মনোবিজ্ঞান আৰু শিক্ষা Part 8
- Get link
- X
- Other Apps
4. শিক্ষকে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক মূল্যাংকন কৰিবলৈ চেষ্টা কৰা উচিত। ছাত্ৰ ছাত্ৰী সকলে যাতে বছৰেকীয়া অথবা চুড়ান্ত পৰীক্ষা লৈ সম্পূৰ্ণ ভাবে সাজু হব পাৰে তাৰ বাবে শিক্ষকে সাময়িক পৰীক্ষা অনুষ্ঠিত কৰিব লাগে।
5. শিক্ষকে ছাত্ৰ ছাত্ৰীৰ প্ৰতিটো দিশৰ অগ্ৰগতিৰ বিৱৰণ লিখিত ভাবে ৰাখিব লাগে। যিবোৰে শিক্ষাৰ্থীক আন্তৰিকতাৰে নীয়মানুবাৰ্ত্তি কৰি তুলিবলৈ সহায় কৰে।
শিক্ষকৰ এই দায়িত্ব বোৰ ভালদৰে পালন কৰিলেহে শিক্ষা প্ৰক্ৰিয়া টো ফলপ্ৰসু হৈ উঠিব আৰু শিক্ষাৰ্থীৰ বিকাশ সম্ভবপৰ হব।
22। সমাজৰ প্ৰতি থকা শিক্ষক এজনৰ দায়িত্ব আৰু কৰ্তব্যসমূহৰ আলোচনা কৰা।
উত্তৰঃ সমাজত শিক্ষকৰ এক সুকীয়া স্থান আছে । শিক্ষকতা এক মহান বৃত্তি বুলি ধৰা হয়। মানুহে প্ৰয়োজনৰ সময়ত শিক্ষকৰ পৰামৰ্শ লব বিচাৰে। এইটো সমাজৰ বিকাশত শিক্ষকক অধিক দায়িত্বশিল কৰি তোলে ।সমাজৰ প্ৰতি থকা শিক্ষক এজনৰ দায়িত্ব আৰু কৰ্তব্য আছে সেইবোৰ হল-
1. কিছুমান গুৰুত্ব পূৰ্ণ দিন যেনে – শিক্ষক দিৱস , স্বাধীনতা দিৱস , শিশু দিৱস আদি সমূহীয়া ভাবে পাতিবলৈ চেষ্টা কৰিব লাগে।
2. বিদ্যালয়ত কিছুমান উৎসৱ অনুষ্ঠিত কৰি তাত সমাজৰ লোক সকলক অংশ গ্ৰহণ কৰিবলৈ উদগনি দিব লাগে।
3. শিক্ষকে ছাত্ৰ সকলক সামাজিক ক্ৰিয়া কলাপত অংশ গ্ৰহণ কৰিবলৈ উদগনি যোগাব লাগে।
4. শিক্ষকে মানুহৰ মনৰ পৰা সামাজিক অন্ধ বিশ্বাস আৰু ঠেক মনোভাৱ আঁতৰ কৰাৰ চেষ্টা কৰা উচিত।
5. প্ৰত্যেক লোকে যাতে তেওঁলোকৰ আজৰি সময়খিনি সৎ ব্যবহাৰ কৰিব পাৰে তাৰ বাবে শিক্ষকে তেওঁলোকক সৃজনীমূলক কাম কাজৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ উৎসাহিত কৰিব লাগে।
6. ধূমপান আৰু মদ সেৱনৰ অপকাৰ মূলক দিশৰ বিষয়ে শিক্ষকে মানুহক সজাগ কৰিব লাগে।
এখন সমাজৰ উন্নতি সাধন কৰিবলৈ হলে শিক্ষকে এই সকলো দিশ সমূহৰ ওপৰত গুৰুত্ব দিয়া উচিত। তেতিয়াহে এখন সমাজৰ সামগ্ৰিক বিকাশ হৈ উঠিব। আৰু এই ক্ষেত্ৰত শিক্ষকে এক সুকীয়া ভূমিকা পালন কৰা দেখা যায়।
23। সহ-পাঠ্যক্ৰমিক কাৰ্যাৱলীৰ ছয়টা শৈক্ষিক ব্যৱহাৰ উল্লেখ কৰা।
