৈরি করে। মনবিদ্যার প্রাথমিক উপায় মানসিক স্বাস্থ্য সম্পর্কিত সমস্যা সমাধানের জন্য একটি কী উপা...

মনোবিজ্ঞান আৰু শিক্ষা Part 4


 1. শিক্ষাৰ্থী সকলক উপযুক্ত শিক্ষা প্ৰদান কৰাটো শিক্ষকৰ কৰ্তব্য। সেয়েহে শ্ৰেণী কোঠাত পাঠদান কাৰ্য আৰম্ভ কৰাৰ আগে শিক্ষকে শিকাব লগীয়া বিষয় টো পৰিকল্পনা কৰা উচিত ।


2. শিক্ষকে শিক্ষাৰ্থীক উচিত শিক্ষা প্ৰদান কৰি তেওঁলোকৰ মনৰ পৰা সামাজিক অন্ধ বিশ্বাস আৰু ঠেক মনোভাৱ আঁতৰাবলৈ চেষ্টা কৰে । শিক্ষাৰ্থীক সমাজত ভালদৰে সমাযোজন কৰিব পৰাকৈ গঢ়ি তোলাত শিক্ষক ৰ এটা কৰ্তব্য ।


3. শিক্ষাৰ্থীয়ে যাতে তেওঁলোকৰ আজৰি সময়খিনি সৎ ব্যবহাৰ কৰিব পাৰে তাৰ বাবে তেওঁলোকক সহ পাঠ্যক্ৰম কাৰ্যসূচী ৰ জৰিয়তে শিক্ষাৰ্থীক সৃজনী মূলক কাম- কাজ ৰ প্ৰতি আগ্ৰহী কৰি তোলাটো শিক্ষকৰ এটা মূল কৰ্তব্য ।


4. শিক্ষাৰ্থী সকলক ভৱিষ্যতৰ বাবে আত্মনিৰ্ভৰশিল কৰি তুলি তেওঁলোকক মানৱ সম্পদ হিচাপে গঢ় দি তোলাতো শিক্ষকৰ কৰ্তব্য ।


9। গাঁৱৰ বিদ্যালয়ৰ স্থান নিৰ্বাচনৰ দুটা প্ৰক্ৰিয়া লিখা ।


( 2001আৰু 2010 )


উত্তৰঃ গাঁৱৰ বিদ্যালয়ৰ স্থান নিৰ্বাচনৰ দুটা প্ৰক্ৰিয়া হল


1. বিদ্যালয়ৰ স্থান নিৰ্বাচন কৰাৰ ক্ষেত্ৰত নিৰ্বাচিত মাটিডোখৰ শুকান, মুকলি, ওখ, ৰদ পৰা ঠাইত হব লাগে। পানী জমা হব নোৱাৰা আৰু ৰদ বতাহ চলাচল কৰা স্থান বিদ্যালয় স্থাপন বাবে নিৰ্বাচন কৰা হয়।


2. বিদ্যালয়ৰ স্থান নিৰ্বাচন কৰাৰ বাবে নিৰ্বাচন কৰা ঠাই খিনিৰ ওচৰত কোনো কল কাৰখানা , শিল্প- প্ৰতিষ্ঠান , বজাৰ, বা তেনে কোনো জন – কলাহলৰ পৰিবেশৰ পৰা দূৰত অৱস্থিত হব লাগে ।


10। শিক্ষকৰ ৰসিকতাবোধ বুলিলে কি বুজা ?


( 2000 )


