মনোবিজ্ঞান আৰু শিক্ষা Part 5
- Get link
- X
- Other Apps
উত্তৰঃ বৰ্তমান সময়ৰ পাঠ্যক্ৰমৰ চাৰিটা আঁসোৱহ হল –
1. সংকীৰ্ণ ধাৰণা – বৰ্তমান পাঠ্যক্ৰমৰ পৰিসৰ যথেষ্ঠ কম । শিক্ষানুষ্ঠানত নামভৰ্তি কৰি পৰীক্ষাত উত্তীৰ্ণ হব বাবে যুগুত কৰা সীমিত পাঠ্য সূচীকে মাথোন ইয়াৰ দ্বাৰা বুজোৱা হয় ।
2. ক্ৰিয়া কলাপৰ কোনো স্থান নাই – বৰ্তমানৰ পাঠ্যক্ৰমত কৰ্মৰ কোনো স্থান নাই। ইয়াত কেৱল পাঠ্যপুথি লিখা আৰু পঢ়া কাৰ্যতহে অধিক গুৰুত্ব দিয়া হয়। ইয়াত হাতে কামে শিক্ষা নীতিত গুৰুত্ব দিয়া নহয়।
3. অনমনীয় – বৰ্তমান ৰ প্ৰচলিত পাঠ্যক্ৰম অনমনীয়। পৰিবৰ্তনশিল পৃথিৱীৰ লগত ই সদায় সলনি হৈ নাথাকে ।
4. জীৱনৰ লগত সম্পৰ্ক নথকা – জীৱনৰ লগত প্ৰচলিত পাঠ্যক্ৰমৰ সম্পৰ্ক নিচেই কম । স্কুলত ছাত্ৰ ছাত্ৰীক যিবোৰ বিষয়ৰ ওপৰত শিক্ষা দিয়া হয় সেইবোৰৰ বাস্তৱ জীৱনত কোনো গুৰুত্ব নাই ।
30 নতুন সামাজিক পটভূমিত শিক্ষকৰ সন্মুখত আহি পোৱা দুটা প্ৰত্যাহবান উল্লেখ কৰা।
( 2019 )
উত্তৰঃ নতুন সামাজিক পটভূমিত শিক্ষকৰ সন্মুখত আহি পোৱা দুটা প্ৰত্যাহবান হ’ল –
1. জীৱনৰ প্ৰতিটো দিশৰ জ্ঞানৰ যথেষ্ট বিকাশ হৈছে আৰু ই শিক্ষকৰ ভূমিকাৰ প্ৰত্যাহবান মূলক কৰি তুলিছে ।
2. ৰেডিঅ, দূৰদৰ্শন আদি গনমধ্যম সমূহৰ বৰ্ধিত প্ৰভাৱৰ কাৰণে শিক্ষকে ইয়াক শিক্ষণ প্ৰক্ৰিয়াত উচিত ব্যবহাৰ কৰিব লগা হৈছে ।
31 শিক্ষকক কিদৰে শিক্ষাৰ এজন সুচলকাৰী স্বৰূপে বৰ্ণনা কৰিব পাৰি ?
( 2010 )
উত্তৰঃ শিক্ষকে শিক্ষণ সূচলকাৰি হিচাপে এক গুৰুত্ব পূৰ্ণ দায়িত্ব পালন কৰিব লাগে । তেওঁ ছাত্ৰ আৰু ছাত্ৰী ক এনেদৰে শিকোৱা উচিত যাতে তেওঁলোকে সহজে শিক্ষা আহৰণ কৰি লব পাৰে।
1. শ্ৰেণী কোঠাত পাঠদান কৰাৰ আগত শিক্ষক জনে নিজকে সাজু কৰি লব লাগে আৰু শিক্ষা দানৰ বিভিন্ন উপায় অবলম্বন কৰি শিক্ষা প্ৰদান কৰিব লাগে ।
2. শিক্ষকে ছাত্ৰ আৰু ছাত্ৰী ক পাঠদানৰ সময়ত বিভিন্ন কথা কোৱাৰ পৰিবৰ্তে প্ৰশ্ন ৰ উত্তৰ সঠিক ভাবে দিবলৈ উৎসাহিত কৰিব লাগে ।
3. তেওঁ ছাত্ৰ- ছাত্ৰীক নিজৰ চিন্তাৰে সমাধান কৰিব পৰা প্ৰশ্ন সুধিব লাগে ।
4. পাঠদান আৰু শিক্ষণৰ সময়ত তেওঁ বিভিন্ন ধৰণৰ কৌশল আৰু নিয়ম অৱলম্বন কৰিব লাগে ।
32. ৱেব (website) ছাইট কি ?
( 2016 )
উত্তৰঃ ৱেব ছাইট হল বেৱ পেজ ৰ সমষ্টি । যিবিলাক কোনো সামাজিক সংগঠন, অনুষ্ঠান যেনে – বিশ্ববিদ্যালয় , ব্যৱসায়িক কেন্দ্ৰ , গৱেষণা প্ৰতিষ্ঠান, লাইব্ৰেৰী, সমাজ কল্যাণ মূলক সংস্থাক চৰকাৰে ৰক্ষণাবেক্ষণ দিয়ে আৰু শেহতীয়া তথ্য অন্ত্ভুক্ত কৰি থয় । প্ৰতিটো বেৱ ছাইট WWW আৰম্ভ হয়। যিটো বহুত সেৱাৰ ভিতৰত এটা সেৱা আৰু যিটো হাইপাৰটেক্স ৰ জৰিয়তে সংযোগ কৰা হয়।বেৱ পেজ সমূহ এটা ব্ৰাউজাৰ জৰিয়তে বেৱ চাৰভাৰৰ পৰা মূল্যাংকন কৰা হয়। ই আমাক বেৱৰ যিকোনো কম্পিউটাৰত পঢ়া , বিচৰা , তথ্য পাতি ডাউন লোড কৰাত সহায় কৰে। প্ৰতেক বেৱ পেজৰ নিজৰ নিজৰ বেৱ পৰিচয় থাকে যাক URL বুলি কোৱা হয় ।
33 NCERT- ৰ দুটা প্ৰধান কাৰ্য উল্লেখ কৰা।
( 2016 )
উত্তৰঃ NCERT- ৰ দুটা প্ৰধান কাৰ্য হল –
1. গৱেষণা আৰু উন্নয়নৰ কাৰ্য পৰিচালনা কৰা।
2. ভাৰতবৰ্ষ ৰ শিক্ষাৰ উন্নতি আৰু সম্প্ৰসাৰণৰ বাবে শৈক্ষিক প্ৰযুক্তিৰ বহল প্ৰচলন আৰু ব্যৱহাৰৰ ব্যবস্থা কৰা।
34 কম্পিউটাৰৰ দুটা প্ৰধান অংশৰ নাম উল্লেখ কৰা।
( 2017 )
উত্তৰঃ কম্পিউটাৰৰ দুটা প্ৰধান অংশৰ নাম হল –
1. ইনপুট আৰু আউটপুট আহিলা।
2. স্মৃতি গোট ।
35 ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ চাৰিটা কাৰ্যাৱলী উল্লেখ কৰা।
উত্তৰঃ ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ চাৰিটা কাৰ্যাৱলী হল –
1. পাঠ্যক্ৰম, নিৰ্দেশনা সামগ্রী , শিক্ষণ পদ্ধ্তি , মূল্যায়ন কৌশল, শিক্ষণ সজুঁলি , বিভিন্ন শিক্ষা সামগ্ৰী আৰু শিক্ষণৰ সম্পদ সমূহৰ উন্নতি কাৰণ কৰা
2. শিক্ষক, আৰু শিক্ষাৰ লগত জড়িত সকলো ব্যক্তিৰে চাকৰিকালীন আৰু প্ৰাক চাকৰিকালীন প্ৰশিক্ষণৰ ব্যবস্থা কৰা।
3.NCERT য়ে ছাত্ৰ আৰু ছাত্ৰীৰ বাবে স্কুলীয়া পাঠ্য পুথি , সাধাৰণ কিতাপ , শিক্ষামূলক আলোচনী , আৰু গৱেষণা মূলক সাহিত্য আদি প্ৰস্তুত কৰে।
4. উচ্চ শিক্ষাৰ অধ্যয়নৰ বাবে দশম শ্ৰেণীৰ মেধাৱী শিক্ষাৰ্থীৰ বাবে জলপানি বা বৃত্তি ৰ ব্যবস্থা কৰে।
36। UNESCO ৰ যিকোনো চাৰিটা কাৰ্যাৱলী বিষয়ে লিখা।
উত্তৰঃ UNESCO ৰ যিকোনো চাৰিটা কাৰ্যাৱলী হল –
1. UNESCO প্ৰধান কাম হল ৰাষ্ট্ৰৰ পৰা অশিক্ষিত নাইকীয়া কৰিবৰ বাবে সকলো শিশুৰ বাবে প্ৰাথমিক শিক্ষা ব্যাধতা মূলক কৰি তোলা আৰু তাৰ বাবে দেশৰ সকলো শিশুৱে যাতে উপযুক্ত আৰু প্ৰয়োজনীয় শিক্ষা পায় তাক সুনিশ্চিত কৰা।
2. সংস্কৃতিক স্বীকৃতি প্ৰদান কৰি ৰাষ্ট্ৰৰ ঐতিহাসিক স্থান সমূহৰ সংৰক্ষণ কৰাটো UNESCO এটা গুৰুত্ব পূৰ্ণ কাৰ্য ।
3. ৰাষ্ট্ৰৰ সংস্কৃতিক বিভিন্নতা সমূহ নাইকীয়া কৰি সংস্কৃতিক শান্তি ৰক্ষা কৰা ।
4.UNESCO ৰ কাৰ্য হল শিক্ষা , বিজ্ঞান আৰু সংস্কৃতিক সংবাদ আৰু যোগাযোগ ৰ জৰিয়তে ৰাষ্ট্ৰত সংস্কৃতিক শান্তি স্থাপন কৰা আৰু দৰিদ্ৰতা নিবাৰণ কৰাত গুৰুত্ব পূৰ্ণ ভাবে অংশ গ্ৰহণ কৰা ।
37। কম্পিউটাৰৰ তিনিটা শিক্ষামূলক সুবিধা উল্লখ কৰা।
উত্তৰঃ কম্পিউটাৰৰ তিনিটা শিক্ষামূলক সুবিধা হল –
1. শ্ৰেণী কোঠাত কম্পিউটাৰৰ ব্যবহাৰে ছাত্ৰ ছাত্ৰী ৰ যুক্তি সংগত চিন্তা ধাৰাৰ বিকাশ ঘটায়।
2. কম্পিউটাৰৰ সহায়ত ছাত্ৰ আৰু শিক্ষকে বিৰামহিনভাবে ফলাফল সমূহ পায় থাকে কাৰণে তেওঁলোকে সোনকালে নিজৰ ভূলবোৰ শুধৰাব পাৰে ।
3. কম সময়তে ছাত্ৰ ছাত্ৰীক বহুতো খবৰ কম্পিউটাৰে যোগান ধৰিব পাৰে কাৰণে ইয়াক শিক্ষাৰ এটা অতি উপযোগী শিক্ষনীয় আহিলা হিচাপে ধৰা হয় ।
