মনোবিজ্ঞান আৰু শিক্ষা Part 6
- Get link
- X
- Other Apps
(3) বয়ঃসন্ধিকালৰ ল’ৰা-ছোৱালীসকলৰ প্ৰতি পিতৃ-মাতৃ আৰু শিক্ষকসকলৰ ভূমিকা সম্পৰ্কে লিখা।
( 2001 )
ANS : বয়ঃসন্ধিকালৰ ল’ৰা-ছোৱালীসকলৰ দৈহিক মানসিক পৰিবৰ্তন হৈ অহা দেখা যায়। লৰা ছোৱালী প্ৰজনানিক ক্ষমতা লাভ কৰে। বিপৰীত লিংগকমিত এই সময়ৰ বিশেষ লক্ষণ। ছোৱালী ঋতুমতী আৰু লৰা বিৰ্য্যধাৰী হৈ উঠে । সেয়েহে এই স্তৰত হোৱা পৰিবৰ্তন বোৰৰ বাবে লৰা ছোৱালী বোৰে বিভিন্ন পৰিস্থিতি আৰু সমস্যাৰ সন্মুখীন হৈ পৰে। সেইবাবে এই সময়ত ল’ৰা-ছোৱালীসকলৰ প্ৰতি পিতৃ-মাতৃ আৰু শিক্ষকসকলৰ ভূমিকা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা উচিত।
(a) কিশোৰ- কিশোৰী সকলৰ হোৱা দৈহিক পৰিবৰ্তনৰ বিষয়ে পিতৃ আৰু মাতৃয়ে তেওঁলোকক অৱগত কৰাব লাগে। যাতে দৈহিক পৰিবৰ্তন বোৰ ভালকে বুজি উঠি নিজকে সকলো পৰিস্থিতিত সমাযোজন কৰি তুলিব পাৰে।
(b) কৈশোৰ কালত এটা গুৰুত্বপূৰ্ণ সমস্যা হৈছে যৌন সমস্যা। যৌন উদ্দীপনা ৰ বাবে কিশোৰ সকলে নিজৰ আবেগ বোৰ নিয়ন্ত্ৰণ কৰিব পৰা কৈ উচিত জ্ঞান আৰু শিক্ষা ল’ৰা-ছোৱালীসকলক প্ৰতি পিতৃ-মাতৃ আৰু শিক্ষকসকলে দিব লাগে।
(c)অৱসৰ সময় বিনোদন কৰিবলৈ কিশোৰ কিশোৰীৰ বাবে উপযুক্ত শিক্ষা ব্যবস্থা নাথাকিলে তেওঁলোকৰ অফুৰন্ত শক্তি সামৰ্থবোৰ ভালদৰে ব্যবহাৰ কৰিব নোৱাৰে এনে অৱস্থাত তেওঁলোকে কেতিয়াবা অসামাজিক আৰু অপৰাধ জনিত কামত লিপ্ত হোৱা পৰিলক্ষিত হয়। সেয়েহে পিতৃ-মাতৃ আৰু শিক্ষকসকলে অৱসৰ সময়ৰ উপযুক্ত ব্যবহাৰৰ শিক্ষা দিব লাগে।
(4) শৈশৱকালৰ দুটা মনো-দৈহিক প্ৰয়োজন উল্লেখ কৰা।
( 2015 )
ANS : শৈশৱকালৰ দুটা মনো-দৈহিক প্ৰয়োজন হল –
(a) দৈহিক আদৰ- যত্নৰ প্ৰয়োজন – মানুহ জীৱ শ্ৰেষ্ঠ প্ৰাণী হলেও জন্মৰ পিছতে নিজে একো কৰিব নোৱাৰে । মানৱ শিশু দৈহিক ভাবে পৰনিৰ্ভৰশিল বাবে দৈহিক আদৰ যত্নৰ প্ৰয়োজন । শিশুৰ খোৱা- পিন্ধা , স্বাস্থ্য ৰক্ষা আদি সকলো ক্ষেত্ৰতে মাক – দেউতাক বা পৰিয়ালৰ আন লোক সকলে যত্ন কৰিব লগা হয় । দৈহিক অভাৱ পূৰণত মাকৰ ভূমিকা অপৰিসীম ।
(b) মৰমৰ প্ৰয়োজন – শিশুৱে সকলোৰে পৰা মৰম বিচাৰে । মৰম ভালপোৱা আদিয়ে শিশুক মানসিক আৰু আৱেগিক দিশত সহায় কৰে । মৰম চেনেহৰ জৰিয়তে সকলো কামতে সিঁহতৰ উৎসাহ, উদ্দীপনা বৃদ্ধি হয় । মনলৈ সাহস আহে। মৰমৰ অভাৱ হলে শিশু সকল কেতিয়াবা মানসিক ৰোগী বা অপৰাধী ব্যক্তি ত পৰিণত হ’ব পাৰে।
(5) বাল্যকাল বুলিলে তুমি কি বুজা ?