উত্তৰঃ শিক্ষকে পাঠ দান কৰাৰ ক্ষেত্ৰত নিজৰ শিক্ষকতা সফল আৰু মনোগ্ৰাহী কৰি তুলিবলৈ বিভিন্ন প্ৰকাৰৰ শিক্ষণ কৌশল ব্যবহাৰ কৰে যাৰ বাবে শিক্ষা প্ৰক্ৰিয়াৰ প্ৰতি শিক্ষাৰ্থী সকল মনোযোগী হৈ উঠে। শিক্ষকে ছাত্ৰ ছাত্ৰীৰ ৰ বাবে পাঠ্য বিষয় সমূহ মনোগ্ৰাহী কৰি তুলিবৰ বাবে কিছুমান হাস্য ৰস কথা আৰু উদাহৰণ ব্যবহাৰ কৰে। যাৰ ফলত শিক্ষাৰ্থী সকলে শিক্ষা গ্ৰহণৰ বাবে আগ্ৰহী হৈ উঠে। ইয়াকে শিক্ষকৰ ৰসিকতাবোধ বুলি কোৱা হয়। ৰসিকতাবোধ শিক্ষক সকল শিক্ষাৰ্থীৰ প্ৰিয় হোৱা দেখা যায়। আৰু তেওঁৰ পাঠদানৰ বাবে সকলো আগ্ৰহী হৈ থাকে। ৰসিকতাবোধ শিক্ষকৰ এটা অতি গুৰুত্বপূৰ্ণ ব্যক্তিত্ব ৰ অংশ।


11 সহঃ পাঠ্যক্ৰমৰ উপযোগিতা সম্বন্ধে লিখা ।


( 2000 )


উত্তৰঃ সহঃ পাঠ্যক্ৰম কাৰ্যসূচী শ্ৰেণী কোঠাৰ বাহিৰত সংঘটিত হয় আৰু ই ছাত্ৰ ছাত্ৰীৰ ব্যক্তিত্ব বিকাশত সহায় কৰে। শিশুৰ অন্তনিহিত গুণ ৰাজিৰ বিকাশ সাধন কৰা হল এই শিক্ষাৰ লক্ষ্য। সহঃ পাঠ্যক্ৰম কাৰ্যসূচী ছাত্ৰ ছাত্ৰী ক আত্ম প্ৰকাশৰ সুবিধা দিয়ে। সহঃ পাঠ্যক্ৰম কাৰ্যসূচী শিক্ষাৰ্থীৰ শাৰীৰিক, মানসিক, আধ্যাত্মিক, সামাজিক আৰু বিত্তীয় গুণৰাজি বিকাশত সহায় কৰে।


সহঃ পাঠ্যক্ৰম কাৰ্যসূচী উপযোগিতা হল –


1. সহঃ পাঠ্যক্ৰম কাৰ্যসূচী জৰিয়তে ছাত্ৰ ছাত্ৰী সকলে আজৰি সময়খিনি সৎ ব্যবহাৰ কৰিব পাৰে। ই ছাত্ৰ ছাত্ৰীৰ জন্মগত প্ৰতিভা সমূহ চিনাক্ত কৰাত আৰু ইয়াৰ যথোপযুক্ত বিকাশ প্ৰশ্নটোসাধন কৰাত সহায় কৰে।


2. স্কুলীয়া জীৱনৰ প্ৰতি ছাত্ৰ ছাত্ৰী সকলক আগ্ৰহী কৰি তোলাৰ বাবে সহঃ পাঠ্যক্ৰম কাৰ্যসূচী উপযোগি । ই ছাত্ৰ ছাত্ৰীৰ মানসিক সজাগতা , বৌদ্ধিক তীক্ষ্ণতা, আৰু সমস্যা সমাধান কৰিব পৰা ক্ষমতা বিকাশ সাধন কৰে।


3. ছাত্ৰ ছাত্ৰীৰ সুপ্ত হৈ থকা অভিক্ষমতা সমূহ চিনাক্ত কৰি সেইবোৰক উপযুক্ত প্ৰশিক্ষণ দিয়াৰ বাবে সহঃ পাঠ্যক্ৰম কাৰ্যসূচী উপযোগী ।


4. ছাত্ৰ ছাত্ৰীক আত্মবিশ্বাসী, আত্ম অনুশাসন, সহনশীল আৰু আনৰ প্ৰতি সহানুভূতিশীল কৰি তোলাৰ বাবে সহঃ পাঠ্যক্ৰম কাৰ্যসূচী উপযোগী ।


12. পাঠ্যক্ৰম ৰচনা কৰাৰ যিকোনো চাৰিটা নীতি উল্লেখ কৰা ।


( 2004 আৰু 2009 )