B. Essay Type Questions:
1। অভিৰোচক হিচাপে শিক্ষকে পালক কৰিব লগা প্ৰধান ভূমিকাসমূহৰ বিষয়ো এটি টোকা লিখা।
( 2019 )
উত্তৰঃ শিক্ষা প্ৰক্ৰিয়াৰ প্ৰয়োজনীয় মানৱ সম্পদ হৈছে শিক্ষক । শিক্ষক হৈছে ছাত্ৰ ছাত্ৰীৰ বাবে বন্ধু, দাৰ্শনিক আৰু পথ প্ৰদৰ্শক। শিক্ষকে শিক্ষা প্ৰদান প্ৰক্ৰিয়াত এক গুৰু্বপূৰ্ণ ভূমিকা পালন কৰে।
এজন শিক্ষকে তেওঁৰ ছাত্ৰ ছাত্ৰীৰ বাবে এজন অভিৰচক হব লাগে ।অভিৰোচক হিচাপে শিক্ষকে পালক কৰিব লগা প্ৰধান ভূমিকাসমূহ হল –
1. শিক্ষকজনে তেওঁৰ বিষয়ৰ ওপৰত এক স্পষ্ট জ্ঞান ছাত্ৰ ছাত্ৰী সকলক দিয়া উচিত।
2. এটা সম্পূৰ্ণ ভাবে সু সজ্জিত কোঠাক তেওঁ শ্ৰেণী কোঠা হিচাপে বাচি লব লাগে যাতে ছাত্ৰ ছাত্ৰী সকলে পাঠদানৰ সময়ত এক সুস্থ পৰিবেশ গঢ়ি লব পাৰে।
3. শিক্ষকে নিজৰ শিক্ষকতাক সফল আৰু মনোগ্ৰহী কৰি তুলিবলৈ বিভিন্ন প্ৰকাৰৰ শিক্ষণ কৌশল অৱলম্বন কৰি তুলিবলৈ বিভিন্ন প্ৰকাৰৰ শিক্ষণ কৌশল অৱলম্বন কৰিব পাৰে।
4. পাঠদানৰ সময়ত শিক্ষকে বিভিন্ন পৰিঘটনা আৰু উদাহৰণৰ সহায় লোৱা উচিত ।
5. সময়ে সময়ে কোনো বিশেষ শিক্ষকে ছাত্ৰ ছাত্ৰীৰ লগত সময় দিব লাগে যাতে তেওঁলোকে বাহ্যিক জগত খনৰ বিষয়ে নিজৰ জ্ঞানৰ পৰিসৰ বঢ়াব পাৰে।
শিক্ষা প্ৰক্ৰিয়া টো অধিক ফলপ্ৰসু আৰু মনোগ্ৰাহী কৰি তোলাৰ ক্ষেত্ৰত অভিৰোচক হিচাপে শিক্ষকে এক গুৰু্বপূৰ্ণ ভূমিকা পালন কৰে।
2। স্কুল এখনৰ মানৱ সম্পদ তিনিটা কি কি ? শিক্ষক এজনৰ চাাৰিটা জন্মগত গুণৰ বিষয়ে লিখা।
( 2004 )
উত্তৰঃ স্কুল এখনৰ মানৱ সম্পদ তিনিটা হল –
1. শিক্ষক
2. ছাত্ৰ- ছাত্ৰী
3. কৰ্মচাৰি
এখন পূৰ্ণাংগ স্কুল প্ৰতিষ্ঠাৰ বাবে আটাইতকৈ প্ৰয়োজনীয় মানৱ সম্পদ হল – শিক্ষক । শিক্ষকে ছাত্ৰ ছাত্ৰীৰ অভ্যাস, আচৰণ, স্বভাৱ চৰিত্ৰ আৰু ব্যক্তিত্ব ক গঢ় দি তোলে। শিক্ষকৰ জন্মগত গুণসমূহ হল –
1. শিক্ষকে শিক্ষক বৃত্তি টোৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা থকা দৰকাৰ । শিশুৰ প্ৰতি তেওঁৰ এক স্বভাৱ সুলভ মৰম- ভালপোৱা থাকিব লাগে।
2. তেওঁৰ স্বৰধ্বনি ডাঙৰ আৰু স্পষ্ট হব লাগে।
3. তেওঁ শাৰীৰিক আৰু মানসিক ভাবে সুস্থ – সবল হব লাগে আৰু মৃদু হাস্যৰসি হব লাগে।
4. তেওঁ নম্ৰ আৰু সজ আচৰণৰ অধিকাৰী হব লাগে।
শিক্ষকৰ ব্যক্তিগত গুণ সমূহ শিক্ষা প্ৰক্ৰিয়াটো সফল কৰি তোলাত সহায় কৰে। আৰু এই গুণসমূহ শিক্ষকে জন্মগত ভাবে আহৰণ কৰে।
3। পাঠ্যক্ৰম কি ? পাঠ্যক্ৰম ঠেক আৰু বহল অৰ্থ বিষয়ে লিখা।
( 2016 )
উত্তৰঃ পাঠ্যক্ৰম হল শিক্ষাৰ্থীৰ পঢ়িবলগীয়া বিষয় বা সুনিৰ্বাচিত বিষয়াবলী অৰ্থাৎ কোন শ্ৰেণীত কি পঢ়োৱা হব সেই কথা পাঠ্যক্ৰম বুলি কোৱা হয়। পাঠ্যক্ৰম অবিহনে বিদ্যালয় ৰ শিক্ষা প্ৰক্ৰিয়াটো স্থবিৰ হৈ পৰে। শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণৰ কালছোৱাত নিৰ্দিষ্ট সময় সীমাৰ ভিতৰত সম্পূৰ্ণ কৰি তুলিব লগীয়া কাৰ্যসূচী সমূহেই হৈছে পাঠ্যক্ৰম। পাঠ্যক্ৰম ইংৰাজী প্ৰতিশব্দ “curriculum” শব্দ টো পুৰণি লেটিন ভাষাৰ”Currere” ৰ পৰা উৎপত্তি হৈছে। ইয়াৰ ইংৰাজী অৰ্থ হৈছে “race course” অৰ্থাৎ ঘোঁৰা দৌৰ দিয়া স্থান বা পৰিসীমা ।
পাঠ্যক্ৰমৰ বহল অৰ্থ হৈছে বৰ্তমান সময়ত শ্ৰেণীৰ বাহিৰে ভিতৰে ছাত্ৰক দিব পৰা সামগ্ৰিক অভিজ্ঞতাকেই পাঠ্যক্ৰম বুলি কোৱা হয়। পাঠ্যক্ৰমে স্কুলৰ বাহিৰে ভিতৰে শিক্ষাৰ্থীৰ সেই সকলোবোৰ কাৰ্যসূচী ক অন্তৰ্ভুক্ত কৰে যি সমূহ তেওঁৰ দৈহিক, মানসিক, আবেগিক , সামাজিক , আধ্যাত্মিক আৰু নৈতিক বিকাশৰ বাবে সহায়ক হব পাৰে। বহল অৰ্থত পাঠ্যক্ৰমে শিক্ষাৰ্থীৰ বিকাশৰ সকলো দিশ পাঠ্যক্ৰমত সন্নিবিষ্ট কৰি তোলে। বহল অৰ্থত পাঠ্যক্ৰমে গতানুগতিক ভাৱে শিকোৱা স্কুলৰ বিষয় বোৰকে পাঠ্যক্ৰম বুলি নকয়। স্কুল আৰু ইয়াৰ শ্ৰেণী কোঠা সমূহ, পুথিভঁৰাল, প্ৰয়োগশালা, কাৰখানা, খেলপথাৰ আৰু অন্যান্য বিবিধ ক্ষেত্ৰত ছাত্ৰ শিক্ষকৰ সংস্পৰ্শত ছাত্ৰ লাভ কৰা বহুমুখী ক্ৰিয়াৰ সামূহিক অভিজ্ঞতাকেই পাঠ্যক্ৰম ত অন্তৰ্ভুক্ত কৰা হয়।
পাঠ্যক্ৰমৰ ঠেক অৰ্থ হৈছে পাঠ্যক্ৰমৰ সংকীৰ্ণ ধাৰণা । বৰ্তমানৰ পাঠ্যক্ৰমৰ পৰিসৰ যথেষ্ট ঠেক । শিক্ষানুষ্ঠানত নামভৰ্তি কৰি পৰীক্ষাত উত্তীৰ্ণ হব বাবে যুগুত কৰা সীমিত পাঠ্য সুচিকে মাথোন ইয়াৰ দ্বাৰা বুজোৱা হয় । বৰ্তমানৰ পাঠ্যক্ৰমত কৰ্মৰ কোনো স্থান নাই। ইয়াত কেৱল পাঠ্যপুথি লিখা আৰু পঢ়া কাৰ্যতহে অধিক গুৰুত্ব দিয়া হয়। ইয়াত হাতে কামে শিক্ষা নীতিত গুৰুত্ব দিয়া নহয়।বৰ্তমান ৰ প্ৰচলিত পাঠ্যক্ৰম অনমনীয়। পৰিবৰ্তনশিল পৃথিৱীৰ লগত ই সদায় সলনি হৈ নাথাকে বাবে ইয়াৰ পৰিসৰ ঠেক হোৱা দেখা যায়। জীৱনৰ লগত প্ৰচলিত পাঠ্যক্ৰমৰ সম্পৰ্ক নিচেই কম । স্কুলত ছাত্ৰ ছাত্ৰীক যিবোৰ বিষয়ৰ ওপৰত শিক্ষা দিয়া হয় সেইবোৰৰ বাস্তৱ জীৱনত কোনো গুৰুত্ব নাই । আৰু তাৰ বাবে পাঠ্যক্ৰসমূহৰ ধাৰণা সংকীৰ্ণ হৈ অহা দেখা যায়।
পাঠ্যক্ৰমৰ ধাৰণা ঠেক আৰু বহল যিয়ে নহক কিয় মানুহৰ সামগ্ৰিক বিকাশৰ বাবে পাঠ্যক্ৰম অতি প্ৰয়োজনীয়। পাঠ্যক্ৰমে শিক্ষা প্ৰক্ৰিয়াক অৰ্থ প্ৰদান কৰে। আৰু শিক্ষা প্ৰক্ৰিয়াক সফল কৰি তোলাত পাঠ্যক্ৰমৰ ভূমিকা অনবদ্য।
4 এখন বিদ্যালয় সহ-পাঠ্যক্ৰমিক কাৰ্যসূচীৰ চাৰিটা সুফল উল্লেখ কৰা।
( 2017 )
উত্তৰঃ সহঃ পাঠ্যক্ৰম কাৰ্যসূচী শ্ৰেণী কোঠাৰ বাহিৰত সংঘটিত হয় আৰু ই ছাত্ৰ ছাত্ৰীৰ ব্যক্তিত্ব বিকাশত সহায় কৰে। শিশুৰ অন্তনিহিত গুণ ৰাজিৰ বিকাশ সাধন কৰা হল এই শিক্ষাৰ লক্ষ্য। সহঃ পাঠ্যক্ৰম কাৰ্যসূচী ছাত্ৰ ছাত্ৰী ক আত্ম প্ৰকাশৰ সুবিধা দিয়ে। সহঃ পাঠ্যক্ৰম কাৰ্যসূচী শিক্ষাৰ্থীৰ শাৰীৰিক, মানসিক, আধ্যাত্মিক, সামাজিক আৰু বিত্তীয় গুণৰাজি বিকাশত সহায় কৰে। সহ পাঠ্যক্ৰম কাৰ্য সূচীত অংশ গ্ৰহনে দৈনন্দিন শ্ৰেণী কাৰ্যতকৈ অধিক সুস্থ আৰু আকৰ্ষণীয় ব্যক্তিত্ব গঢ়ি তোলে।