( 2019 )
ANS : বাল্যকাল ব্যক্তি বিকাশৰ দ্বিতীয় স্তৰ । সাধাৰণতে 6 ৰ পৰা 12 বছৰ বয়সৰ এই সময়ছোৱাক বাল্যকাল বোলা হয়। বাল্যকাল ক দুটা ভাগত ভাগ কৰিব পাৰি । যেনে আগতীয়া বাল্যকাল আৰু শেহতীয়া বাল্যকাল । 6-8 বছৰ বয়সলৈ আগতীয়া বাল্যকাল আৰু 9-12 বছৰ বয়স লৈ শেহতীয়া বাল্যকাল হিচাপে ধৰা হয়।সাধাৰণতে বাল্যকালক “বিদ্যালয় শিক্ষাৰ বয়স ” বুলি কোৱা হয়। শিশুৱে এই সময়ছোৱাত পঢ়িব আৰু লিখিবলৈ সক্ষম হয়। বাল্যকাল ত শিশু দৈহিক, বৌদ্ধিক, আৰু সামাজিক বিকাশ সম্ভব হৈ উঠে। বৰ্হিমুখিতা বাল্য কালৰ এটা বৈশিষ্ট্য। বাল্যকাল ত শিশু ক্ৰীড়া প্ৰৱণতা হোৱা দেখা যায়।
(6) বাল্যকালৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।
( 2009 )
ANS : বাল্যকালৰ দুটা বৈশিষ্ট্য হল –
(a) দৈহিক বিকাশ – এই সময়ত শিশুৰ দৈহিক বিকাশৰ গতি শৈশৱৰ তুলনাত কিছু মন্থৰ হয় যদিও বাল্যকালৰ শেষৰ চোৱাত অৰ্থাৎ 11/12 বছৰ বয়সত পুনৰ ক্ষিপ্ৰ গতিত দৈহিক বিকাশ হয়। উচ্চতা অাৰু ওজন বাঢ়ে । দৌৰা – জপিওৱা আদি খেলাৰ যোগেদি আনন্দ লাভ কৰে ।
(b) শিক্ষা আহৰণৰ ক্ষমতা – বাল্যকাল প্ৰাথমিক শিক্ষাৰ বাবে উপযুক্ত সময় । এই সময়ত শিশুৱে লিখা পঢ়া , আৰু গণনা কৰিবলৈ সক্ষম হয়। স্কুলৰ প্ৰচলিত নীতি- নিয়ম , অনুশাসন আদি মানি চলিব পৰা হয় ।
(7) শৈশৱকালৰ দুটা শৈক্ষিক ব্যৱস্থা লিখা।
( 2019 )
ANS : শৈশৱকালৰ দুটা শৈক্ষিক ব্যৱস্থা হ’ল –
(a) শিশুৰ সুপ্ত প্ৰতিভা বিকাশৰ প্ৰতি দৃষ্টি প্ৰদান কৰিব লাগে । শিক্ষাৰ ক্ষেত্ৰত সুস্থ আৰু শান্তিৰ পৰিবেশ গঢ়ি তুলিব লাগে।
(b) পিতৃ- মাতৃ আৰু শিক্ষক সকলে শিশুৰ বাবে লাগতিয়াল যত্ন লব লাগে যাতে শিশুৰ শাৰীৰিক, মানসিক, আৱেগিক নৈতিক দিশৰ উন্নতি হয়।
(8) দলৰ প্ৰতি আনুগত্য মানে কি?
( 2000 )
ANS : দলৰ প্ৰতি আনুগত্য বাল্য কালৰ এটা বৈশিষ্ট । খেলা ধূলাৰ বাবে লৰা ছোৱালীয়ে সাধাৰণতে দল গঠন কৰে । দল পৰিচালনাৰ বাবে দলপতি নিৰ্বাচন কৰে । দলপতিৰ নিৰ্দেশত দল সংগঠিত আৰু পৰিচালিত হয়। দলীয় নীতি নিয়ম আদি মানি নচলিলে দলৰ পৰা বহিষ্কাৰ কৰাৰো নিয়ম থাকে। দলীয় আনুগত্যই গণতান্ত্ৰিক মনোভাবৰ সৃষ্টি কৰে।
(9) শৈশৱকালৰ দুটা মনো-দৈহিক প্ৰয়োজিন উল্লেখ কৰা।
( 2015 )
ANS : শৈশৱকালৰ দুটা মনো-দৈহিক প্ৰয়োজন হল –
(a) নিৰাপত্তাৰ প্ৰয়োজন – শিশু ই পৰিয়ালৰ মাজত ডাঙৰ- দীঘল হয় আৰু দৈহিক আৰু মানসিক ভাবে নিজকে নিৰাপদ বুলি ভাবে । বিপদ আপদৰ সময়ত ডাঙৰৰ পৰা সহায় সহানুভূতি বিচাৰে ।সহায় সহানুভূতি ৰ নিশ্চয়তা পালে মনৰ পৰা ভয় আঁতৰে আৰু সাহস বৃদ্ধি হয়।
(b) কৌতুহল পূৰণৰ প্ৰয়োজন – শিশু কৌতুহলী মনৰ হোৱা বাবে তাৰ চাৰিওফালৰ বিভিন্ন বস্তু , বিষয়, পৰিস্থিতি আদিক জানিবলৈ ব্যগ্ৰ হৈ পৰে। এই ক্ষেত্ৰত শিশু ই ডাঙৰক নানা প্ৰশ্ন সুধি ব্যাতি ব্যস্ত কৰি তোলে। ডাঙৰেও ধৈয্য সহকাৰে শিশুৰ কৌতুহল পূৰণ কৰিব লাগে। কাৰণ ই শিশুৰ মানসিক আৰু বৌদ্ধিক বিকাশ ত সহায় কৰে।
(10) অনুকৰণ প্ৰিয়তা কি?