উত্তৰঃ পাঠ্যক্ৰম হল শিক্ষাৰ্থীৰ পঢ়িবলগীয়া বিষয় বা সুনিৰ্বাচিত বিষয়াবলী অৰ্থাৎ কোন শ্ৰেণীত কি পঢ়োৱা হব সেই কথা পাঠ্যক্ৰম বুলি কোৱা হয়। পাঠ্যক্ৰম অবিহনে বিদ্যালয় ৰ শিক্ষা প্ৰক্ৰিয়াটো স্থবিৰ হৈ পৰে। শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণৰ কালছোৱাত নিৰ্দিষ্ট সময় সীমাৰ ভিতৰত সম্পূৰ্ণ কৰি তুলিব লগীয়া কাৰ্যসূচী সমূহেই হৈছে পাঠ্যক্ৰম।


পাঠ্যক্ৰম ৰচনা কৰা নীতি চাৰিটা হল –


1. শিশু কেন্দ্ৰিক নীতি – আধুনিক শিক্ষাক শিশু কেন্দ্ৰিক শিক্ষা বুলি কোৱা হয়। সেয়েহে পাঠ্যক্ৰম প্ৰস্তুত কৰা সময়ত লৰা ছোৱালী ৰ প্ৰয়োজন সমূহ আৰু পৰিঘটনা সমূহৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। শিশুক বিভিন্ন বিষয়ৰ পৰামৰ্শ দিয়াত কৈ অৰ্থ পূৰ্ণ অভিজ্ঞতাৰ যোগান ধৰা উচিত।


2. নমনীয়তাৰ নীতি – পাঠ্যক্ৰম নমনীয় আৰু গতিশীল হব লাগে। সময় পৰিবৰ্তনৰ লগে লগে পাঠ্যক্ৰম ও পৰিবৰ্তন হোৱা উচিত।


3. উপযোগিতাৰ নীতি – পাঠ্যক্ৰমক বাস্তব আৰু উপযোগী কৰি তুলিবলৈ কৰ্ম অভিজ্ঞতা, কাৰিকৰী আৰু বিত্তীয় বিষয় সমূহক ইয়াৰ অন্তৰ্ভুক্ত কৰিব লাগে ।


4. অৱসৰৰ বাবে প্ৰস্তুতি নীতি – পাঠ্যক্ৰম এনেদৰে প্ৰস্তুত কৰিব লাগে যাতে ছাত্ৰ ছাত্ৰী সকলে তেওঁলোকৰ অৱসৰ সময় খিনি সৎ ভাবে ব্যৱহাৰ কৰিব পাৰে । সেয়েহে পাঠ্যক্ৰমত সহ – পাঠ্যক্ৰম কাৰ্যসূচীৰ ব্যবস্থা থাকিব লাগে ।


13 স্কুল প্ৰকল্প বাবে প্ৰয়োজন হোৱা যিকোনো তিনিটা সঁজুলিৰ নাম লিখা ।


( 2006 )


উত্তৰঃ স্কুল প্ৰকল্প বাবে প্ৰয়োজন হোৱা যিকোনো তিনিটা সঁজুলিৰ নাম হল –


1. ডেক্স- বেঞ্চ , শিক্ষকৰ চকী- মেজ আৰু ব্লেকবোৰ্ড আদি


2. পৰীক্ষা গাৰৰ বাবে বৈজ্ঞানিক সা- সঁজুলি ।


3. পুথিভঁৰালৰ বাবে আৱশ্যকীয় আলমাৰি ।


14. শিক্ষকৰ কাৰ্যাৱলী সম্বন্ধে কেইশাৰীমান লিখা ।


( 2001 )


উত্তৰঃ শিক্ষক হৈছে শিক্ষা প্ৰদানৰ মূল উৎস। শিক্ষা প্ৰক্ৰিয়া টো সফল কৰি তুলিবৰ বাবে শিক্ষকে গুৰুত্ব পূৰ্ণ ভূমিকা পালন কৰা দেখা যায় । স্কুল আৰু শিক্ষাৰ্থীৰ প্ৰতি শিক্ষকৰ কিছুমান কাৰ্য থাকে ।