বিদ্যালয়ত সহঃ পাঠ্যক্ৰম কাৰ্যসূচীৰ সুফল হল –
1. সহঃ পাঠ্যক্ৰম কাৰ্যসূচী জৰিয়তে ছাত্ৰ ছাত্ৰী সকলে আজৰি সময়খিনি সৎ ব্যবহাৰ কৰিব পাৰে। ই ছাত্ৰ ছাত্ৰীৰ জন্মগত প্ৰতিভা সমূহ চিনাক্ত কৰাত আৰু ইয়াৰ যথোপযুক্ত বিকাশ সাধন কৰাত সহায় কৰে।
2. স্কুলীয়া জীৱনৰ প্ৰতি ছাত্ৰ ছাত্ৰী সকলক আগ্ৰহী কৰি তোলাৰ বাবে সহঃ পাঠ্যক্ৰম কাৰ্যসূচী উপযোগি । ই ছাত্ৰ ছাত্ৰীৰ মানসিক সজাগতা , বৌদ্ধিক তীক্ষ্ণতা, আৰু সমস্যা সমাধান কৰিব পৰা ক্ষমতা বিকাশ সাধন কৰে।
3. সহঃ পাঠ্যক্ৰম কাৰ্যসূচীয়ে পৰম্পৰাগত পাঠ্যক্ৰমে সৃষ্টি কৰা আমনিদায়ক পৰিৱেশ আঁতৰাই ছাত্ৰ ছাত্ৰী সকলক নতুন উদ্যমেৰে অধ্যয়ন কৰিবলৈ প্ৰেৰণা দিয়ে।
4.সহঃ পাঠ্যক্ৰম কাৰ্যসূচী ছাত্ৰ ছাত্ৰীক স্বাধীন আৰু স্বতঃ স্ফুত ভাবে আত্ম প্ৰকাশ কৰিবলৈ আৰু আত্ম উপলব্ধি কৰিবলৈ সুবিধা দিয়ে। যিটো বিদ্যালয় শিক্ষাৰ বাবে অতি প্ৰয়োজনীয়।
বিদ্যালয় খনৰ শিক্ষা ব্যৱস্থাক উন্নত আৰু বিকাশ কৰি তুলিবৰ বাবে সহঃ পাঠ্যক্ৰম কাৰ্যসূচী এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সহঃ পাঠ্যক্ৰম কাৰ্যসূচী শিক্ষা প্ৰক্ৰিয়াটোক আকৰ্ষনীয় কৰি তোলাত সহায় কৰে। আৰু শিক্ষাৰ্থী সকলক শিক্ষা লাভৰ কাৰণে আগ্ৰহী কৰি তোলে।
5। ৰাষ্ট্ৰীয় শিক্ষা, গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ চাৰিটা প্ৰধান কাৰ্য লিখা।
( 2015 )
উত্তৰঃ ভাৰতবৰ্ষৰ স্কুলীয়া শিক্ষাৰ মানদণ্ড উন্নত কৰিবৰ বাবে 1961 চনৰ 1ছেপ্তেম্বৰ ত নতুন দিল্লীত ৰাষ্ট্ৰীয় শিক্ষা, গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ গঠন কৰা হৈছিল। এই পৰিষদে ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন দপ্তৰৰ উপদেষ্টা হিচাপে কাৰ্য পৰিচালনা কৰে। স্কুলীয়া শিক্ষা শিক্ষকৰ শিক্ষা আৰু প্ৰশিক্ষণ ৰ ক্ষেত্ৰত পৰিকল্পনা স্তৰৰ পৰা মূল্যায়নৰ স্তৰলৈকে সকলো বিষয় পৰিষদত অন্তৰ্ভুক্ত কৰিছে।
ৰাষ্ট্ৰীয় শিক্ষা, গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ চাৰিটা প্ৰধান কাৰ্য হল –
পাঠ্যক্ৰম, নিৰ্দেশনা সামগ্রী , শিক্ষণ পদ্ধ্তি , মূল্যায়ন কৌশল, শিক্ষণ সজুঁলি , বিভিন্ন শিক্ষা সামগ্ৰী আৰু শিক্ষণৰ সম্পদ সমূহৰ উন্নতি কাৰণ কৰা
2. শিক্ষক, আৰু শিক্ষাৰ লগত জড়িত সকলো ব্যক্তিৰে চাকৰিকালীন আৰু প্ৰাক চাকৰিকালীন প্ৰশিক্ষণৰ ব্যবস্থা কৰা।
3.ভাৰতবৰ্ষ ৰ শিক্ষাৰ উন্নতি আৰু সম্প্ৰসাৰণৰ বাবে শৈক্ষিক প্ৰযুক্তিৰ বহল প্ৰচলন আৰু ব্যৱহাৰৰ ব্যবস্থা কৰা ।
4.NCERT য়ে ছাত্ৰ আৰু ছাত্ৰীৰ বাবে স্কুলীয়া পাঠ্য পুথি , সাধাৰণ কিতাপ , শিক্ষামূলক আলোচনী , আৰু গৱেষণা মূলক সাহিত্য আদি প্ৰস্তুত কৰে।
. ৰাষ্ট্ৰীয় শিক্ষা, গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ বিদ্যালয় আৰু তাৰ লগত জড়িত সকলো মানৱ সম্পদ উন্নয়ন বাবে প্ৰয়োজনীয় সকলো কাৰ্যকে অন্তৰ্ভুক্ত কৰি লয় ।
6। সামাজিক অনুষ্ঠৈান হিচাপে বিদ্যালয়ৰ ভূমিকা আলোনা কৰা।
( 2000 )
উত্তৰঃ বিদ্যালয় হৈছে সমাজৰ এখন গুৰুত্বপূৰ্ণ অনুষ্ঠান । বিদ্যালয় হৈছে সমাজৰ বাবে মানব সম্পদ গঢ়ি তোলা এটা গুৰুত্বপূৰ্ণ অনুষ্ঠান। সমাজ এখনৰ সম্পূৰ্ণ বিকাশ সাধন কৰাৰ ক্ষেত্ৰত বিদ্যালয় ভূমিকা অনবদ্য। সামাজিক অনুষ্ঠান হিচাপে বিদ্যালয় ভূমিকা অতি গুৰুত্বপূৰ্ণ –
১. বিভিন্ন সামাজিক অনুষ্ঠান সমূহ বিদ্যালয়ত অনুষ্ঠিত কৰি তাত লোকসকলক অংশ গ্ৰহণ কৰাৰ সুবিধা দিয়ে । আৰু তেওঁলোকৰ বিভিন্ন দিশত থকা অভিজ্ঞতা বিষয়ে আলোচনা কৰা হয়।
২. বিদ্যালয় জৰিয়তে শিক্ষাৰ্থী সকলক সামাজিক ক্ৰিয়া কলাপত অংশ গ্ৰহন কৰিবলৈ উপযুক্ত ভাবে গঢ়ি তুলিব পাৰি।
৩. বিদ্যালয়ে পৰিয়াল কল্যাণ , ড্ৰাগছ ৰ পৰা হব পৰা বিপদ, চাফ- চিকুনতাৰ আৱশ্যকতাৰ ওপৰত সমাজ কল্যাণ মূলক আচঁনি সমূহৰ ওপৰত কাম কৰে। ৪. মানুহৰ মনৰ পৰা সামাজিক অন্ধ বিশ্বাস আৰু ঠেক মনোভাৱ আঁতৰ কৰাৰ বাবে বিদ্যালয়ৰ ভূমিকা অপৰিসীম।
৫. সমাজৰ স্থানীয় সম্পদ সমূহৰ সদ ব্যবহাৰ কৰিবলৈ উপযুক্ত শিক্ষা বিদ্যালয়ৰ পৰাই শিশু সকলে লাভ কৰে।
সামাজ এখনৰ সকলো দিশৰ পৰা বিকাশ সম্ভব কৰিবলৈ বিদ্যালয়ৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। বিদ্যালয় জৰিয়তে শিক্ষাৰ্থীক সামাজিক ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰি ।
7। মনত শুদ্ধ ধাৰণা গঢ়ি তুলিবৰ বাবে এজন শিক্ষকে গ্ৰহণ কৰা পাঁচটা ব্যৱস্থা কৰা।
( 2009 )
উত্তৰঃ শিক্ষকে শিক্ষাৰ্থীৰ ভৱিষ্যত গঠনকাৰী হিচাপে কাম কৰে। যিহেতু বিদ্যালয় এখনত শিশু সকলে শিক্ষা লাভ কৰি সিহঁতৰ বিকাশ হৈ আহে। সেয়েহে তেওঁলোকৰ মনত শুদ্ধ ধাৰণা গঢ়াৰ ক্ষেত্ৰত শিক্ষকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
১. শিক্ষকে বিষয়বস্তু ওপৰত শুদ্ধ আৰু ব্যাপক জ্ঞান দিব লাগে। তেতিয়াহে শিক্ষাৰ্থী সকলে বিষয়বস্তু ওপৰত প্ৰয়োজনীয় জ্ঞান লাভ কৰি উঠিব আৰু বিষয় বস্তুৰ ওপৰত কোনো ধৰণৰ সমস্যা নাথাকিব ।
২.মনত শুদ্ধ ধাৰণা গঢ়ি তুলিবৰ বাবে এজন শিক্ষকে সহ পাঠ্যক্ৰম কাৰ্য সূচী ব্যবহাৰ কৰিব পাৰে। সহ পাঠ্যক্ৰম কাৰ্যসূচী সমূহে শিক্ষাৰ্থীৰ সকলো দিশৰ বিকাশত সহায় কৰে। আৰু শিক্ষাৰ প্ৰতি তেওঁলোকক উৎসাহী কৰি তোলে।
৩. ৰেডিঅ দূৰদৰ্শন আৰু গন মাধ্যম আদি শিক্ষকে শিক্ষণ প্ৰক্ৰিয়াত উচিত ব্যবহাৰ কৰি শিশুৰ মনত শুদ্ধ ধাৰণা গঢ়ি তুলিব পাৰে।