( 2001 )
ANS : অনুকৰণ প্ৰিয়তা হৈছে শৈশৱ কালৰ এটা গুৰুত্ব পূৰ্ণ বৈশিষ্ট্য । শিশু অনুকৰণ প্ৰিয়। এই। অনুকৰণ প্ৰিয়তা ৰ বাবে সিহঁতে পিতৃ – মাতৃ আৰু পৰিয়ালৰ আন সদস্য ৰ পৰা ভাষা , খোৱা বোৱা , পিন্ধা উৰা শিকে । সকলো কথাতে শিশুৱে ডাঙৰক অনুসৰণ কৰে। শিশুৱে পৰিয়ালৰ সদস্য সকলক অনুসৰণ কৰি তেওঁলোকৰ আচাৰ ব্যৱহাৰ শিকি উঠে। সেয়েহে শিশুৰ বিকাশ সম্পূৰ্ণ পিতৃ – মাতৃ আৰু পৰিয়ালৰ আন সদস্য ৰ ওপৰত নিৰ্ভৰ কৰে।
(11) ক্ৰীড়া-প্ৰৱতণতা মানে কি?
( 2001 )
ANS : ক্ৰীড়া-প্ৰৱতণতা হৈছে বাল্য কালৰ এটা বৈশিষ্ট্য। বাল্যকালত ক্ৰীড়া-প্ৰৱতণতা ৰ ভাৱ জাগি উঠে। এই সময়ত বহি মূৰ্খী শিশুৱে শৈশৱ কালৰ দৰে ঘৰত খেলা ধূলা কৰাৰ পৰিবৰ্তে বাহিৰত খেলিহে বেছি আনন্দ পায়। এই সময়ত শিশুৰ ক্ৰীড়া-প্ৰৱতণতা বিশেষত্ব এয়ে যে ব্যক্তিগত ভাৱে খেলৰ পৰিবৰ্তে দলগত ভাৱে সকলোৰে লগত খেলিব বিচাৰে। বাল্যকালত শিশুৰ খেলা ধূলা ৰ প্ৰতি আগ্ৰহী হোৱা দেখা যায় বাবে বৰ্তমান শিক্ষা ৰ ক্ষেত্ৰত শিশু সকলক খেলৰ জৰিয়তে শিক্ষা প্ৰদান ৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
(12) শৈশৱকালৰ দৈহিক বিকাশৰ তিনিটা বৈশিষ্ট্য লিখা।
( 2001 চনত আৰু 2008 )
ANS : শৈশৱকালৰ দৈহিক বিকাশৰ তিনিটা বৈশিষ্ট্য হল –
(a) দ্ৰুত দৈহিক বিকাশ – জন্মৰ পিছৰে পৰা শিশুৰ দ্ৰুত দৈহিক বিকাশ হয়। জন্মৰ সময়ত হোৱা ওজন প্ৰথম পাঁচ মাহতে দুগুনলৈ বৃদ্ধি হৈ এবছৰৰ ভিতৰতে ই তিনিগুণ হৈ উঠে । দেহৰ উচ্চতা বাঢ়ে। এবছৰৰ ভিতৰতে দুয়ো পাৰি দাত গজিবলৈ ধৰে। জন্মৰ পিছ ৰ পৰা অংগ সঞ্চালন ক্ষমতা বৃদ্ধি হব লৈ ধৰে ।
(b) ভাষাৰ বিকাশ – জন্মৰ প্ৰায় ছমাহ সময়ৰ পৰা শিশুৰ। মুখত কেতবোৰ অস্পষ্ট স্বৰধ্বনি উচ্চাৰিত হয়। পিছলৈ এই বোৰ উচ্চাৰনেই শব্দ আৰু ভাষাত পৰিণত হয়। এবছৰ পিছৰ পৰাই দুই এটা শব্দ শুনা যায়। পাঁচ বছৰ বয়সৰ ভিতৰত কথিত ভাষা আয়ত্ত কৰিব শিকে। সাধাৰণতে শিশুৱে পিতৃ আৰু মাতৃ আৰু পৰিয়ালৰ অন্য সদস্য ৰ মাত কথা শুনি ভাষা আয়ত্ব কৰে।