1. শিক্ষকৰ প্ৰধান কাৰ্য হৈছে শিক্ষাৰ্থীৰ সামগ্ৰিক বিকাশ সাধন সম্ভৱ হৈ উঠা কৈ উপযুক্ত শিক্ষা তেওঁলোকক প্ৰদান কৰা।


2. ছাত্ৰ ছাত্ৰী ক সহ পাঠ্যক্ৰম কাৰ্যসূচীত অংশ গ্ৰহন কৰাৰ বাবে শিক্ষকে তেওঁলোকক উৎসাহিত কৰিব লাগে। তাৰ বাবে শিক্ষকে নিজকে কাৰ্য সূচী সমূহত অংশ গ্ৰহন কৰি ইয়াক সফল কৰি তোলে।


3. মানুহৰ মনৰ পৰা সামাজিক অন্ধ বিশ্বাস আৰু ঠেক মনোভাৱ আঁতৰ কৰাটো শিক্ষকৰ কাৰ্য । আৰু শিক্ষাৰ্থীক সমাজত সুস্থ ভাবে সমাজোজন কৰাৰ বাবে প প্ৰয়োজন হোৱা উচিত শিক্ষা শিক্ষকে প্ৰদান কৰে ।


4. ছাত্ৰ- ছাত্ৰী সকলে বিভিন্ন সমস্যা সমাধান কৰাত শিক্ষক সকলে নিয়মিত ভাবে তেওঁলোকক সহায় কৰে।


5. দেশৰ বিকাশৰ বাবে প্ৰয়োজন হোৱা উপযুক্ত মানব সম্পদ গঢ়ি তোলাত শিক্ষকৰ এটা কাৰ্য । আৰু এই কাৰ্য টো শিক্ষকেহে কৰিব পাৰে।


15. শৈক্ষিক গুৰিয়াল স্বৰূপে এজন প্ৰধান শিক্ষকৰ কাৰ্যাৱলী তিনিটা উল্লেখ কৰা ।


( 2007 )


উত্তৰঃ প্ৰধান শিক্ষক হৈছে স্কুল এখনৰ গুৰি ধৰোতা। স্কুল এখনৰ সকলো কাম কাজ চলাই নিয়াৰ লগতে বিদ্যালয় খনৰ বিকাশ কেনেকৈ হব এই সকলো বোৰ প্ৰধান শিক্ষক জনে গুৰুত্ব দিয়ে।


শৈক্ষিক গুৰিয়াল স্বৰূপে এজন প্ৰধান শিক্ষকৰ কাৰ্যাৱলী তিনিটা হল


1. বিদ্যালয় খনৰ অনুশাসনৰ ব্যবস্থা কৰাটো প্ৰধান শিক্ষকৰ মূল কাম। স্কুলত ছাত্ৰ ছাত্ৰীৰ লগতে সকলো শিক্ষক আৰু কৰ্মচাৰি সকলে যেন সকলো নিয়ম নীতি মানি চলে আৰু অনুশাসন বজাই ৰাখে সেইটো প্ৰতি লক্ষ্য ৰখাটো প্ৰধান শিক্ষকৰ কাৰ্য ।


2. শিক্ষাৰ্থী সকলৰ শৈক্ষিক মূল্যায়ন কৰি তেওঁলোকৰ প্ৰতিটো দিশৰ অগ্ৰগতি বিষয়ে জনাতো প্ৰধান শিক্ষকৰ এটা কাৰ্য । প্ৰধান শিক্ষকে সদায় শিক্ষাৰ্থীৰ পৰিবৰ্তন সমূহত চকু ৰাখিব লাগে। যদিহে তেওঁলোকৰ ব্যবহাৰ আৰু শৈক্ষিক অগ্ৰগতিত কিছু পৰিবৰ্তন দেখে তেতিয়া শিক্ষাৰ্থীৰ অভিভাৱকৰ লগত আলোচনা কৰাটো প্ৰধান শিক্ষকৰ এটা গুৰুত্ব পূৰ্ণ কাম।