৪. উপযুক্ত কিতাপ পত্ৰ ব্যবহাৰ কৰি শিক্ষকে শিশুৰ মনত শুদ্ধ ধাৰণা গঢ়ি তুলিব পাৰে। পাঠ্যক্ৰম উচিত অভিজ্ঞতা আৰু জ্ঞান লাভ ৰ একমাত্ৰ আহিলা।
৫. শিক্ষকে সামাজিক স্থানীয় উৎসৱ সমূহ বিদ্যালয়ত অনুষ্ঠিত কৰি উৎসৱ সমূহৰ গুৰুত্ব আৰু তাৰ প্ৰয়োজনীয়তা শুদ্ধ ধাৰণা শিশুৰ মনত গঢ়ি তুলিব পাৰে।
উপৰত উল্লেখিত উপায় সমূহ ব্যবহাৰ কৰি শিক্ষকে শিশুৰ মনত শুদ্ধ ধাৰণা গঢ়ি তুলিব পাৰে। শুদ্ধ ধাৰণা থাকিলেহে শিশুৰ শুদ্ধ বিকাশ সম্ভব হৈ পৰে।
8. কম্পিউটাৰৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।
( 2015 )
উত্তৰঃ কম্পিউটাৰ অভিধাটো ‘কম্পিউট’ অভিধাটো লগত ঘনিষ্ঠ ভাবে জঢ়িত যাৰ অৰ্থ হল গণনাৰ মাধ্যমেৰে সিদ্ধান্ত উপনীত হোৱা। প্ৰযুক্তি বিদ্যাৰ ক্ষেত্ৰত। কম্পিউটাৰ এবিধ বৈদ্যুতিক শক্তিচালিত যন্ত্ৰ । কম্পিউটাৰত বহু সংখ্যক খবৰ সংৰক্ষণ কৰিব পাৰি প্ৰয়োজন অনুসৰি উলিয়াই আনি ব্যৱহাৰ কৰিব পাৰি। ১৭৯১-১৮৭১ চনৰ ভিতৰত চাৰ্লচ বেৱেজ নামৰ এজন ইংৰাজী লোকে কম্পিউটাৰ আৱিষ্কাৰ কৰিছিল। বৰ্তমান ১৯৮১ চনত IBM য়ে ঘৰ , অফিচ, আৰু স্কুলত ব্যবহাৰ কৰিবলৈ ব্যক্তিগত কম্পিউটাৰ আৱিষ্কাৰ কৰে।
কম্পিউটাৰৰ চাৰিটা বৈশিষ্ট্য হল –
১. কম্পিউটাৰ অতি দ্ৰুত গতিৰ যন্ত্ৰ। কম্পিউটাৰে একেটা গতিত অনবৰতে কাম কৰি থাকে।b
২. আভ্যন্তৰীণ আহিলা ৰ দ্বাৰা গ্ৰহণ কৰা তথ্য যদি শুদ্ধ থাকে তেনেহলে কম্পিউটাৰে কেতিয়াও ভুল তথ্য দাঙি নধৰে।
৩. কম্পিউটাৰে স্মৃতিৰ ভঁৰালত অসংখ্য তথ্য সংৰক্ষণ কৰি থব পাৰে।
৪. যদি এটা কাম কেইবাবাৰো কৰিব লগা হয় তেতিয়া হলে কম্পিউটাৰক এবাৰ মাত্ৰ নিৰ্দেশ দিলেহে হয়।
প্ৰযুক্তি বিদ্যাৰ এটা অনবদ্য অৱদান হৈছে কম্পিউটাৰ। বৰ্তমান সময়ত শিক্ষানুষ্ঠান সমূহত শিক্ষাৰ ক্ষেত্ৰত কম্পিউটাৰ ব্যবহাৰ কৰা দেখা যায়। দ্ৰুত গতিত তথ্য লাভ কৰাৰ ক্ষেত্ৰত কম্পিউটাৰ ব্যবহাৰ কৰা হয়।
9। সহ- পাঠ্য ক্ৰমিক কাৰ্যাৱলী মানে কি বুজা ? চাৰি প্ৰকাৰৰ সহ-পাঠ্যক্ৰমিক কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰা।
( 2019 )
উত্তৰঃ সহঃ পাঠ্যক্ৰম কাৰ্যসূচী শ্ৰেণী কোঠাৰ বাহিৰত সংঘটিত হয় আৰু ই ছাত্ৰ ছাত্ৰীৰ ব্যক্তিত্ব বিকাশত সহায় কৰে। শিশুৰ অন্তনিহিত গুণ ৰাজিৰ বিকাশ সাধন কৰা হল এই শিক্ষাৰ লক্ষ্য। সহঃ পাঠ্যক্ৰম কাৰ্যসূচী ছাত্ৰ ছাত্ৰী ক আত্ম প্ৰকাশৰ সুবিধা দিয়ে। সহঃ পাঠ্যক্ৰম কাৰ্যসূচী শিক্ষাৰ্থীৰ শাৰীৰিক, মানসিক, আধ্যাত্মিক, সামাজিক আৰু বিত্তীয় গুণৰাজি বিকাশত সহায় কৰে। সহ পাঠ্যক্ৰম কাৰ্য সূচীত অংশ গ্ৰহনে দৈনন্দিন শ্ৰেণী কাৰ্যতকৈ অধিক সুস্থ আৰু আকৰ্ষণীয় ব্যক্তিত্ব গঢ়ি তোলে।
চাৰি প্ৰকাৰৰ সহ- পাঠ্য ক্ৰমিক কাৰ্যাৱলী হল –
শাৰীৰিক কাৰ্যবলী – এই ধৰণৰ কাৰ্যই ছাত্ৰ ছাত্ৰীক শাৰীৰিক স্বাস্থ্য সুন্দৰ ভাবে বজাই ৰখাত সহায় কৰে আৰু শ্ৰেণী কোঠাৰ ভিতৰত বা বাহিৰত হোৱা খেল ধেমালি সমূহৰ সহায়ত তেওঁলোকৰ চালিকা শক্তি বৃদ্ধি পায়।
২ . শৈক্ষিক কাৰ্যৱলী – এনে ধৰণৰ কাৰ্যৱলী ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক সক্ষমতা যেনে – চিন্তা , যুক্তি আৰু সমস্যা সমাধান কৰিব পৰা গুণ ৰাজিৰ বিকাশ ঘটায়। আবৃত্তি, ৰচনা লিখা, তৰ্ক, আকস্মিক বক্তিতা আদি এইবিধ কাৰ্যৱলী ৰ লগত জঢ়িত।
৩. সামাজিক কাৰ্যৱলী- সামাজিক কাম কাজ সমূহে ছাত্ৰ ছাত্ৰীক সামাজিক ভাৱে পৈণত কৰি তোলে। ই ছাত্ৰ ছাত্ৰীৰ কিছুমান সামাজিক গুণ যেনে – সহযোগিতা, নেতৃত্ব দান ক্ষমতা , মূল্যবোধ আদিৰ বিকাশ ঘটায়। এন চি চি , ৰেড ক্ৰছ, স্কুলৰ চাফই কাম আদি সামাজিক কাৰ্যৱলী ভিতৰত পৰে।
৪. আবেগিক কাৰ্যৱলী – এই বিধ ক্ৰিয়াই ছাত্ৰ ছাত্ৰী ক আবেগিক ভাবে পৈণত কৰি তোলে । তেওঁলোকে সুস্থ ব্যক্তিত্ব গঢ়ি তোলাত সহায় কৰে। গান গোৱা, নৃত্য কৰা, বাদ্য যন্ত্ৰ বজোৱা, নাটক কৰা , ছবি অঁকা হাতেৰে বস্তু বনোৱা আদি কাম আবেগিক কাৰ্যৱলী অন্তৰ্গত।
বিদ্যালয় পৰিবেশত এই সহঃ পাঠ্যক্ৰম কাৰ্যসূচী সমূহৰ পালন কৰা হয়। যাৰ সহায়ত শিক্ষাৰ্থীৰ ব্যক্তিত্বৰ বিকাশ সম্ভব হৈ উঠে। আৰু এইবোৰে ছাত্ৰ ছাত্ৰী সকলক শিক্ষা গ্ৰহণৰ প্ৰতি আগ্ৰহী কৰি তোলে।
10। আৰ্দশ শিক্ষক এজনৰ পাঁচটা গুণ উল্লেখ কৰা।
( 2006 )
উত্তৰঃ শিক্ষক হৈছে ছাত্ৰ ছাত্ৰীৰ বাবে বন্ধু, দাৰ্শনিক আৰু পথ প্ৰদৰ্শক। শিক্ষকে ছাত্ৰ ছাত্ৰীৰ অভ্যাস, আচৰণ, স্বভাৱ চৰিত্ৰ আৰু ব্যক্তিত্ব ক গঢ় দি তোলে। যিহেতু শিক্ষকে শিক্ষাৰ্থীৰ ভৱিষ্যত গঠন কৰে সেয়েহে শিক্ষকৰ কিছুমান শিক্ষাগত যোগ্যতা থকা বাঞ্চনীয়। এজন ভাল শিক্ষক হবলৈ হলে তেওঁৰ কিছুমান ব্যক্তিগত আৰু বৃত্তি মূলক গুণ থাকিব লাগে। সেই গুণসমূহে শিক্ষক এজনক আদৰ্শ শিক্ষক হিচাপে চিনাকী দিয়ে। আৰু এজন আদৰ্শ শিক্ষকৰ গুণ সমূহ হল –
১.শিক্ষক বৃত্তি টোৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা থকা দৰকাৰ।শিক্ষক সকল নম্ৰ আৰু সজ আচৰণৰ অধিকাৰী হব লাগে। শিশুৰ. প্ৰতি তেওঁৰ এক স্বভাৱ সুলভ মৰম – ভালপোৱা থাকিব লাগে।
২.শিক্ষক সকল শাৰীৰিক আৰু মানসিকভাবে সুস্থ হব লাগে। তেওঁ সদায় নিয়মানুবৰ্তিত আৰু মৃদু হাস্য ৰসী ব্যক্তিত্বৰ অধিকাৰী হব লাগে।
৩.শ্ৰেণীত পাঠদান কৰাৰ আগতে শিক্ষকে নিজকে শ্ৰেণীটোৰ পৰিবেশৰ লগত খাপ খুৱাই লবলৈ প্ৰস্তুত হব লাগে। শ্ৰেণীত পাঠদান কৰাৰ আগত সেই পঠনীয় বিষয় টো শিক্ষক সকলে আগতীয়াকৈ প্ৰস্তুত কৰি লব লাগে ।
৪.শিক্ষকে সহ পাঠ্যক্ৰম সম্বন্ধীয় ক্ৰিয়া কলাপ আৰু স্কুলৰ বিভিন্ন অনুষ্ঠানৰ লগত নিজকে জড়িত কৰিব লাগে ।স্কুলৰ বিভিন্ন নিয়ম কানুণ শিক্ষক জনে মানি চলিব লাগে।