(c) কৌতূহল প্ৰবণতা – শৈশৱ কালৰ এটা বৈশিষ্ট্য হৈছে কৌতূহল প্ৰবণতা । শিশুৱে চাৰিওফালৰ পৰিবেশ ভালদৰে চাবলৈ আৰু জানিবলৈ আগ্ৰহী হৈ উঠে। ফলত এক অস্তিৰ আৰু চঞ্চল মনেৰে সিঁহতে বহুতো যুক্তি আৰু অযুক্তি কৰ প্ৰশ্ন সুধি ডাঙৰক ব্যতিব্যস্ত কৰি তোলে। শৈশবৰ এই সময়ক প্ৰশ্ন সোধাৰ বয়স বোলা হয়। ডাঙৰে শিশুৰ প্ৰশ্নৰ উত্তৰ দিব লাগে। ইয়াৰ জৰিয়তে শিশুৰ মানসিক তথা বৌদ্ধিক বিকাশ সাধন হয়।
(13) বাল্যকালৰ শিক্ষাৰ দুটা ব্যৱস্থা লিখা।
( এই প্ৰশ্নটো 2018 চনত আহিছিল )
ANS : বাল্যকালৰ শিক্ষাৰ দুটা ব্যৱস্থা হল –
(a) বাল্য কালত শিশু বাস্তৱ বাদী আৰু বহি মূৰ্খী হয় । গতিকে শিক্ষা ব্যবস্থা ত বাস্তৱ অভিজ্ঞতা প্ৰদান কৰিব লাগে। সেয়েহে কামৰ মাজেদি শিক্ষাৰ ওপৰত গুৰুত্ব দিব লাগে।
(b) দলীয় আনুগত্যৰ প্ৰতি লক্ষ্য ৰাখি শিশুক দলগত ভাৱে খেলা ধূলা আৰু অন্যান্য কাম কৰিবলৈ সুবিধা দিব লাগে । ই শিশুৰ দৈহিক আৰু সামাজিক বিকাশত সহায় কৰে।
(14) কৈশোৰ কালৰ দুটা সমস্যা উল্লেখ কৰা।
( 2016 )
ANS : কৈশোৰ কালৰ দুটা সমস্যা হল –
(a) যৌন সমস্যা – কিশোৰ সকলৰ প্ৰধান সমস্যা হল যৌন সমস্যা। যৌৱনে গচকা জীৱনত কিশোৰ কিশোৰীয়ে আচহুৱা যৌন তাড়না অনুভৱ কৰে। ফলত ভয় , সংকোচ , লজ্জা, উদ্বেগ, গোপনীয়তা, অপৰাধ প্ৰবণতা আদি অসুস্থ মানসিকতাৰ সৃষ্টি হয়। কেতিয়াবা যৌন জীৱনত সমাযোজন কৰাত কিশোৰ কিশোৰী ব্যৰ্থ হয় । এনেবোৰ কাৰণৰ বাবে যৌন সমস্যাৰ সৃষ্টি হয়।
(b) অৱসৰ সময়ৰ সমস্যা – অৱসৰ সময় বিনোদন কৰিবলৈ কিশোৰ কিশোৰীৰ বাবে উপযুক্ত শিক্ষা ব্যবস্থা নাই। তেওঁলোকৰ অফুৰন্ত শক্তি সামৰ্থবোৰ ভালদৰে ব্যবহাৰ কৰিব নোৱাৰাৰ ফলত অথলে যায়। এনে অৱস্থাত তেওঁলোকে কেতিয়াবা অসামাজিক আৰু অপৰাধ জনিত কামত লিপ্ত হোৱা পৰিলক্ষিত হয়।
(15) বয়ঃসন্ধি কালৰ শাৰীৰিক বিকাশৰ বিষয়ে চমুকৈ লিখা।
( 2002 )
ANS : বয়ঃ সন্ধি কালৰ শাৰীৰিক বিকাশ ক্ষীপ্ৰ হয় । যৌৱনৰ আৰম্ভনিতে দেহৰ অন্তঃস্ৰাৱী গ্ৰন্থি সমূহ সক্ৰিয় হৈ উঠে। ফলত নানা দৈহিক পৰিবৰ্তনে দেখা দিয়ে। দেহৰ আকাৰ, ওজন, উচ্চতা আদি বৃদ্ধি হোৱা পৰিলক্ষিত হয়। দেহৰ মাংসপেশী আৰু অস্থিসমূহ শকত আৰু পূৰঠ হয়। লৰা আৰু ছোৱালীৰ দেহ গঠন আৰু যোগ্যতাৰ পাৰ্থক্য দেখা যায়। লৰাৰ মাংসপেশী শক্তিশালী আৰু কৰ্মক্ষম হৈ উঠে। স্বৰধ্বনি কঠিন, কৰ্কশ আৰু গভীৰ হয়। মুখত দাড়ি – গোফ গজে । ছোৱালীৰ মাংসপেশী নিমজ আৰু কোমল হয়। কঠিন দৈহিক ক্ৰিয়াৰ বাবে অনুপযোগী হয়। লৰা ছোৱালী উভয়ৰে নিদিষ্ট স্থানত যৌন কেশে দেখা দিয়ে। ছোৱালীৰ স্বৰধ্বনি মিহি আৰু সুশ্ৰব্য হয়। ছোৱালী ঋতুমতী আৰু লৰা বিৰ্য্যধাৰী হৈ উঠে । পাকস্থলীৰ ক্ৰিয়া, ৰক্ত সঞ্চালন , ৰক্ত চাপ আদি বৃদ্ধি পায়। লৰাই পুৰুষত্ত আৰু ছোৱালীয়ে নাৰীত্ব লাভ কৰে।