উত্তৰঃ সহঃ পাঠ্যক্ৰম কাৰ্যসূচী শ্ৰেণী কোঠাৰ বাহিৰত সংঘটিত হয় আৰু ই ছাত্ৰ ছাত্ৰীৰ ব্যক্তিত্ব বিকাশত সহায় কৰে। শিশুৰ অন্তনিহিত গুণ ৰাজিৰ বিকাশ সাধন কৰা হল এই শিক্ষাৰ লক্ষ্য। সহঃ পাঠ্যক্ৰম কাৰ্যসূচী ছাত্ৰ ছাত্ৰী ক আত্ম প্ৰকাশৰ সুবিধা দিয়ে। সহঃ পাঠ্যক্ৰম কাৰ্যসূচী শিক্ষাৰ্থীৰ শাৰীৰিক, মানসিক, আধ্যাত্মিক, সামাজিক আৰু বিত্তীয় গুণৰাজি বিকাশত সহায় কৰে। সহ পাঠ্যক্ৰম কাৰ্য সূচীত অংশ গ্ৰহনে দৈনন্দিন শ্ৰেণী কাৰ্যতকৈ অধিক সুস্থ আৰু আকৰ্ষণীয় ব্যক্তিত্ব গঢ়ি তোলে।
সহ-পাঠ্যক্ৰমিক কাৰ্যাৱলীৰ ছয়টা শৈক্ষিক ব্যৱহাৰ হল –
1. সহঃ পাঠ্যক্ৰম কাৰ্যসূচী জৰিয়তে ছাত্ৰ ছাত্ৰী সকলে আজৰি সময়খিনি সৎ ব্যবহাৰ কৰিব পাৰে। ই ছাত্ৰ ছাত্ৰীৰ জন্মগত প্ৰতিভা সমূহ চিনাক্ত কৰাত আৰু ইয়াৰ যথোপযুক্ত বিকাশ সাধন কৰাত সহায় কৰে।
2. স্কুলীয়া জীৱনৰ প্ৰতি ছাত্ৰ ছাত্ৰী সকলক আগ্ৰহী কৰি তোলাৰ বাবে সহঃ পাঠ্যক্ৰম কাৰ্যসূচী উপযোগি । ই ছাত্ৰ ছাত্ৰীৰ মানসিক সজাগতা , বৌদ্ধিক তীক্ষ্ণতা, আৰু সমস্যা সমাধান কৰিব পৰা ক্ষমতা বিকাশ সাধন কৰে।
3. সহঃ পাঠ্যক্ৰম কাৰ্যসূচীয়ে পৰম্পৰাগত পাঠ্যক্ৰমে সৃষ্টি কৰা আমনিদায়ক পৰিৱেশ আঁতৰাই ছাত্ৰ ছাত্ৰী সকলক নতুন উদ্যমেৰে অধ্যয়ন কৰিবলৈ প্ৰেৰণা দিয়ে।
4.সহঃ পাঠ্যক্ৰম কাৰ্যসূচী ছাত্ৰ ছাত্ৰীক স্বাধীন আৰু স্বতঃ স্ফুত ভাবে আত্ম প্ৰকাশ কৰিবলৈ আৰু আত্ম উপলব্ধি কৰিবলৈ সুবিধা দিয়ে। যিটো বিদ্যালয় শিক্ষাৰ বাবে অতি প্ৰয়োজনীয়।
5..সহঃ পাঠ্যক্ৰম কাৰ্যসূচী সমূহৰ সহায়ত শিশুয়ে আবেগ সমূহৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব পৰা হয়। আৰু শিশুৰ আবেগিক পৈণতা লাভ কৰাৰ বাবে.সহঃ পাঠ্যক্ৰম কাৰ্যসূচী প্ৰয়োজনীযতা অধিক।
6. শিক্ষানুষ্ঠানত সহঃ পাঠ্যক্ৰম কাৰ্যসূচীয়ে ছাত্ৰ ছাত্ৰীৰ নৈতিক গুণাবলী যেনে – সহনশীলতা, শ্ৰৰ্দ্ধা, ইচ্ছা শক্তি আদিৰ বিকাশত সহায় কৰে। যিবোৰ গুনে তেওঁলোকক সমাজত সুস্থ সমাযোজন কৰিবলৈ পৰিপক্ক কৰি তোলে।
বিদ্যালয় খনৰ শিক্ষা ব্যৱস্থাক উন্নত আৰু বিকাশ কৰি তুলিবৰ বাবে সহঃ পাঠ্যক্ৰম কাৰ্যসূচী এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সহঃ পাঠ্যক্ৰম কাৰ্যসূচী শিক্ষা প্ৰক্ৰিয়াটোক আকৰ্ষনীয় কৰি তোলাত সহায় কৰে। আৰু শিক্ষাৰ্থী সকলক শিক্ষা লাভৰ কাৰণে আগ্ৰহী কৰি তোলে।
24। স্কুলৰ বৈষয়িক অৱস্থা বুলিলে ক বুজা ? এই ক্ষেত্ৰত স্কুল প্ৰতিষ্ঠাপকবোৰে কোনবোৰ কথা মনত ৰখা উচিত ?