৫. শিশু মনোবিজ্ঞান আৰু শিক্ষা মনোবিজ্ঞান সম্বন্ধে শিক্ষকৰ জ্ঞান থকা উচিত। ই শিক্ষকজনক ছাত্ৰ ছাত্ৰীৰ বিভিন্ন সমস্যা বুজাত আৰু সঠিক সমাধান দিয়াত সফল কৰি তুলিব পাৰে।
এই গুণ সমূহ এজন শিক্ষকৰ তাত থকাটো অতি প্ৰয়োজনীয়। এই গুণসমূহ কাৰণে শিক্ষক জন আদৰ্শ শিক্ষক হিচাপে পৰিগনিত হয়।
11। বিদ্যালয় প্ৰতিষ্ঠান কি ? বিদ্যলয় প্ৰতিষ্ঠানৰ বৈষয়িক সম্পদৰ ওপৰত এটি চমু টোকা লিখা।
( এই প্ৰশ্নটো 2018 চনত আহিছিল )
উত্তৰঃ বিদ্যালয় গৃহ, মাটি বিদ্যালয়ৰ আচবাব, অন্য সা সজুলি, মানৱ সম্পদ যেনে – ছাত্ৰ ছাত্ৰী, শিক্ষক আৰু আন কৰ্মকৰ্তা সকলক অন্তৰ্ভুক্ত কৰা এটা বহল শব্দ হৈছে বিদ্যালয় প্ৰতিষ্ঠান। ই হৈছে শৈক্ষিক পৰিবেশৰ অপৰিহাৰ্য অংগ। এটা ভাল বিদ্যালয় প্ৰতিষ্ঠানে ফলদায়ক শিক্ষণত সহায় কৰে।
বিদ্যালয় প্ৰতিষ্ঠানে অন্তৰ্ভুক্ত কৰা কাৰক সমূহ হল
a. বৈষয়িক সম্পদ
b. মানব সম্পদ
c. পাঠ্যক্ৰম আৰু সহঃপাঠ্যক্ৰম কাৰ্যসূচী
-বিদ্যলয় প্ৰতিষ্ঠানৰ প্ৰধান বৈষয়িক সম্পদ সমূহ হল –
১. মাটি বা ভূখণ্ড
২. বিদ্যালয় গৃহ আৰু খেল পথাৰ
৩. শ্ৰেণীকোঠা
৪. পুথিভঁৰাল
৫. বিজ্ঞান পৰীক্ষা গাৰ
৬. আচবাব আৰু সঁজুলি
১ মাটি বা ভূখণ্ড –
a .মাটিৰ আকাৰ আয়ত ক্ষেত্ৰৰ দৰে হব লাগে। যাতে ভৱিষ্যতে প্ৰয়োজন হলে শ্ৰেণী কোঠা বঢ়োৱাৰ সুবিধা থাকে।
b.নিৰ্বাচিত মাটিডোখৰ শুকান, মুকলি, ওখ, ৰদ পৰা ঠাইত হব লাগে। তেনে ঠাইত পানী জমা হব নোৱাৰে আৰু ৰদ বতাহ চলাচল ভালদৰে হৈ থাকে।
c. নগৰৰ ঘন জন বসতি , জনপূৰ্ণ বা বজাৰ, কল- কাৰখানা , চিনেমা হল আদিৰ পৰা আঁতৰত নিৰ্জন ঠাইত বিদ্যালয় স্থাপন বাবে নিৰ্বাচন কৰিব লাগে।
২. বিদ্যালয় গৃহ আৰু খেল পথাৰ-
a. বিদ্যালয়ৰ ঘৰবোৰ I, L,U, E, H আখৰৰ আকৃতিৰ হব লাগে। E আকৃতিৰ বিদ্যালয় ঘৰ নিৰ্মাণ কৰাটো বেছি প্ৰয়োজনীয়।
b. বিদ্যালয় ঘৰটো ছাত্ৰ শিক্ষক আৰু সকলোৰে স্বাস্থ্য ৰক্ষা কৰিব পৰাকৈ শীত তাপ , পোহৰ আৰু বায়ু চলাচলৰ ব্যবস্থা কৰিব লাগে।
c. শিক্ষক আৰু ছাত্ৰ ছাত্ৰী সকলে যাতে মুক্ত ভাবে অহা যোৱা কৰিব পাৰে। তেনে ধৰণৰ বিদ্যালয় গৃহ নিৰ্মাণ কৰিব লাগে।
৩. শ্ৰেণী কোঠা –
a. শ্ৰেণীকোঠাত ৫০ জন ছাত্ৰ ছাত্ৰী ভালদৰে বহিব পৰা হব লাগে।
b. কোঠাত পোহৰ আৰু বায়ু চলাচলৰ সুবিধা থাকিব লাগে।
c. শ্ৰেণী কোঠাৰ বেৰ বোৰৰ ৰং এনে হব লাগে যাতে ই ছাত্ৰ ছাত্ৰী ৰ চকুত কোনো কু প্ৰভাৱ নেপেলায় ।
৪. পুথিভঁৰাল –
a. পুথভঁৰালত সকলো বয়সৰে ছাত্ৰ ছাত্ৰীৰ বাবে , শিক্ষক সকলৰ বাবে উপযোগী নিৰ্বাচিত কিতাপ থাকিব লাগে।
b. পুথভঁৰাল কিতাপ ৰাখিবৰ বাবে আলমাৰী, পঢ়িবৰ বাবে টেবুল বা ডেস্ক- বেঞ্চ ৰ ব্যবস্থা থাকিব লাগে।
C. বিদ্যালয়ৰ পুথভঁৰালৰ বাবে এজন প্ৰকৃত অৰ্হতা সম্পন্ন আৰু প্ৰশিক্ষণপ্ৰাপ্ত পুথিভঁৰালী প্ৰয়োজন।
৫. বিজ্ঞান পৰীক্ষাগাৰ –
a. ইয়াক মুখ্য বিদ্যালয় ঘৰৰ পৰা অলপ আঁতৰত স্থাপন কৰিব লাগে।
b. কোঠাত নিয়মিত ভাবে গেছ, পানী, বিদ্যুৎ যোগানৰ সুবিধা থাকিব লাগে।
৬.আচবাব আৰু সঁজুলি –
a. ডেক্স- বেঞ্চ , শিক্ষকৰ চকী- মেজ আৰু ব্লেকবোৰ্ড আদি
b. পৰীক্ষা গাৰৰ বাবে বৈজ্ঞানিক সা- সঁজুলি ।
c. পুথিভঁৰালৰ বাবে আৱশ্যকীয় আলমাৰি ।
বিদ্যালয় এখনৰ নিৰ্মাণ প্ৰক্ৰিয়া আৰু ইয়াৰ বিকাশত বৈষয়িক সম্পদ ভূমিকা অনবদ্য। বৈষয়িক সম্পদ সমূহৰ উপযুক্ত নিৰ্বাচন আৰু নিৰ্মাণ কাৰ্য্য ই শিক্ষা প্ৰক্ৰিয়া টো ফলপ্ৰসু হোৱাত সহায় কৰে।
12। ই-মেইলৰ চাৰিটা সুবিধা লিখা।
( এই প্ৰশ্নটো 2018 চনত আহিছিল )
উত্তৰঃ ই-মেইলৰ সম্পূৰ্ণ ৰূপটো হল – Electronic mail । ইলেকট্ৰনিক উপায়েৰে চিঠি প্ৰত্ৰ ৰ আদান প্ৰদান কৰা হৈছে . ই-মেইলৰ প্ৰধান কাম। এই পদ্ধতিটোত বাৰ্তা প্ৰেৰক আৰু বাৰ্তা গ্ৰহণকাৰী উভয়ৰে . ই-মেইল ঠিকনা থকা দৰকাৰ। তেওঁলোকৰ একোটা নিজস্ব পাছৱৰ্ড থাকিব লাগে । যিটোৱে তেওঁলোকৰ চিনাক্ত কৰণত সহায় কৰে। ইয়াক . ই-মেইল আই ডি বোলে। বাৰ্তাটো কম্পিউটাৰৰ কী বোৰ্ড ত মাত্ৰ টাইপ কৰিব লাগে। . ই-মেইল ঠিকনা টো প্ৰথমে লিখিব লাগে, গ্ৰহণকাৰীয়ে তেওঁৰ কম্পিউটাৰত . ই-মেইল আই ডী খুলিলে বাৰ্তাটো পঢ়িব পাৰে। এই ক্ষেত্ৰত তেওঁৰ পাছৱৰ্ড টো ব্যবহাৰ কৰিব লাগে।
. ই-মেইলৰ সুবিধা সমূহ হল-
১. ডাক ব্যৱস্থাত কৈ . ই-মেইলে বহু বেছি দ্ৰুত গতিত কাম কৰে।
২., ইয়াত কোনো ধৰণৰ ডাক টিকটৰ প্ৰয়োজন নহয়। যোগাযোগৰ ই অতি কম খৰচী ব্যবস্থা।
৩. এক মূহুৰ্তত ভিতৰত বাৰ্তা প্ৰেৰন আৰু গ্ৰহণ কাৰ্য সম্পাদিত হয়।
৪. . ই-মেইলৰ জৰিয়তে পৃথিৱীৰ যিকোনো প্ৰান্তৰ যিকোনো ব্যক্তিৰ লগত যোগাযোগ কৰিব পাৰি।
বৰ্তমান সময়ত . ই-মেইলৰ ব্যবহাৰ আৰু ইয়াৰ গুৰুত্ব বৃদ্ধি পায় আহিছে। . ই-মেইলৰ সহায়ত মানুহে কম সময়তে বিভিন্ন বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে। আৰু শিক্ষানুষ্ঠানত . ই-মেইলৰ সহায়ত ছাত্ৰ ছাত্ৰী সকলে কম সময় আৰু কম খৰচতে বিচৰা সকলো প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিছে।
13। সহ-পাঠ্যক্ৰমিক কাৰ্যাৱলীৰ পাঁচটা প্ৰকাৰ উল্লেখ কৰা ? সহ- পাঠ্যক্ৰমিক কাৰ্যাৱলীৰ চাৰি / পাঁচটা সুবিধা উল্লেখ কৰা।
( এই প্ৰশ্নটো 2005, 2007, 2008 আৰু 2010 চনত আহিছিল।
উত্তৰঃ সহ পাঠ্যক্ৰম কাৰ্যসূচী শ্ৰেণী কোঠাৰ বাহিৰত সংঘটিত হয় আৰু ই ছাত্ৰ ছাত্ৰীৰ ব্যক্তিত্ব বিকাশত সহায় কৰে। শিশুৰ অন্তনিহিত গুণ ৰাজিৰ বিকাশ সাধন কৰা হল এই শিক্ষাৰ লক্ষ্য। সহঃ পাঠ্যক্ৰম কাৰ্যসূচী ছাত্ৰ ছাত্ৰী ক আত্ম প্ৰকাশৰ সুবিধা দিয়ে। সহঃ পাঠ্যক্ৰম কাৰ্যসূচী শিক্ষাৰ্থীৰ শাৰীৰিক, মানসিক, আধ্যাত্মিক, সামাজিক আৰু বিত্তীয় গুণৰাজি বিকাশত সহায় কৰে। সহ পাঠ্যক্ৰম কাৰ্য সূচীত অংশ গ্ৰহনে দৈনন্দিন শ্ৰেণী কাৰ্যতকৈ অধিক সুস্থ আৰু আকৰ্ষণীয় ব্যক্তিত্ব গঢ়ি তোলে।