(16) প্ৰাথমিক শিক্ষাৰ যিকোনো তিনিটা উদ্দেশ্য উল্লেখ কৰা।
( 2008 )
ANS : প্ৰাথমিক শিক্ষাৰ যিকোনো তিনিটা উদ্দেশ্য হল –
(a) শিশু সকলক লিখা, পঢ়া আৰু গণনাৰ শিক্ষা দি ভবিষ্যতৰ উচ্চ শিক্ষাৰ বাবে উপযুক্ত কৰি তোলাতো প্ৰাথমিক শিক্ষাৰ মূল উদ্দেশ্য ।
(b) প্ৰাথমিক শিক্ষাৰ উদ্দেশ্য হল লৰা ছোৱালীক তেওঁলোকৰ আগ্ৰহ- অভিৰূচি অনুযায়ী শিক্ষা প্ৰদান কৰা। শিক্ষক সকলে বুজা পৰা আৰু মৰম চেনেহৰ মাজেৰে শিশুক শিক্ষা দিয়াটো এই শিক্ষাৰ মূল লক্ষ্য।
(c) শিশু সকলৰ সামাজিক গুণ সমুহৰ বিকাশ সাধন কৰি তেওঁলোকে যেন সহায় সহযোগিতাৰে ভৱিষ্যতে সামাজিক পৰিবেশৰ লগত নিজকে সমাযোজিত কৰিব পাৰে তাৰ বাবে উপযুক্ত নাগৰিক হিচাপে গঢ় দি তোলাতো প্ৰাথমিক শিক্ষাৰ মূল উদ্দেশ্য ।
(17) বীৰ পূজা কি? 2015
ANS : বীৰ পূজা হল কৈশোৰ কালত দেখা দিয়া এটা বৈশিষ্ট্য । কিশোৰ- কিশোৰীয়ে ভৱিষ্যত জীৱনৰ বাবে নিজৰ ভাল লগা কোনো বীৰ বিৰাংগণা বা নায়ক নায়িকা ক জীৱন ৰ আদৰ্শ হিচাপে বাচি লয়। কিশোৰ কিশোৰী সকলে তেনে মনোগ্ৰাহী ব্যক্তিৰ ভাৱ, চিন্তা, ক্ৰিয়া আদি অনুকৰণ কৰিবলৈ ধৰে। নিজৰ প্ৰিয় ব্যক্তি সকলক অনুকৰণ কৰি নিজৰ জীৱনটো ক তেনে ৰূপত গঢ় দিব বিচাৰে। কিশোৰ- কিশোৰী সকলৰ মনত তেওঁলোকৰ ভাল লগা কোনো বীৰ বিৰাংগণা বা নায়ক নায়িকা ক অনুকৰণ কৰা প্ৰক্ৰিয়াক বীৰ পূজাৰ প্ৰবণতা বুলি কোৱা হয়।
(18) মানৱ জীৱনৰ বিকাশৰ ১২-১৮ বছৰৰ ভিতৰত পৰা স্তৰৰ নাম লিখা।
ANS : মানৱ জীৱনৰ বিকাশৰ ১২-১৮ বছৰৰ ভিতৰত পৰা স্তৰৰ নাম হৈছে কৈশোৰ কাল ।
(19) মানৱ জীৱনৰ বিকাশৰ স্তৰ কেইটা?
ANS : মানৱ জীৱনৰ বিকাশৰ স্তৰ ত চাৰিটা । সেই কেইটা হল –
(a) শৈশৱ কাল ( জন্মৰ পৰা 5 বছৰ বয়সলৈ )
(b) বাল্য কাল ( 6 বছৰ বয়সৰ পৰা 12 বছৰ বয়সলৈ )
(c) কৈশোৰ কাল ( 12ৰ পৰা 18 বছৰ বয়সলৈ )
(d) প্ৰাপ্তবয়স্ক কাল( 18 বছৰৰ পৰা………. )
(20) জন্মৰ পৰা ৫ বছৰ বয়সৰ স্তৰটোৰ নাম কি?