উত্তৰঃ শিক্ষানুষ্ঠানৰ বৈষয়িক সম্পদ বুলিলে মাটি , বিদ্যালয় ঘৰ, শ্ৰেণীকোঠা, পুথিভঁৰাল, আৰু শিক্ষণ সঁজুলি যেনে – ব্লেক বোৰ্ড, চক পেঞ্চিল, ডেস্ক- বেঞ্চ আৰু খেল সমগ্রি ক কব পাৰি। স্কুলীয়া শিক্ষাৰ লক্ষ্যত উপনীত হোৱাত এই বৈষয়িক সম্পদ সমূহৰ বিশেষ ভূমিকা থাকে। অন্যথা ছাত্ৰ আৰু ছাত্ৰী সকল বিভিন্ন সমস্যা ত সন্মুখীন হব লগা হয় ভাল শ্ৰেণী কোঠা, খেল সমগ্রি আৰু শিক্ষণ সঁজুলি অবিহনে ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন বিকাশ সাধন কৰাটো সম্ভব পৰ নহয়।
স্কুল সংগঠনৰ প্ৰধান বৈষয়িক সম্পদ সমূহ হল
১. মাটি বা ভূখণ্ড
২. বিদ্যালয় গৃহ আৰু খেল পথাৰ
৩. শ্ৰেণীকোঠা
৪. পুথিভঁৰাল
৫. বিজ্ঞান পৰীক্ষা গাৰ
৬. আচবাব আৰু সঁজুলি
বৈষয়িক সম্পদ সমূহৰ ক্ষেত্ৰত স্কুল প্ৰতিষ্ঠাপকবোৰে কিছুমান কথা মনত ৰখা উচিত সেইবোৰ হল –
১ মাটি বা ভূখণ্ড ক্ষেত্ৰত –
a .মাটিৰ আকাৰ আয়ত ক্ষেত্ৰৰ দৰে হব লাগে। যাতে ভৱিষ্যতে প্ৰয়োজন হলে শ্ৰেণী কোঠা বঢ়োৱাৰ সুবিধা থাকে।
b.নিৰ্বাচিত মাটিডোখৰ শুকান, মুকলি, ওখ, ৰদ পৰা ঠাইত হব লাগে। তেনে ঠাইত পানী জমা হব নোৱাৰে আৰু ৰদ বতাহ চলাচল ভালদৰে হৈ থাকে।
c. নগৰৰ ঘন জন বসতি , জনপূৰ্ণ বা বজাৰ, কল- কাৰখানা , চিনেমা হল আদিৰ পৰা আঁতৰত নিৰ্জন ঠাইত বিদ্যালয় স্থাপন বাবে নিৰ্বাচন কৰিব লাগে।
২. বিদ্যালয় গৃহ আৰু খেল পথাৰ ৰ ক্ষেত্ৰত –
a. বিদ্যালয়ৰ ঘৰবোৰ I, L,U, E, H আখৰৰ আকৃতিৰ হব লাগে। E আকৃতিৰ বিদ্যালয় ঘৰ নিৰ্মাণ কৰাটো বেছি প্ৰয়োজনীয়।
b. বিদ্যালয় ঘৰটো ছাত্ৰ শিক্ষক আৰু সকলোৰে স্বাস্থ্য ৰক্ষা কৰিব পৰাকৈ শীত তাপ , পোহৰ আৰু বায়ু চলাচলৰ ব্যবস্থা কৰিব লাগে।
c. শিক্ষক আৰু ছাত্ৰ ছাত্ৰী সকলে যাতে মুক্ত ভাবে অহা যোৱা কৰিব পাৰে। তেনে ধৰণৰ বিদ্যালয় গৃহ নিৰ্মাণ কৰিব লাগে।
৩. শ্ৰেণী কোঠাৰ ক্ষেত্ৰত –
a. শ্ৰেণীকোঠাত ৫০ জন ছাত্ৰ ছাত্ৰী ভালদৰে বহিব পৰা হব লাগে।