. সহ-পাঠ্যক্ৰমিক কাৰ্যাৱলীৰ পাঁচটা প্ৰকাৰ হল –
১. শাৰীৰিক কাৰ্যবলী – এই ধৰণৰ কাৰ্যই ছাত্ৰ ছাত্ৰীক শাৰীৰিক স্বাস্থ্য সুন্দৰ ভাবে বজাই ৰখাত সহায় কৰে আৰু শ্ৰেণী কোঠাৰ ভিতৰত বা বাহিৰত হোৱা খেল ধেমালি সমূহৰ সহায়ত তেওঁলোকৰ চালিকা শক্তি বৃদ্ধি পায়।
২ . শৈক্ষিক কাৰ্যৱলী – এনে ধৰণৰ কাৰ্যৱলী ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক সক্ষমতা যেনে – চিন্তা , যুক্তি আৰু সমস্যা সমাধান কৰিব পৰা গুণ ৰাজিৰ বিকাশ ঘটায়। আবৃত্তি, ৰচনা লিখা, তৰ্ক, আকস্মিক বক্তিতা আদি এইবিধ কাৰ্যৱলী ৰ লগত জঢ়িত।
৩. সামাজিক কাৰ্যৱলী- সামাজিক কাম কাজ সমূহে ছাত্ৰ ছাত্ৰীক সামাজিক ভাৱে পৈণত কৰি তোলে। ই ছাত্ৰ ছাত্ৰীৰ কিছুমান সামাজিক গুণ যেনে – সহযোগিতা, নেতৃত্ব দান ক্ষমতা , মূল্যবোধ আদিৰ বিকাশ ঘটায়। এন চি চি , ৰেড ক্ৰছ, স্কুলৰ চাফই কাম আদি সামাজিক কাৰ্যৱলী ভিতৰত পৰে।
৪. আবেগিক কাৰ্যৱলী – এই বিধ ক্ৰিয়াই ছাত্ৰ ছাত্ৰী ক আবেগিক ভাবে পৈণত কৰি তোলে । তেওঁলোকে সুস্থ ব্যক্তিত্ব গঢ়ি তোলাত সহায় কৰে। গান গোৱা, নৃত্য কৰা, বাদ্য যন্ত্ৰ বজোৱা, নাটক কৰা , ছবি অঁকা হাতেৰে বস্তু বনোৱা আদি কাম আবেগিক কাৰ্যৱলী অন্তৰ্গত।
৫. মানসিক কাৰ্যৱলী – এই বোৰ ক্ৰিয়াৰ জৰিজতে ছাত্ৰ ছাত্ৰীৰ মানসিক দিশ সমূহৰ বিকাশ সাধন সম্ভৱ হৈ উঠে। তেওঁলোকে নিজৰ মানসিক সমস্যা সমূহ সমাধান কৰিব পৰা হয় আৰু মানসিক দিশত পৰিপক্ক হৈ উঠে। ডবা খেল, কিছূমান সৃজনাত্মক কাৰ্যসূচী আদি সহ পাঠ্যক্ৰম কাৰ্যসূচী সমূহ মানসিক কাৰ্যৱলীৰ অন্তৰ্গত।
সহ-পাঠ্যক্ৰমিক কাৰ্যাৱলীৰ সুবিধা সমূহ হল –
1. সহঃ পাঠ্যক্ৰম কাৰ্যসূচীই ছাত্ৰ ছাত্ৰীৰ জন্মগত প্ৰতিভা সমূহ চিনাক্ত কৰাত আৰু ইয়াৰ যথোপযুক্ত বিকাশ সাধন কৰাত সহায় কৰে।
2. সহঃ পাঠ্যক্ৰম কাৰ্যসূচীই ছাত্ৰ ছাত্ৰীৰ মানসিক সজাগতা , বৌদ্ধিক তীক্ষ্ণতা, আৰু সমস্যা সমাধান কৰিব পৰা ক্ষমতা বিকাশ সাধন কৰে।
3. সহঃ পাঠ্যক্ৰম কাৰ্যসূচীয়ে পৰম্পৰাগত পাঠ্যক্ৰমে সৃষ্টি কৰা আমনিদায়ক পৰিৱেশ আঁতৰাই ছাত্ৰ ছাত্ৰী সকলক নতুন উদ্যমেৰে অধ্যয়ন কৰিবলৈ প্ৰেৰণা দিয়ে।
4.সহঃ পাঠ্যক্ৰম কাৰ্যসূচী ছাত্ৰ ছাত্ৰীক স্বাধীন আৰু স্বতঃ স্ফুত ভাবে আত্ম প্ৰকাশ কৰিবলৈ আৰু আত্ম উপলব্ধি কৰিবলৈ সুবিধা দিয়ে। যিটো বিদ্যালয় শিক্ষাৰ বাবে অতি প্ৰয়োজনীয়।
5..সহঃ পাঠ্যক্ৰম কাৰ্যসূচী সমূহৰ সহায়ত শিশুয়ে আবেগ সমূহৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব পৰা হয়। আৰু শিশুৰ আবেগিক পৈণতা লাভ কৰে ।
বিদ্যালয় খনৰ শিক্ষা ব্যৱস্থাক উন্নত আৰু বিকাশ কৰি তুলিবৰ বাবে সহঃ পাঠ্যক্ৰম কাৰ্যসূচী এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সহঃ পাঠ্যক্ৰম কাৰ্যসূচী শিক্ষাৰ্থী সকলক শিক্ষা লাভৰ কাৰণে আগ্ৰহী কৰি তোলে। আৰু ছাত্ৰ ছাত্ৰীৰ বিকাশ ত সহায় কৰে।
14। এজন ভাল শিক্ষকৰ গুণসমূহ আলোচনা কৰা।
( এই প্ৰশ্নটো 2015 চনত আহিছিল )
উত্তৰঃ এখন পূৰ্ণাংগ স্কুল প্ৰতিষ্ঠাৰ বাবে আটাইতকৈ প্ৰয়োজনীয় মানৱ সম্পদ হল – শিক্ষক । শিক্ষক হৈছে ছাত্ৰ ছাত্ৰীৰ বাবে বন্ধু, দাৰ্শনিক আৰু পথ প্ৰদৰ্শক। শিক্ষকে ছাত্ৰ ছাত্ৰীৰ অভ্যাস, আচৰণ, স্বভাৱ চৰিত্ৰ আৰু ব্যক্তিত্ব ক গঢ় দি তোলে। যিহেতু শিক্ষকে শিক্ষাৰ্থীৰ ভৱিষ্যত গঠন কৰে সেয়েহে শিক্ষকৰ কিছুমান শিক্ষাগত যোগ্যতা থকা বাঞ্চনীয়। এজন ভাল শিক্ষক হবলৈ হলে তেওঁৰ কিছুমান ব্যক্তিগত আৰু বৃত্তি মূলক গুণ থাকিব লাগে। সেই গুণ বোৰ হল –
শিক্ষকৰ ব্যক্তিমূলক গুণ –
১.শিক্ষক বৃত্তি টোৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা থকা দৰকাৰ।
২. প্ৰতি তেওঁৰ এক স্বভাৱ সুলভ মৰম – ভালপোৱা থাকিব লাগে।
৩. শিক্ষক সকল নম্ৰ আৰু সজ আচৰণৰ অধিকাৰী হব লাগে।
৪. সকল শাৰীৰিক আৰু মানসিকভাবে সুস্থ হব লাগে।
৫. তেওঁ সদায় নিয়মানুবৰ্তিত ৰো মৃদু হাস্য ৰসী ব্যক্তিত্বৰ অধিকাৰী হব লাগে।
শিক্ষকৰ বৃত্তি মূলক গুন –
১. শিক্ষণ পদ্ধ্তিৰ ওপৰত সম্যক জ্ঞান -শিক্ষকে ছাত্ৰ ছাত্ৰী ক জ্ঞান দান কৰিবলৈ প্ৰকৃত পদ্ধতি গ্ৰহণ কৰা উচিত । তেতিয়াহে তেওঁৰ শিক্ষকতা বেছি ফলদায়ক হৈ উঠিব ।
২. পৰিকল্পনা আৰু প্ৰস্তুতি- শ্ৰেণীত পাঠদান কৰাৰ আগতে শিক্ষকে নিজকে শ্ৰেণীটোৰ পৰিবেশৰ লগত খাপ খুৱাই লবলৈ প্ৰস্তুত হব লাগে। শ্ৰেণীত পাঠদান কৰাৰ আগত সেই পঠনীয় বিষয় টো শিক্ষক সকলে আগতীয়াকৈ প্ৰস্তুত কৰি লব লাগে ।
৩. নীতি নিয়মৰ প্ৰতি সজাগতা – স্কুলৰ বিভিন্ন নিয়ম কানুণ শিক্ষক জনে মানি চলিব লাগে।
৪. শিশু মনোবিজ্ঞানৰ ওপৰত থকা জ্ঞান – শিশু মনোবিজ্ঞান আৰু শিক্ষা মনোবিজ্ঞান সম্বন্ধে শিক্ষকৰ জ্ঞান থকা উচিত। ই শিক্ষকজনক ছাত্ৰ ছাত্ৰীৰ বিভিন্ন সমস্যা বুজাত আৰু সঠিক সমাধান দিয়াত সফল কৰি তুলিব পাৰে।
৫. সহ পাঠ্যক্ৰম সম্বন্ধীয় ক্ৰিয়া কলাপৰ ওপৰত থকা আগ্ৰহ – শিক্ষকে সহ পাঠ্যক্ৰম সম্বন্ধীয় ক্ৰিয়া কলাপ আৰু স্কুলৰ বিভিন্ন অনুষ্ঠানৰ লগত নিজকে জড়িত কৰিব লাগে ।
শিক্ষা প্ৰক্ৰিয়াটো ফলপ্ৰসু কৰিবলৈ শিক্ষকৰ ব্যক্তিগত আৰু বৃত্তীয় গুণ থকাটো দৰকাৰ। এই গুণসমূহে শিক্ষক জনক অভিজ্ঞ কৰি তোলে।
15। সহপাঠ্যক্ৰমিক কাৰ্যসূচীৰ দুটা প্ৰধান উদ্দেশ্য চমুকৈ ব্যাখ্যা কৰা।
( এই প্ৰশ্নটো 2018 চনত আহিছিল )
উত্তৰঃ সহঃ পাঠ্যক্ৰম কাৰ্যসূচী শ্ৰেণী কোঠাৰ বাহিৰত সংঘটিত হয় আৰু ই ছাত্ৰ ছাত্ৰীৰ ব্যক্তিত্ব বিকাশত সহায় কৰে। শিশুৰ অন্তনিহিত গুণ ৰাজিৰ বিকাশ সাধন কৰা হল এই শিক্ষাৰ লক্ষ্য। সহঃ পাঠ্যক্ৰম কাৰ্যসূচী ছাত্ৰ ছাত্ৰী ক আত্ম প্ৰকাশৰ সুবিধা দিয়ে। সহঃ পাঠ্যক্ৰম কাৰ্যসূচী শিক্ষাৰ্থীৰ শাৰীৰিক, মানসিক, আধ্যাত্মিক, সামাজিক আৰু বিত্তীয় গুণৰাজি বিকাশত সহায় কৰে।