ANS : জন্মৰ পৰা ৫ বছৰ বয়সৰ স্তৰটোৰ নাম হল শৈশৱ কাল ।
(21)শৈশৱকাল কাক বোলে?
ANS : জন্মৰ পৰা ৫ বছৰ বয়সৰ স্তৰটোৰ নাম হল শৈশৱ কাল । মানৱ জীৱনৰ ই প্ৰথম স্তৰ। এই কালছোৱাত মানৱ জীৱনৰ বিকাশৰ ভেঁটি স্বৰূপ বাবে এই কালছোৱাত মানৱ জীৱনৰ অতি গুৰুত্বপূৰ্ণ সময় বুলি কোৱা হয়। এই সময়ছোৱাত ক্ষীপ্ৰ গতিত দৈহিক, মানসিক ক্ষমতা সমূহৰ বিকাশ ঘটে। আৰু এই সময়ছোৱাত হোৱা দৈহিক মানসিক ক্ষমতা সমূহৰ বিকাশৰ ওপৰতে এজন ব্যাক্তিৰ ভৱিষ্যত বহু পৰিমাণে নিৰ্ভৰ কৰে।
(22) বিকাশৰ তিনিটা বৈশিষ্ট্য লিখা ।
ANS : বিকাশৰ তিনিটা বৈশিষ্ট্য হল –
(a) বিকাশৰ প্ৰক্ৰিয়া প্ৰধানকৈ বংশগতি আৰু পৰিবেশৰ প্ৰভাৱৰ ওপৰত নিৰ্ভৰ কৰে । এই দুই প্ৰভাৱৰ সহযোগত শিশুৰ বিকাশ সাধন সম্ভৱ হৈ উঠে।
(b) বিকাশ নীৰৱচ্ছিন্ন এক দীৰ্ঘম্যাদি প্ৰক্ৰিয়া। সেয়েহে ইয়াৰ স্তৰৰ স্পষ্ট ব্যৱধান নিৰ্ণয় কৰিব নোৱাৰি।
(c) বিকাশৰ গতি সকলো সময়তে স্বাভাৱিক আৰু সমৰূপত নাথাকে। সময় বিশেষে এই গতি দ্ৰুততৰ আৰু মন্থৰ হোৱা দেখা যায়।
(23) ১২ বছৰৰ পৰা ১৮ বছৰ বয়সৰ স্তৰটোৰ নাম কি?
ANS : ১২ বছৰৰ পৰা ১৮ বছৰ বয়সৰ স্তৰটোৰ নাম হল কৈশোৰ কাল।
(24) বৃদ্ধি আৰু বিকাশৰ মাজত পাৰ্থক্য কি?
ANS : বৃদ্ধি আৰু বিকাশৰ মাজত পাৰ্থক্য হল –
(a) দেহৰ আকৃতি, ওজন, উচ্চতা আৰু দেহ কংকালৰ ক্ৰমাগভাৱে বাঢ়ি যোৱা অৱস্থাকেই বৃদ্ধি বোলে। আনহাতে বিকাশ বুলিলে সেই আকৃতি, ওজন, উচ্চতা আদিয়ে সৃষ্টি কৰা কৰ্মদক্ষতা , দৈহিক পাৰদৰ্শিতা আদিক বুজায়।
(b) বৃদ্ধি মানুহৰ জীৱনত এক সাময়িক প্ৰক্ৰিয়া। কিন্তু বিকাশ এক জীৱনব্যাপী চলা অবিৰত প্ৰক্ৰিয়া ।
(c) বৃদ্ধি ৰ পৰিধি ঠেক । আনহাতে বিকাশৰ পৰিধি বহল ।
(24) বাল্যকালক বিদ্যালয় শিক্ষাৰ বয়স কিয় বোলে ?
ANS : বাল্যকাল ব্যক্তি বিকাশৰ দ্বিতীয় স্তৰ । সাধাৰণতে 6 ৰ পৰা 12 বছৰ বয়সৰ এই সময়ছোৱাক বাল্যকাল বোলা হয়। শিশুৱে এই সময়ছোৱাত পঢ়িবলৈ আৰু লিখিব পৰা হয় । বাল্যকাল প্ৰাথমিক শিক্ষাৰ বাবে উপযুক্ত সময় । এই সময়ত শিশুৱে লিখা পঢ়া , আৰু গণনা কৰিবলৈ সক্ষম হয়। স্কুলৰ প্ৰচলিত নীতি- নিয়ম , অনুশাসন আদি মানি চলিব পৰা হয় । সেইবাবে বাল্যকালক ” বিদ্যালয় শিক্ষাৰ বয়স ” বুলি কোৱা হয় ।
(25) ৰাইবাৰ্ণে আগবঢ়োৱা মানৱ জীৱনৰ বিভিন্ন স্তৰসমূহ কি কি ?