3. প্ৰধান শিক্ষকৰ এটা কাৰ্য হল – বিদ্যালয় খনৰ সমগ্রিক বিকাশৰ ওপৰত গুৰুত্ব দিয়া। বিদ্যালয় খনৰ বিকাশৰ বাবে প্ৰয়োজনীয় সকলো কাম প্ৰধান শিক্ষকে কৰে। তাৰ বাবে উপযুক্ত পাঠ্যক্ৰম , বিদ্যালয়ত প্ৰযুক্তি বিদ্যাৰ আহিলা সমূহ ব্যবহাৰ কৰা , সহ পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা, শিক্ষক নিৰ্বাচন কৰা , বিদ্যালয়ৰ অভাৱ সমূহ পূৰণ কৰা আদি সকলো কাৰ্য প্ৰধান শিক্ষকে কৰা দেখা যায়।


16. শ্ৰেণীকক্ষতে এখন দেশৰ ভৱিষ্যত গঢ়ি তোলা হয় । কথাষাৰ কোনে কৈছিল ?


( 2007)


উত্তৰঃ শ্ৰেণীকক্ষতে এখন দেশৰ ভৱিষ্যত গঢ়ি তোলা হয় । কথাষাৰ ” কোঠাৰী আয়োগে ‌ ” কৈছিল ।


17. বিদ্যালয় প্ৰকল্প স্থাপন কৰিবলৈ মাটি নিৰ্বাচন কৰোতে প্ৰয়োজনীয় কথা তিনিটা উল্লেখ কৰা ।


( 2005 আৰু 2007 )


উত্তৰঃ বিদ্যালয় প্ৰকল্প স্থাপন কৰিবলৈ মাটি নিৰ্বাচন কৰোতে প্ৰয়োজনীয় কথা কিছুমান গুৰুত্ব দিব লাগে সেইবোৰ হল –


1. মাটিৰ আকাৰ আয়ত ক্ষেত্ৰৰ দৰে হব লাগে। যাতে ভৱিষ্যতে প্ৰয়োজন হলে শ্ৰেণী কোঠা বঢ়োৱাৰ সুবিধা থাকে।


2.বিদ্যালয়ৰ স্থান নিৰ্বাচন কৰাৰ ক্ষেত্ৰত নিৰ্বাচিত মাটিডোখৰ শুকান, মুকলি, ওখ, ৰদ পৰা ঠাইত হব লাগে। তেনে ঠাইত পানী জমা হব নোৱাৰে আৰু ৰদ বতাহ চলাচল ভালদৰে হৈ থাকে।


3. নগৰৰ ঘন জন বসতি , জনপূৰ্ণ বা বজাৰ, কল- কাৰখানা , চিনেমা হল আদিৰ পৰা আঁতৰত নিৰ্জন ঠাইত বিদ্যালয় স্থাপন বাবে নিৰ্বাচন কৰিব লাগে।


18. শিক্ষাৰ্থীৰ প্ৰতি শিক্ষকৰ বন্ধুত্বভাব সম্বন্ধে লিখা ।


( 2000 )


উত্তৰঃ শিক্ষক হৈছে শিক্ষা প্ৰদানৰ মূল উৎস। শিক্ষক আৰু শিক্ষাৰ্থী অবিহনে শিক্ষা প্ৰক্ৰিয়া সম্ভব নহয়। সেয়েহে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ সম্পৰ্ক অতি গুৰুত্বপূৰ্ণ। শিক্ষকৰ যদিহে শিক্ষাৰ্থীৰ বাবে বন্ধুত্ব ভাৱ থাকে তেতিয়া শিক্ষা প্ৰদানৰ প্ৰক্ৰিয়াটো অধিক ফলপ্ৰসু আৰু সফল হোৱা দেখা যায়।


1. শিক্ষা প্ৰদান কৰাৰ আগত শিক্ষকে শিক্ষাৰ্থীৰ লগত এটা বন্ধুতবপূৰ্ণ ভাৱ যোগাই তুলিব লাগে তেতিয়া শিক্ষাৰ্থী সংকোচ বোধ নকৰাকৈ শিক্ষা গ্ৰহণ কৰিবলৈ আগ্ৰহী হৈ পৰে।