b. কোঠাত পোহৰ আৰু বায়ু চলাচলৰ সুবিধা থাকিব লাগে।
c. শ্ৰেণী কোঠাৰ বেৰ বোৰৰ ৰং এনে হব লাগে যাতে ই ছাত্ৰ ছাত্ৰী ৰ চকুত কোনো কু প্ৰভাৱ নেপেলায় ।
৪. পুথিভঁৰাল ৰ ক্ষেত্ৰত –
a. পুথভঁৰালত সকলো বয়সৰে ছাত্ৰ ছাত্ৰীৰ বাবে , শিক্ষক সকলৰ বাবে উপযোগী নিৰ্বাচিত কিতাপ থাকিব লাগে।
b. পুথভঁৰাল কিতাপ ৰাখিবৰ বাবে আলমাৰী, পঢ়িবৰ বাবে টেবুল বা ডেস্ক- বেঞ্চ ৰ ব্যবস্থা থাকিব লাগে।
C. বিদ্যালয়ৰ পুথভঁৰালৰ বাবে এজন প্ৰকৃত অৰ্হতা সম্পন্ন আৰু প্ৰশিক্ষণপ্ৰাপ্ত পুথিভঁৰালী প্ৰয়োজন।
৫. বিজ্ঞান পৰীক্ষাগাৰ ক্ষেত্ৰত –
a. ইয়াক মুখ্য বিদ্যালয় ঘৰৰ পৰা অলপ আঁতৰত স্থাপন কৰিব লাগে।
b. কোঠাত নিয়মিত ভাবে গেছ, পানী, বিদ্যুৎ যোগানৰ সুবিধা থাকিব লাগে।
৬.আচবাব আৰু সঁজুলিৰ ক্ষেত্ৰত –
a. ডেক্স- বেঞ্চ , শিক্ষকৰ চকী- মেজ আৰু ব্লেকবোৰ্ড আদি
b. পৰীক্ষা গাৰৰ বাবে বৈজ্ঞানিক সা- সঁজুলি ।
c. পুথিভঁৰালৰ বাবে আৱশ্যকীয় আলমাৰি ।
বৈষয়িক সম্পদ সমূহৰ ক্ষেত্ৰত স্কুল প্ৰতিষ্ঠাপকবোৰে ওপৰত উল্লেখ কৰা দিশ সমূহৰ ক্ষেত্ৰত মন কৰা উচিত। বৈষয়িক সম্পদ সমূহৰ উপযুক্ত নিৰ্বাচন কৰিলেহে শিক্ষা প্ৰক্ৰিয়া টো ফলপ্ৰসু হৈ উঠিব আৰু শিক্ষাৰ্থী সকলৰ বিকাশ সম্ভব পৰ হৈ আহিব ।
25। পাঠ্যক্ৰমৰ সংজ্ঞা দিয়া। পাঠ্যক্ৰমৰ সংজ্ঞা দিয়া। পাঠ্যক্ৰম প্ৰস্তুতিৰ ছয়টা নীতি উল্লেখ কৰা।
উত্তৰঃ পাঠ্যক্ৰম হল শিক্ষাৰ্থীৰ পঢ়িবলগীয়া বিষয় বা সুনিৰ্বাচিত বিষয়াবলী অৰ্থাৎ কোন শ্ৰেণীত কি পঢ়োৱা হব সেই কথা পাঠ্যক্ৰম বুলি কোৱা হয়। পাঠ্যক্ৰম ইংৰাজী প্ৰতিশব্দ “curriculum” শব্দ টো পুৰণি লেটিন ভাষাৰ”Currere” ৰ পৰা উৎপত্তি হৈছে। ইয়াৰ ইংৰাজী অৰ্থ হৈছে “race course” অৰ্থাৎ ঘোঁৰা দৌৰ দিয়া স্থান বা পৰিসীমা ।পাঠ্যক্ৰম অবিহনে বিদ্যালয় ৰ শিক্ষা প্ৰক্ৰিয়াটো স্থবিৰ হৈ পৰে। শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণৰ কালছোৱাত নিৰ্দিষ্ট সময় সীমাৰ ভিতৰত সম্পূৰ্ণ কৰি তুলিব লগীয়া কাৰ্যসূচী সমূহেই হৈছে পাঠ্যক্ৰম।