ANS : ৰাইবাৰ্ণে মানুহৰ বিকাশৰ প্ৰক্ৰিয়াক মূলতঃ 6 টা শ্ৰেণীত ভাগ কৰিছে । ৰাইবাৰ্ণে আগবঢ়োৱা মানৱ জীৱনৰ বিভিন্ন স্তৰসমূহ হল –
(a) শৈশৱ কাল – জন্মৰ পৰা 3 বছৰলৈ
(b) আগতীয়া বাল্যকাল -3 ৰ পৰা 6/7 বছৰলৈ – মানসিক বিকাশ পৰ্যায় ।
(c) অৱস্থানৰ প্ৰাপ্তি বা পৰিবৰ্তনসূচক কাল – 6/7 বছৰৰ পৰা 8 বছৰলৈ – দৈহিক বিকাশ ৰ পৰ্যায় ।
(d) শেহতীয়া বাল্যকাল – 8ৰ পৰা 12 বছৰলৈ -মানসিক বিকাশ পৰ্যায় ।
(e) আগতীয়া কৈশোৰ কাল -12ৰ পৰা 14 বছৰ বয়সলৈ -দৈহিক বিকাশ ৰ পৰ্যায় ।
(f) শেহতীয়া কৈশোৰ কাল -14 ৰ পৰা 18 বছৰলৈ – মানসিক বিকাশৰ পৰ্যায় ।
(26) শিশুৱে কিয় সঘনে প্ৰশ্ন সোধে?
ANS : শৈশৱ কালত শিশুৱে চাৰিওফালৰ পৰিবেশ ভালদৰে চাবলৈ আৰু জানিবলৈ আগ্ৰহী হৈ উঠে। ফলত এক অস্তিৰ আৰু চঞ্চল মনৰ ভিতৰত বহুতো যুক্তি আৰু অযুক্তিকৰ প্ৰশ্ন আহে। আৰু সেই প্ৰশ্ন সমূহৰ উত্তৰ পোৱাৰ বাবে যুক্তি আৰু অযুক্তিকৰ প্ৰশ্ন কিছুমান সুধি ডাঙৰক ব্যতিব্যস্ত কৰি তোলে। সেইবাবে শৈশৱ কালত শিশুৱে সঘনে প্ৰশ্ন সোধা দেখা যায়। শৈশবৰ এই সময়ক ” প্ৰশ্ন সোধাৰ বয়স ” বোলা হয়। ডাঙৰে শিশুৰ প্ৰশ্নৰ উত্তৰ দিব লাগে। ইয়াৰ জৰিয়তে শিশুৰ মানসিক তথা বৌদ্ধিক বিকাশ সাধন হৈ উঠে।
(27) সৰ্বপ্ৰাণবাদিতা কাক বোলে?
ANS : সৰ্বপ্ৰাণবাদিতা হল শৈশৱ কালৰ এটা বৈশিষ্ট্য। শিশুৱে প্ৰাণীৰ দৰে সকলো নিৰ্জিৱ বস্তুৰে প্ৰাণ থকা বুলি ভাবে । এই ধাৰণাৰ বাবে শিশুৱে সজীৱতা আৰু নিৰ্জীৱতা ৰ মাজত থকা পাৰ্থক্য বিবেচনা কৰিব নোৱাৰে । সিহঁতে ভাৱে নিৰ্জীৱ বস্তুবোৰেও যেন চলা, ফুৰা, সুখ দুখ আদি অনুভৱ কৰিব পাৰে। শিশু এ বিশ্বাস কৰে যে সকলো বস্তুৰে প্ৰাণ থাকে। উদাহৰণ স্বৰুপে- শিশুৱে যেতিয়া মাটিত পৰি দুখ পাই তেতিয়া কান্দি উঠে । যদি কোনোবাই মাটিখিনি ক জগৰীয়া কৰি প্ৰহাৰ কৰে তেতিয়া মাটিখিনিক প্ৰতিশোধ লোৱা বুলি ভাবি আনন্দ পায়।
(28) বিপৰীত লিংগকামিতা কাক বোলে?