2. সময় সাপেক্ষ শিক্ষকে শিক্ষাৰ্থীৰ লগত সময় কটাব লাগে। তেতিয়া শিক্ষকে তেওঁলোকৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিব পাৰে


3. ব্যক্তিগত আৰু পাঠ সম্বন্ধীয় যিকোনো সমস্যা ছাত্ৰ ছাত্ৰী সকলে যাতে বিনা দ্বিধাই শিক্ষক জনক সুধিব পাৰে তাৰ বাবে শিক্ষকে শিক্ষাৰ্থীৰ লগত বন্ধু ভাৱপন্ন মনোভাৱ গঢ়ি তোলা উচিত।


4. শিক্ষাৰ্থীৰ প্ৰতি শিক্ষকৰ বন্ধুত্বভাবে শিক্ষাৰ্থীৰ সবল আৰু দুৰ্বল দিশ সমূহৰ বিষয়ে ভালদৰে জনাত শিক্ষকক সহায় কৰে।


19. যিকোনো তিনি প্ৰকাৰৰ পাঠ্যক্ৰমৰ নাম উল্লেখ কৰা ।


( 2006 )


উত্তৰঃ যিকোনো তিনি প্ৰকাৰৰ পাঠ্যক্ৰমৰ নাম হল –


1. পৰম্পৰাগত পাঠ্যক্ৰম বা বিষয় কেন্দ্ৰিক পাঠ্যক্ৰম


2. বুনিয়াদী শিক্ষাৰ পাঠ্যক্ৰম


3. ক্ৰিয়া ভিত্তিক পাঠ্যক্ৰম


20। এখন বিদ্যালয়ৰ চাৰিটা বৈষয়িক সম্পদৰ নাম লিখা।


( 2002 আৰু 2009 )


উত্তৰঃ এখন বিদ্যালয়ৰ চাৰিটা বৈষয়িক সম্পদৰ নাম হল –


1. মাটি বা ভূখণ্ড


2. বিদ্যালয় গৃহ আৰু খেল পথাৰ


3. পুথিভঁৰাল


4. বিজ্ঞান পৰীক্ষাগাৰ ।


21. SCERT ৰ দুটা কাৰ্যাৱলী উল্লেখ কৰা ।


( 2009 )


উত্তৰঃ SCERT ৰ দুটা কাৰ্যাৱলী হল –


1. শিক্ষা সম্বন্ধীয় পৰিকল্পনা আৰু নীতি নিৰ্ধাৰণত ৰাজ্য চৰকাৰক সহায় কৰা।


2. ৰাজ্যৰ শৈক্ষিক জগতত গৱেষণা কৰি পোৱা তথ্য সমূহ আৰু ফলাফল সমূহক শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োগ কৰিবলৈ চৰকাৰক পৰামৰ্শ দিয়া।


22. ক্ৰিয়া-কেন্দ্ৰিক পাঠ্যক্ৰমৰ বিষয়ে চমুকৈ লিখা ।


( 2007 )


উত্তৰঃ যি পাঠ্যক্ৰমে শিক্ষাত কৰ্ম বা ক্ৰিয়াৰ নীতি সমূহ অনুসৰণ কৰে তাকে ক্ৰিয়া কেন্দ্ৰিক পাঠ্যকম বোলে। এই পাঠ্যক্ৰমত কৰ্মৰ মাজেৰে বিষয় বস্তুৰ জ্ঞান দিয়া হয়। এই ধৰণৰ পাঠ্যক্ৰমে লৰা ছোৱালীক গঠনমূলক আৰু সৃজনি মূলক গুণৰ বিকাশ ঘটোৱাত সহায় কৰে। তেওঁলোকৰ ব্যক্তিত্বৰ সামগ্ৰিক বিকাশ ঘটায় লগতে সামাজিক গুণৰাশি বিকাশত সহায় কৰে। তেওঁলোকে প্ৰতিটো সমস্যা সমাধানৰ বাবে শিক্ষক ৰ ওপৰত নিৰ্ভৰ নকৰে আৰু পাৰস্পৰিক সহায় সহযোগিতাৰে সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰে।