সহপাঠ্যক্ৰমিক কাৰ্যসূচীৰ দুটা প্ৰধান উদ্দেশ্য হল –
১. আজৰি সময়ত সৎ ব্যবহাৰ -সহপাঠ্যক্ৰমিক কাৰ্যসূচীয়ে আজৰি সময়খিনি কটোৱাৰ বাবে কিছুমান কাৰ্যৱলী ব্যবহাৰ কৰে আৰু হেই কাৰ্যসূচী সমূহে শিক্ষাৰ্থীৰ আমনিদায়ক পৰিৱেশ নোহোৱা কৰে আৰু শিক্ষা গ্ৰহণৰ বাবে আগ্ৰহী কৰি তোলে। স্বাস্থ্য সুন্দৰ ভাবে বজাই ৰখাৰ বাবে শ্ৰেণী কোঠাৰ ভিতৰত বা বাহিৰত হোৱা খেল ধেমালি , আবৃত্তি, ৰচনা লিখা, তৰ্ক,গান গোৱা, নৃত্য কৰা, বাদ্য যন্ত্ৰ বজোৱা, নাটক কৰা , কাৰ্যসূচী ব্যবহাৰ কৰে। ছাত্ৰ ছাত্ৰী সকলৰ সুপ্ত হৈ থকা অভিক্ষমতা সমূহ চিনাক্ত কৰি উপযুক্ত প্ৰশিক্ষণ দিয়াটো সহপাঠ্যক্ৰমিক কাৰ্যসূচীৰ মূল উদ্দেশ্য ।
২. সামাজিক জীৱনৰ বাবে প্ৰস্তুতি – সহপাঠ্যক্ৰমিক কাৰ্যসূচীৰ সহায়ত ছাত্ৰ ছাত্ৰী সকলক আত্মবিশ্বাসী, আত্ম অনুশাসন, সহনশিল, আনৰ প্ৰতি সহানুভূতি আদি গুণসমূহ ৰ বিকাশ সাধন কৰাটো সহপাঠ্যক্ৰমিক কাৰ্যসূচীৰ উদেশ্য। ছাত্ৰ ছাত্ৰীৰ মনত গণতান্ত্ৰিক মূল্যবোধ ৰ বীজ ৰোপন কৰে । সামাজিক জীৱনৰ বাবে উপযুক্ত হিচাপে গঢ়ি তোলা টো সহপাঠ্যক্ৰমিক কাৰ্যসূচীৰ মূল লক্ষ্য।
16। পাঠ্যক্ৰম ৰচনাৰ ছয়টা প্ৰধান নীতি আলোচনা কৰা।
( এই প্ৰশ্নটো 2015 চনত আহিছিল )
উত্তৰঃ পাঠ্যক্ৰম হল শিক্ষাৰ্থীৰ পঢ়িবলগীয়া বিষয় বা সুনিৰ্বাচিত বিষয়াবলী অৰ্থাৎ কোন শ্ৰেণীত কি পঢ়োৱা হব সেই কথা পাঠ্যক্ৰম বুলি কোৱা হয়। পাঠ্যক্ৰম অবিহনে বিদ্যালয় ৰ শিক্ষা প্ৰক্ৰিয়াটো স্থবিৰ হৈ পৰে। শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণৰ কালছোৱাত নিৰ্দিষ্ট সময় সীমাৰ ভিতৰত সম্পূৰ্ণ কৰি তুলিব লগীয়া কাৰ্যসূচী সমূহেই হৈছে পাঠ্যক্ৰম।
পাঠ্যক্ৰম প্ৰস্তুতিৰ ছয়টা নীতি হল –
1.শিশু কেন্দ্ৰিক নীতি – আধুনিক শিক্ষাক শিশু কেন্দ্ৰিক শিক্ষা বুলি কোৱা হয়। সেয়েহে পাঠ্যক্ৰম প্ৰস্তুত কৰা সময়ত লৰা ছোৱালী ৰ প্ৰয়োজন সমূহ আৰু পৰিঘটনা সমূহৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। শিশুক বিভিন্ন বিষয়ৰ পৰামৰ্শ দিয়াত কৈ অৰ্থ পূৰ্ণ অভিজ্ঞতাৰ যোগান ধৰা উচিত।
2.অৱসৰৰ বাবে প্ৰস্তুতি নীতি – পাঠ্যক্ৰম এনেদৰে প্ৰস্তুত কৰিব লাগে যাতে ছাত্ৰ ছাত্ৰী সকলে তেওঁলোকৰ অৱসৰ সময় খিনি সৎ ভাবে ব্যৱহাৰ কৰিব পাৰে । সেয়েহে পাঠ্যক্ৰমত সহ – পাঠ্যক্ৰম কাৰ্যসূচীৰ ব্যবস্থা থাকিব লাগে ।
3. সমাজকেন্দ্ৰিক নীতি – বৰ্তমান শিশু এটা ভৱিষ্যত সমাজৰ এজন দায়িত্বশিল নাগৰিক । সেইকাৰণে , শিক্ষাই শিশুক সমাজৰ বাবে সফল হিচাপে সাজু কৰি তুলিব লাগে।
4. নমনীয়তাৰ নীতি – পাঠ্যক্ৰম নমনীয় আৰু গতিশীল হব লাগে। সময় পৰিবৰ্তনৰ লগে লগে পাঠ্যক্ৰম ও পৰিবৰ্তন হোৱা উচিত।
5.সহ সম্বন্ধৰ নীতি – স্কুলৰ বিভিন্ন বিষয় সমূহ সম্পূৰ্ণ সমূহ পৃথক পৃথক ভাবে শিকোৱা উচিত নহয় । পাঠ্যক্ৰম কাৰ্যসূচীৰ মাজত সমন্বয় আৰু সংহতি স্থাপন কৰি ছাত্ৰ ছাত্ৰীক সম্পূৰ্ণ বাস্তৱ অভিজ্ঞতাৰ যোগান ধৰা উচিত।
6. বিষয়ৰ অন্তৰ্ভুক্তি বিস্তৃত কৰা নীতি – পাঠ্যক্ৰমত বিভিন্ন ধৰণৰ বহুতো বিষয় অন্তৰ্ভুক্ত কৰা হব লাগে যাতে ই ব্যাক্তিৰ লগতে সমাজৰোঁ বিভিন্ন প্ৰয়োজন পূৰণ কৰিব পাৰে। আৰু অভিৰুচি অনুসৰি বিষয় নিৰ্বাচন কৰিব পাৰে।
মানুহৰ সামগ্ৰিক বিকাশৰ বাবে পাঠ্যক্ৰম অতি প্ৰয়োজনীয়। পাঠ্যক্ৰমে শিক্ষা প্ৰক্ৰিয়াক অৰ্থ প্ৰদান কৰে। আৰু শিক্ষা প্ৰক্ৰিয়াক সফল কৰি তোলাত পাঠ্যক্ৰমৰ ভূমিকা অনবদ্য। পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ সময়ত এই নীতি সমূহ মানি চলি পাঠ্যক্ৰম প্ৰস্তুত কৰিব লাগে। তেতিয়া ই ছাত্ৰ ছাত্ৰীৰ বাবে ফলপ্ৰসু হয়।
17। এজন ভাল শিক্ষকৰ ছয়টা বৃত্তিমূলক বা পেছাগত গুণ দাঙি ধৰে।
( এই প্ৰশ্নটো 2018 চনত আহিছিল )
উত্তৰঃ এখন পূৰ্ণাংগ স্কুল প্ৰতিষ্ঠাৰ বাবে আটাইতকৈ প্ৰয়োজনীয় মানৱ সম্পদ হল – শিক্ষক । শিক্ষক হৈছে ছাত্ৰ ছাত্ৰীৰ বাবে বন্ধু, দাৰ্শনিক আৰু পথ প্ৰদৰ্শক। শিক্ষকে ছাত্ৰ ছাত্ৰীৰ অভ্যাস, আচৰণ, স্বভাৱ চৰিত্ৰ আৰু ব্যক্তিত্ব ক গঢ় দি তোলে। যিহেতু শিক্ষকে শিক্ষাৰ্থীৰ ভৱিষ্যত গঠন কৰে সেয়েহে শিক্ষকৰ কিছুমান শিক্ষাগত যোগ্যতা থকা বাঞ্চনীয়। এজন ভাল শিক্ষক হবলৈ হলে তেওঁৰ কিছুমান বৃত্তি মূলক গুণ থাকিব লাগে। সেই গুণ বোৰ হল –
১. শিক্ষণ পদ্ধ্তিৰ ওপৰত সম্যক জ্ঞান -শিক্ষকে ছাত্ৰ ছাত্ৰী ক জ্ঞান দান কৰিবলৈ প্ৰকৃত পদ্ধতি গ্ৰহণ কৰা উচিত । তেতিয়াহে তেওঁৰ শিক্ষকতা বেছি ফলদায়ক হৈ উঠিব ।
২. পৰিকল্পনা আৰু প্ৰস্তুতি- শ্ৰেণীত পাঠদান কৰাৰ আগতে শিক্ষকে নিজকে শ্ৰেণীটোৰ পৰিবেশৰ লগত খাপ খুৱাই লবলৈ প্ৰস্তুত হব লাগে। শ্ৰেণীত পাঠদান কৰাৰ আগত সেই পঠনীয় বিষয় টো শিক্ষক সকলে আগতীয়াকৈ প্ৰস্তুত কৰি লব লাগে ।
৩. শিশু মনোবিজ্ঞানৰ ওপৰত থকা জ্ঞান – শিশু মনোবিজ্ঞান আৰু শিক্ষা মনোবিজ্ঞান সম্বন্ধে শিক্ষকৰ জ্ঞান থকা উচিত। ই শিক্ষকজনক ছাত্ৰ ছাত্ৰীৰ বিভিন্ন সমস্যা বুজাত আৰু সঠিক সমাধান দিয়াত সফল কৰি তুলিব পাৰে।
৪. সহ পাঠ্যক্ৰম সম্বন্ধীয় ক্ৰিয়া কলাপৰ ওপৰত থকা আগ্ৰহ – শিক্ষকে সহ পাঠ্যক্ৰম সম্বন্ধীয় ক্ৰিয়া কলাপ আৰু স্কুলৰ বিভিন্ন অনুষ্ঠানৰ লগত নিজকে জড়িত কৰিব লাগে ।
৫. নীতি নিয়মৰ প্ৰতি সজাগতা – স্কুলৰ বিভিন্ন নিয়ম কানুণ শিক্ষক জনে মানি চলিব লাগে।
৬. প্ৰসংশা আৰু শাস্তিৰ ন্যায়িক ব্যবহাৰ – শিক্ষক জনে প্ৰয়োজন মতেহে ছাত্ৰ ছাত্ৰীক প্ৰসংশা আৰু শাস্তি প্ৰদান কৰিব লাগে । প্ৰসংশা আৰু শাস্তিয়েই হৈছে শিক্ষকৰ হাতত থকা দুপাত অস্ত্ৰ ইয়াক তেওঁ ন্যায়িক ভাবে ব্যবহাৰ কৰিব লাগে।