পাঠ্যক্ৰমৰ সংজ্ঞা হল – ক্ৰো আৰু ক্ৰো মতে ,” পাঠ্যক্ৰমে স্কুলৰ বাহিৰে ভিতৰে শিক্ষাৰ্থীৰ সেই সকলোবোৰ কাৰ্যসূচী ক অন্তৰ্ভুক্ত কৰে যি সমূহ তেওঁৰ দৈহিক, মানসিক, আবেগিক , সামাজিক , আধ্যাত্মিক আৰু নৈতিক বিকাশৰ বাবে সহায়ক হব পাৰে। ”
পাঠ্যক্ৰম প্ৰস্তুতিৰ ছয়টা নীতি হল –
1.শিশু কেন্দ্ৰিক নীতি – আধুনিক শিক্ষাক শিশু কেন্দ্ৰিক শিক্ষা বুলি কোৱা হয়। সেয়েহে পাঠ্যক্ৰম প্ৰস্তুত কৰা সময়ত লৰা ছোৱালী ৰ প্ৰয়োজন সমূহ আৰু পৰিঘটনা সমূহৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। শিশুক বিভিন্ন বিষয়ৰ পৰামৰ্শ দিয়াত কৈ অৰ্থ পূৰ্ণ অভিজ্ঞতাৰ যোগান ধৰা উচিত।
2. নমনীয়তাৰ নীতি – পাঠ্যক্ৰম নমনীয় আৰু গতিশীল হব লাগে। সময় পৰিবৰ্তনৰ লগে লগে পাঠ্যক্ৰম ও পৰিবৰ্তন হোৱা উচিত।
3. উপযোগিতাৰ নীতি – পাঠ্যক্ৰমক বাস্তব আৰু উপযোগী কৰি তুলিবলৈ কৰ্ম অভিজ্ঞতা, কাৰিকৰী আৰু বিত্তীয় বিষয় সমূহক ইয়াৰ অন্তৰ্ভুক্ত কৰিব লাগে ।
4. অৱসৰৰ বাবে প্ৰস্তুতি নীতি – পাঠ্যক্ৰম এনেদৰে প্ৰস্তুত কৰিব লাগে যাতে ছাত্ৰ ছাত্ৰী সকলে তেওঁলোকৰ অৱসৰ সময় খিনি সৎ ভাবে ব্যৱহাৰ কৰিব পাৰে । সেয়েহে পাঠ্যক্ৰমত সহ – পাঠ্যক্ৰম কাৰ্যসূচীৰ ব্যবস্থা থাকিব লাগে ।
5.সহ সম্বন্ধৰ নীতি – স্কুলৰ বিভিন্ন বিষয় সমূহ সম্পূৰ্ণ সমূহ পৃথক পৃথক ভাবে শিকোৱা উচিত নহয় । পাঠ্যক্ৰম কাৰ্যসূচীৰ মাজত সমন্বয় আৰু সংহতি স্থাপন কৰি ছাত্ৰ ছাত্ৰীক সম্পূৰ্ণ বাস্তৱ অভিজ্ঞতাৰ যোগান ধৰা উচিত।
6. সমাজকেন্দ্ৰিক নীতি – বৰ্তমান শিশু এটা ভৱিষ্যত সমাজৰ এজন দায়িত্বশিল নাগৰিক । সেইকাৰণে , শিক্ষাই শিশুক সমাজৰ বাবে সফল হিচাপে সাজু কৰি তুলিব লাগে।
মানুহৰ সামগ্ৰিক বিকাশৰ বাবে পাঠ্যক্ৰম অতি প্ৰয়োজনীয়। পাঠ্যক্ৰমে শিক্ষা প্ৰক্ৰিয়াক অৰ্থ প্ৰদান কৰে। আৰু শিক্ষা প্ৰক্ৰিয়াক সফল কৰি তোলাত পাঠ্যক্ৰমৰ ভূমিকা অনবদ্য। পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ সময়ত এই নীতি সমূহ মানি চলি পাঠ্যক্ৰম প্ৰস্তুত কৰিব লাগে। তেতিয়া ই ছাত্ৰ ছাত্ৰীৰ বাবে ফলপ্ৰসু হয়।