23. মানৱ সম্পদ বিকাশ সাধন শিক্ষাৰ লক্ষ্য স্বৰূপে ব্যাখ্যা কৰা ।


( 2010 )


উত্তৰঃ শিক্ষা হৈছে এক প্ৰক্ৰিয়া যাৰ ফলত মানুহৰ সমগ্রিক বিকাশত সহায় কৰে। জন্ম পৰা মৃত্যু পৰ্যন্ত শিক্ষা প্ৰক্ৰিয়া অবিৰত ভাবে চলি থাকে। দেশৰ বিকাশৰ বাবে প্ৰয়োজন হোৱা উপযুক্ত মানব সম্পদ সমূহৰ সম্পূৰ্ণ বিকাশ সাধন কৰা হৈছে শিক্ষা মূল লক্ষ্য। শিক্ষাৰ জৰিয়তে মানুহৰ শাৰীৰিক মানসিক আধ্যাত্মিক, সামাজিক সকলো দিশৰ বিকাশ সম্ভৱ হৈ উঠে। শিক্ষাই মানুহৰ বৌদ্ধিক বিকাশ সাধন কৰে যাৰ ফলত মানুহে সমাজত সুস্থ ভাবে নিজকে সমাযোজন কৰি তুলিব পাৰে। আৰু সমাজৰ সমস্যা সমাধানৰ বাবেও নিজৰ মত প্ৰকাশ কৰে। শিক্ষাৰ জৰিয়তে মানৱ সম্পদ সমূহৰ উন্নয়ন হৈ উঠে আৰু তেওঁলোকে অৰ্থনৈতিক ভাবে স্বাৱলম্বী হয় যাৰ ফলত দেশৰ অৰ্থনৈতিক দিশৰ পৰাও বিকাশ সাধন হয়। সেয়েহে কব পাৰি যে শিক্ষা অবিহনে মানব সম্পদ সমূহৰ বিকাশ কেতিয়াও সম্ভব নহয় । শিক্ষা গৈছে এক মাত্ৰ প্ৰক্ৰিয়া যাৰ জৰিয়তে মানব সম্পদ সমূহৰ বিকাশ সাধন সম্ভৱ হৈ উঠে আৰু ই দেশৰ ভৱিষ্যত ৰ বিকাশৰ বাবে প্ৰয়োজনীয় ।


24. পাঠ্যক্ৰম ৰচনাৰ দুটা নীতি লিখা।


( 2016 )


উত্তৰঃ পাঠ্যক্ৰম ৰচনাৰ দুটা নীতি হল –


1. সহ সম্বন্ধৰ নীতি – স্কুলৰ বিভিন্ন বিষয় সমূহ সম্পূৰ্ণ সমূহ পৃথক পৃথক ভাবে শিকোৱা উচিত নহয় । পাঠ্যক্ৰম কাৰ্যসূচীৰ মাজত সমন্বয় আৰু সংহতি স্থাপন কৰি ছাত্ৰ ছাত্ৰীক সম্পূৰ্ণ বাস্তৱ অভিজ্ঞতাৰ যোগান ধৰা উচিত।


2. সমাজকেন্দ্ৰিক নীতি – বৰ্তমান শিশু এটা ভৱিষ্যত সমাজৰ এজন দায়িত্বশিল নাগৰিক । সেইকাৰণে , শিক্ষাই শিশুক সমাজৰ বাবে সফল হিচাপে সাজু কৰি তুলিব লাগে।


25। ক্ৰিয়াভিত্তিক পাঠ্যকম বুলিলে কি বুজা ?


( 2019 )


উত্তৰঃ যি পাঠ্যক্ৰমে শিক্ষাত কৰ্ম বা ক্ৰিয়াৰ নীতি সমূহ অনুসৰণ কৰে তাকে ক্ৰিয়াভিত্তিক পাঠ্যক্ৰম বোলে। এই পাঠ্যক্ৰমত কৰ্মৰ মাজেৰে বিষয় বস্তুৰ জ্ঞান দিয়া হয়। এই ধৰণৰ পাঠ্যক্ৰমে লৰা ছোৱালীক গঠনমূলক আৰু সৃজনি মূলক গুণৰ বিকাশ ঘটোৱাত সহায় কৰে। তেওঁলোকৰ ব্যক্তিত্বৰ সামগ্ৰিক বিকাশ ঘটায় লগতে সামাজিক গুণৰাশি বিকাশত সহায় কৰে। তেওঁলোকে প্ৰতিটো সমস্যা সমাধানৰ বাবে শিক্ষক ৰ ওপৰত নিৰ্ভৰ নকৰে আৰু পাৰস্পৰিক সহায় সহযোগিতাৰে সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰে।


26 ইন্টাৰনেট কি ?