এই বিত্তীয় গুণ সমূহ এজন শিক্ষকৰ তাত থকা অতি প্ৰয়োজনীয়। কাৰণ এজন গুণবান শিক্ষকে শিক্ষা প্ৰদান প্ৰক্ৰিয়া টো ভালদৰে চলাব পাৰে।
18। পাঠ্যক্ৰমৰ ৰচনাৰ চাৰিটা নীতি উল্লেখ কৰা।
( এই প্ৰশ্নটো 2018 চনত আহিছিল )
উত্তৰঃ পাঠ্যক্ৰম হল শিক্ষাৰ্থীৰ পঢ়িবলগীয়া বিষয় বা সুনিৰ্বাচিত বিষয়াবলী অৰ্থাৎ কোন শ্ৰেণীত কি পঢ়োৱা হব সেই কথা পাঠ্যক্ৰম বুলি কোৱা হয়। পাঠ্যক্ৰম ইংৰাজী প্ৰতিশব্দ “curriculum” শব্দ টো পুৰণি লেটিন ভাষাৰ”Currere” ৰ পৰা উৎপত্তি হৈছে। ইয়াৰ ইংৰাজী অৰ্থ হৈছে “race course” অৰ্থাৎ ঘোঁৰা দৌৰ দিয়া স্থান বা পৰিসীমা ।পাঠ্যক্ৰম অবিহনে বিদ্যালয় ৰ শিক্ষা প্ৰক্ৰিয়াটো স্থবিৰ হৈ পৰে। শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণৰ কালছোৱাত নিৰ্দিষ্ট সময় সীমাৰ ভিতৰত সম্পূৰ্ণ কৰি তুলিব লগীয়া কাৰ্যসূচী সমূহেই হৈছে পাঠ্যক্ৰম।
পাঠ্যক্ৰমৰ ৰচনাৰ চাৰিটা নীতি হল –
1.শিশু কেন্দ্ৰিক নীতি – আধুনিক শিক্ষাক শিশু কেন্দ্ৰিক শিক্ষা বুলি কোৱা হয়। সেয়েহে পাঠ্যক্ৰম প্ৰস্তুত কৰা সময়ত লৰা ছোৱালী ৰ প্ৰয়োজন সমূহ আৰু পৰিঘটনা সমূহৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। শিশুক বিভিন্ন বিষয়ৰ পৰামৰ্শ দিয়াত কৈ অৰ্থ পূৰ্ণ অভিজ্ঞতাৰ যোগান ধৰা উচিত।
2. নমনীয়তাৰ নীতি – পাঠ্যক্ৰম নমনীয় আৰু গতিশীল হব লাগে। সময় পৰিবৰ্তনৰ লগে লগে পাঠ্যক্ৰম ও পৰিবৰ্তন হোৱা উচিত।
3. উপযোগিতাৰ নীতি – পাঠ্যক্ৰমক বাস্তব আৰু উপযোগী কৰি তুলিবলৈ কৰ্ম অভিজ্ঞতা, কাৰিকৰী আৰু বিত্তীয় বিষয় সমূহক ইয়াৰ অন্তৰ্ভুক্ত কৰিব লাগে ।
4. অৱসৰৰ বাবে প্ৰস্তুতি নীতি – পাঠ্যক্ৰম এনেদৰে প্ৰস্তুত কৰিব লাগে যাতে ছাত্ৰ ছাত্ৰী সকলে তেওঁলোকৰ অৱসৰ সময় খিনি সৎ ভাবে ব্যৱহাৰ কৰিব পাৰে । সেয়েহে পাঠ্যক্ৰমত সহ – পাঠ্যক্ৰম কাৰ্যসূচীৰ ব্যবস্থা থাকিব লাগে ।
পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ সময়ত এই নীতি সমূহ মানি চলি পাঠ্যক্ৰম প্ৰস্তুত কৰিব লাগে। তেতিয়া ই ছাত্ৰ ছাত্ৰীৰ বাবে ফলপ্ৰসু হয়।
19. পুৰণি লেটিন ভাষাৰ কোনটো শব্দ পৰা উৎপত্তি হৈছে ?
( এই প্ৰশ্নটো 2008 চনত আহিছিল )
উত্তৰঃ- no
20। বিদ্যালয় পৰিৱেশত সাধাৰণতে পালন কৰা সহ- পাঠ্যমিক কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰা।
( এই প্ৰশ্নটো 2016 চনত আহিছিল )
উত্তৰঃ সহঃ পাঠ্যক্ৰম কাৰ্যসূচী শ্ৰেণী কোঠাৰ বাহিৰত সংঘটিত হয় আৰু ই ছাত্ৰ ছাত্ৰীৰ ব্যক্তিত্ব বিকাশত সহায় কৰে। শিশুৰ অন্তনিহিত গুণ ৰাজিৰ বিকাশ সাধন কৰা হল এই শিক্ষাৰ লক্ষ্য। সহঃ পাঠ্যক্ৰম কাৰ্যসূচী ছাত্ৰ ছাত্ৰী ক আত্ম প্ৰকাশৰ সুবিধা দিয়ে। সহঃ পাঠ্যক্ৰম কাৰ্যসূচী শিক্ষাৰ্থীৰ শাৰীৰিক, মানসিক, আধ্যাত্মিক, সামাজিক আৰু বিত্তীয় গুণৰাজি বিকাশত সহায় কৰে।
. বিদ্যালয় পৰিৱেশত সাধাৰণতে পালন কৰা সহ- পাঠ্যমিক কাৰ্যসূচী হল –
১. শাৰীৰিক কাৰ্যবলী – এই ধৰণৰ কাৰ্যই ছাত্ৰ ছাত্ৰীক শাৰীৰিক স্বাস্থ্য সুন্দৰ ভাবে বজাই ৰখাত সহায় কৰে আৰু শ্ৰেণী কোঠাৰ ভিতৰত বা বাহিৰত হোৱা খেল ধেমালি সমূহৰ সহায়ত তেওঁলোকৰ চালিকা শক্তি বৃদ্ধি পায়।
২ . শৈক্ষিক কাৰ্যৱলী – এনে ধৰণৰ কাৰ্যৱলী ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক সক্ষমতা যেনে – চিন্তা , যুক্তি আৰু সমস্যা সমাধান কৰিব পৰা গুণ ৰাজিৰ বিকাশ ঘটায়। আবৃত্তি, ৰচনা লিখা, তৰ্ক, আকস্মিক বক্তিতা আদি এইবিধ কাৰ্যৱলী ৰ লগত জঢ়িত।
৩. সামাজিক কাৰ্যৱলী- সামাজিক কাম কাজ সমূহে ছাত্ৰ ছাত্ৰীক সামাজিক ভাৱে পৈণত কৰি তোলে। ই ছাত্ৰ ছাত্ৰীৰ কিছুমান সামাজিক গুণ যেনে – সহযোগিতা, নেতৃত্ব দান ক্ষমতা , মূল্যবোধ আদিৰ বিকাশ ঘটায়। এন চি চি , ৰেড ক্ৰছ, স্কুলৰ চাফই কাম আদি সামাজিক কাৰ্যৱলী ভিতৰত পৰে।
৪. আবেগিক কাৰ্যৱলী – এই বিধ ক্ৰিয়াই ছাত্ৰ ছাত্ৰী ক আবেগিক ভাবে পৈণত কৰি তোলে । তেওঁলোকে সুস্থ ব্যক্তিত্ব গঢ়ি তোলাত সহায় কৰে। গান গোৱা, নৃত্য কৰা, বাদ্য যন্ত্ৰ বজোৱা, নাটক কৰা , ছবি অঁকা হাতেৰে বস্তু বনোৱা আদি কাম আবেগিক কাৰ্যৱলী অন্তৰ্গত।
বিদ্যালয় পৰিবেশত এই সহঃ পাঠ্যক্ৰম কাৰ্যসূচী সমূহৰ পালন কৰা হয়। যাৰ সহায়ত শিক্ষাৰ্থীৰ ব্যক্তিত্বৰ বিকাশ সম্ভব হৈ উঠে। আৰু এইবোৰে ছাত্ৰ ছাত্ৰী সকলক শিক্ষা গ্ৰহণৰ প্ৰতি আগ্ৰহী কৰি তোলে।
21। স্কুলত এজন শিক্ষকৰ দায়িত্ব আৰু কৰ্তব্যসমূহ ক কি ?
উত্তৰঃ শিক্ষক, ছাত্ৰ ছাত্ৰীৰ কাৰণে বন্ধু দাৰ্শনিক আৰু পথ প্ৰদৰ্শক । কিন্তু যোগ্য শিক্ষক সেইজন , যিজনে তেওঁৰ শিক্ষাৰ প্ৰতি থকা ভূমিকা সুন্দৰ ভাৱে বুজিব পাৰে আৰু নিজৰ বৃত্তিক ভাল পায় । শিক্ষকে তেওঁৰ কৰ্মত সফল হবৰ বাবে স্কুলত এজন শিক্ষকৰ কিছুমান দায়িত্ব আৰু কৰ্তব্য পালন কৰিব লগা হয় । সেইবোৰ হল –
1. শ্ৰেণী কোঠাত শিক্ষাদান কাৰ্য আৰম্ভ হোৱা আগতে শিক্ষকে শিকাব লগীয়া বিষয়টো পৰিকল্পনা কৰা উচিত।
2. ছাত্ৰ ছাত্ৰী ক সহ পাঠ্যক্ৰম কাৰ্যসূচীত অংশ গ্ৰহন কৰাৰ বাবে শিক্ষকে তেওঁলোকক উৎসাহিত কৰিব লাগে। তাৰ বাবে শিক্ষকে নিজকে কাৰ্য সূচী সমূহত অংশ গ্ৰহন কৰিলেহে এই কামত সফল হব।
3. শিক্ষকে শ্ৰেণীত শিকাবলগীয়া পাঠ সমূহৰ আৰু শৈক্ষিক পদ্ধতিৰ বিষয়ে পৰিকল্পনা কৰা উচিত। তেওঁ শ্ৰেণী কোঠাত কেনেধৰণৰ শিক্ষা সঁজুলি ব্যৱহাৰ কৰিব সেই সম্বন্ধে পৰিকল্পনা কৰি লোৱা প্ৰয়োজন। এই সমূহ কাম ছাত্ৰ ছাত্ৰীৰ বিকাশৰ স্তৰ অনুযায়ী হব লাগে।
- Get link
- X
- Other Apps


Comments
Post a Comment