ANS : কৈশোৰ কালৰ যৌন জীৱনক বিপৰীত লিংগকামিতা বোলে। কৈশোৰ কালত কিশোৰ – কিশোৰী সকলৰ দৈহিক পৰিবৰ্তন হৈ দৈহিক ভাৱে পৰিপক্ক হৈ উঠে। ছোৱালী ঋতুমতী আৰু লৰা বিৰ্য্যধাৰী হৈ উঠে । পাকস্থলীৰ ক্ৰিয়া, ৰক্ত সঞ্চালন , ৰক্ত চাপ আদি বৃদ্ধি পায়। লৰাই পৌৰুষত্ব আৰু ছোৱালীয়ে নাৰীত্ব লাভ কৰে বাবে কিশোৰ কিশোৰী সকল বিপৰীত লিংগৰ প্ৰতি আকৃষ্ট হোৱা দেখা যায়। আৰু লৰাই ছোৱালীক আৰু ছোৱালীয়ে লৰাক ভাল পাবলৈ আৰম্ভ কৰে। বিপৰীত লিংগকামিতা কৈশোৰ কালত হোৱা টো স্বাভাৱিক প্ৰক্ৰিয়া।
E) Essay Type Question
1) শৈশৱ আৰু বাল্যকাল উভয়ৰে চাৰিটাকৈ বৈশিষ্ট্য উল্লেখ কৰা । 2014
ANS : জন্মৰ পৰা ৫ বছৰ বয়সৰ স্তৰটোৰ নাম হল শৈশৱ কাল । মানৱ জীৱনৰ ই প্ৰথম স্তৰ। এই কালছোৱাত মানৱ জীৱনৰ বিকাশৰ ভেঁটি স্বৰূপ বাবে এই কালছোৱাত মানৱ জীৱনৰ অতি গুৰুত্বপূৰ্ণ সময় বুলি কোৱা হয়। এই সময়ছোৱাত ক্ষীপ্ৰ গতিত দৈহিক, মানসিক ক্ষমতা সমূহৰ বিকাশ ঘটে। শৈশৱ কাল ৰ বৈশিষ্ট্য হল –
(a) ভাষাৰ বিকাশ – জন্মৰ প্ৰায় ছমাহ সময়ৰ পৰা শিশুৰ। মুখত কেতবোৰ অস্পষ্ট স্বৰধ্বনি উচ্চাৰিত হয়। পিছলৈ এই বোৰ উচ্চাৰনেই শব্দ আৰু ভাষাত পৰিণত হয়। এবছৰ পিছৰ পৰাই দুই এটা শব্দ শুনা যায়। পাঁচ বছৰ বয়সৰ ভিতৰত কথিত ভাষা আয়ত্ত কৰিব শিকে। সাধাৰণতে শিশুৱে পিতৃ আৰু মাতৃ আৰু পৰিয়ালৰ অন্য সদস্য ৰ মাত কথা শুনি ভাষা আয়ত্ব কৰে।
(b) অনুকৰণপ্ৰিয়তা- অনুকৰণ প্ৰিয়তা হৈছে শৈশৱ কালৰ এটা গুৰুত্ব পূৰ্ণ বৈশিষ্ট্য । শিশু অনুকৰণ প্ৰিয়। এই। অনুকৰণ প্ৰিয়তা ৰ বাবে সিহঁতে পিতৃ – মাতৃ আৰু পৰিয়ালৰ আন সদস্য ৰ পৰা ভাষা , খোৱা বোৱা , পিন্ধা উৰা শিকে । সকলো কথাতে শিশুৱে ডাঙৰক অনুসৰণ কৰে।
(c) কৌতূহল প্ৰবণতা – শৈশৱ কালৰ এটা বৈশিষ্ট্য হৈছে কৌতূহল প্ৰবণতা । শিশুৱে চাৰিওফালৰ পৰিবেশ ভালদৰে চাবলৈ আৰু জানিবলৈ আগ্ৰহী হৈ উঠে। ফলত এক অস্তিৰ আৰু চঞ্চল মনেৰে সিঁহতে বহুতো যুক্তি আৰু অযুক্তি কৰ প্ৰশ্ন সুধি ডাঙৰক ব্যতিব্যস্ত কৰি তোলে। শৈশবৰ এই সময়ক প্ৰশ্ন সোধাৰ বয়স বোলা হয়। ডাঙৰে শিশুৰ প্ৰশ্নৰ উত্তৰ দিব লাগে। ইয়াৰ জৰিয়তে শিশুৰ মানসিক তথা বৌদ্ধিক বিকাশ সাধন হয়।
(d) কল্পনা- প্ৰৱণতা – শিশু সাধাৰণতে কল্পনাপ্ৰিয় । কল্পনা ৰাজ্যত থাকি শিশুৱে আনন্দ পায় । কিন্তু অতিমাত্ৰা কল্পনা প্ৰৱণতাই শিশুক বাস্তৱ আৰু কল্পনাৰ মাজত থকা প্ৰভেদ ক খেলিমেলি লগাই দিয়ে।
বাল্যকাল ব্যক্তি বিকাশৰ দ্বিতীয় স্তৰ । সাধাৰণতে 6 ৰ পৰা 12 বছৰ বয়সৰ এই সময়ছোৱাক বাল্যকাল বোলা হয়। বাল্যকাল ক দুটা ভাগত ভাগ কৰিব পাৰি । যেনে আগতীয়া বাল্যকাল আৰু শেহতীয়া বাল্যকাল । 6-8 বছৰ বয়সলৈ আগতীয়া বাল্যকাল আৰু 9-12 বছৰ বয়স লৈ শেহতীয়া বাল্যকাল হিচাপে ধৰা হয়।সাধাৰণতে বাল্যকালক “বিদ্যালয় শিক্ষাৰ বয়স ” বুলি কোৱা হয়। শিশুৱে এই সময়ছোৱাত পঢ়িব আৰু লিখিবলৈ সক্ষম হয়।
- Get link
- X
- Other Apps


Comments
Post a Comment