( 2016 )


উত্তৰঃ ইন্টাৰনেট হল বহুতো নেটৱৰ্ক ৰ মাজতে এটা নেটৱৰ্ক । পৃথিৱীৰ অসংখ্য কম্পিউটাৰৰ যোগসুত্ৰকে কম্পিউটাৰ নেটৱৰ্ক বোলা হয়। এটা নেটৱৰ্কত বহুতো কম্পিউটাৰ সংযোজন কৰা হয়। এই সংযোজন কাৰ্য কেবল ( Cable) আৰু কৃত্ৰিম উপগ্ৰহ ( satellites) ৰ সহযোগত হয় । সমগ্ৰ পৃথিৱীৰ অসংখ্য নেটৱৰ্ক পাৰস্পৰিক ভাবে সংযুক্ত হলেহে ইন্টাৰনেট তৈয়াৰ হয়।


1969 চনত আমেৰিকাৰ মাৰ্কিন প্ৰতিৰক্ষা দপ্তৰে প্ৰথমে ইন্টাৰনেট ক ARPANET হিচাপে প্ৰথম প্ৰয়োগ আৰম্ভ কৰিছিল ।


27 প্ৰতিভাসম্পন্ন ছাত্ৰ-ছাত্ৰীৰ তিনিটা বৈশিষ্ট্য লিখা।


( 2010 )


উত্তৰঃ প্ৰতিভাসম্পন্ন ছাত্ৰ-ছাত্ৰীৰ তিনিটা বৈশিষ্ট্য হল –


1. প্ৰতিভাসম্পন্ন ছাত্ৰ-ছাত্ৰীৰ বুদ্ধাংক পৰিমাণ অত্যন্ত বেছি । তেওঁলোকে সহজে জীৱনৰ সমস্যা সমাধান কৰিব পাৰে ।


2. প্ৰতিভাসম্পন্ন ছাত্ৰ-ছাত্ৰীৰ স্মৃতি শক্তি অধিক হয় বাবে তেওঁলোকে সোনকালে বিষয়বস্তু ৰ জ্ঞান আহৰণ কৰি লব পাৰে। মনত ৰাখিব পৰা ক্ষমতা অধিক হয় ।


3. প্ৰতিভাসম্পন্ন ছাত্ৰ-ছাত্ৰীৰ সকলোৰে নিজস্ব কিছুমান বৈশিষ্ট্য থাকে আৰু তেওঁলোক কিছুমান বিশেষ কামত পাৰ্গত হোৱা দেখা যায়। তেওঁলোকৰ মস্তিষ্ক কামবোৰ তীব্ৰ গতিত হয় ।


28 SCERT-ৰ দুটা কাৰ্য লিখা।


( 2017 )


উত্তৰঃ SCERT-ৰ দুটা কাৰ্য হল –


1. শিক্ষা সম্বন্ধীয় পৰিকল্পনা আৰু নীতি নিৰ্ধাৰণত ৰাজ্য চৰকাৰক সহায় কৰা।


2. মাধ্যমিক শিক্ষা সংসদ আৰু উচ্চ মাধ্যমিক শিক্ষা পৰিষদক প্ৰয়োজন অনুসৰি সহযোগ কৰা ।


29. প্ৰচলিত পাঠ্যকমৰ চাৰিটা আঁসোৱাহ উল্লেখ কৰা।


বা


বৰ্তমান সময়ৰ পাঠ্যক্ৰমৰ দুটা আঁসোৱহ উল্লেখ কৰা।


( 2010 আৰু 2018 )

Comments