Posted onSeptember 19, 2022
অধ্যায়-৪ ।। শিক্ষামনোবিজ্ঞান।। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ
অধ্যায়-৪
২ শিক্ষামনোবিজ্ঞান আৰু ইয়াৰ অধ্যয়ণৰ গুৰুত্ব
১ ) ৰচনাত্মক বা দীঘলীয়া প্রশ্নঃ
(ক) শিক্ষামনোবিজ্ঞান বুলিলে কি বুজায় ? সাধাৰণ মনোবিজ্ঞানৰ লগত ইয়াৰ প্ৰভেদ বিচাৰ কৰা ।
উত্তৰঃ শিক্ষা মনোবিজ্ঞান হৈছে প্ৰায়োগিক মনোবিজ্ঞানৰ এনে এক শাখা যি শিক্ষা সম্বন্ধীয় সকলো মানৱ আচৰণ আৰু শিক্ষণ শিক্ষা দান প্ৰক্ৰিয়াত প্ৰভাৱ পেলাব পৰা সকলো মানসিক দিশ অধ্যয়ন কৰে। মনোবিজ্ঞানৰ দ্বাৰা সৃষ্ট শিক্ষাৰ বিভিন্ন তত্ব , নীতিসমূহ , শিক্ষণ কাৰ্যত প্ৰয়োগ কৰাৰ ফল স্বৰূপে শিক্ষা মনোবিজ্ঞান শাখা টোৰ উৎপত্তি হৈছে।
মনোবিজ্ঞান আৰু শিক্ষা মনোবিজ্ঞানৰ মাজত থকা প্ৰভেদ সমূহ হল –
১.মনোবিজ্ঞান এবিধ তত্ত্ব প্ৰধান বিষয় । এই বিষয়ে সমগ্রিক ভাবে মানৱ মন সম্বন্ধীয় নীতি আৰু তত্ত্ব সমূহ আলোচনা কৰে। আনহাতে শিক্ষা মনোবিজ্ঞান যিহেতু প্ৰায়োগিক মনোবিজ্ঞানৰ এটা শাখা , সেয়েহে ই শিক্ষা ক্ষেত্ৰত মনোবৈজ্ঞানিক নীতি সমূহৰ প্ৰয়োগৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰে।
২. মনোবিজ্ঞানৰ অধ্যয়নৰ পৰিসীমা ব্যাপক আনহাতে শিক্ষা মনোবিজ্ঞানৰ পৰিসীমা সীমিত ।
৩. মনোবিজ্ঞানে মানৱ আচৰণ এক সমগ্রিক ৰূপত অধ্যয়ন কৰে। আনহাতে শিক্ষা মনোবিজ্ঞানে কেৱল শিক্ষাৰ্থীৰ আচৰণহে অধ্যয়ন কৰে।
৪. অধ্যয়নৰ এক বিষয় হিচাপে মনোবিজ্ঞানৰ দীঘলীয়া ইতিহাস আছে অৰ্থাত ই এক পুৰণি বিষয়। আনহাতে তুলনামূলকভাৱে চাবলৈ গলে শিক্ষা মনোবিজ্ঞানৰ ধাৰা মনোবিজ্ঞানতকৈ নবীন ।
খ ) শিক্ষামনােবিজ্ঞানৰ এটি সংজ্ঞা আগবঢ়োৱা , শিক্ষাত মনােবিজ্ঞান অধ্যয়নৰ গুৰুত্ব সম্পর্কে চমুকৈ লিখা ।
উত্তৰঃ স্কীনাৰ মতে ; শিক্ষা মনোবিজ্ঞান , মনোবিজ্ঞানৰ সেইটো শাখা যি শিক্ষাদান কাৰ্য আৰু শিক্ষণ সম্পৰ্কে আলোচনা কৰে ।
শিক্ষাত মনােবিজ্ঞান অধ্যয়নৰ গুৰুত্ব সমূহ তলত উল্লেখ কৰা হল-
শিক্ষাৰ প্ৰতিটো দিশৰ লক্ষ্য স্থিৰ কৰাৰ ক্ষেত্ৰৰ শিক্ষা মনোবিজ্ঞান ৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। শিক্ষা মনোবিজ্ঞানে শিক্ষণ ৰ লগত জৰিত বিভিন্ন সমস্যা সমূহ অধ্যয়ন কৰে। শিশুৰ শাৰীৰিক, মানসিক, আবেগিক দিশ অধ্যয়ন কৰাৰ উপৰিয়ো আন বিষয় যেনে পৰিৱেশ, শিক্ষক , পাঠ্যক্ৰম আদি যি সমূহৰ শিক্ষণৰ ওপৰত প্ৰভাৱ পৰে সকলো দিশক সাঙুৰি লয়। আধুনিক শিক্ষা শিশু কেন্দ্ৰিক , শিক্ষাৰ সকলো দিশতে যেনে পাঠ্যক্ৰম প্ৰস্তুত কৰণ , শিক্ষা প্ৰণালী, মূল্যায়ন আদিত মনোবৈজ্ঞানিক নীতি সমূহ প্ৰয়োগ কৰা হয় । শিশু শিক্ষাৰ লগত জড়িত সকলো ব্যক্তি বা শিক্ষা অনুষ্ঠানৰ বিকাশৰ ক্ষেত্ৰত শিক্ষা মনোবিজ্ঞানৰ ভূমিকা অনবদ্য । শিশুৰ মানসিকতা সম্বন্ধে জ্ঞান লাভ কৰি শিশুক বুজি উঠাত শিক্ষা মনোবিজ্ঞানে সহায় কৰে। শিক্ষণ কি , শিক্ষণ প্ৰক্ৰিয়া কেনে ধৰণে সংঘটিত হয় , কি কি বিষয়ে শিক্ষণ প্ৰক্ৰিয়া ফল প্ৰসু হোৱাত সহায় কৰে আদিৰ বিষয়ে জ্ঞান শিক্ষা মনোবিজ্ঞানে দিয়ে। শিক্ষণৰ পৰিৱেশে ছাত্ৰ ছাত্ৰীৰ মানসিকতা , আচৰণ তথা সম্পূৰ্ণ শিক্ষণ প্ৰক্ৰিয়াত গুৰুতত্বপূৰ্ন প্ৰভাৱ পেলায় । শিক্ষণ পৰিৱেশে শিক্ষানুষ্ঠানৰ পৰিৱেশ , শ্ৰেণীৰ পৰিৱেশ আদিক সামৰি লয় । শিক্ষণৰ উপযুক্ত পৰিৱেশ সৃষ্টি কৰাত শিক্ষা মনোবিজ্ঞানৰ ভূমিকা অতি গুৰুত্ব পূৰ্ণ। শিক্ষাৰ শিক্ষা প্ৰদান কেনকে কৰা হব, কেনে পৰিবেশ হোৱা প্ৰয়োজন , শিক্ষাৰ লক্ষ্য কেনে হোৱা উচিত এই সকলো দিশক শিক্ষা মনোবিজ্ঞানে সাঙুৰি লয়।
গ ) শিক্ষামনােবিজ্ঞানৰ পৰিসৰ সম্বন্ধে লিখা ।
উত্তৰঃ শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ অতি বহল । কাৰণ ই শিক্ষা আৰু মনোবিজ্ঞান দুয়োটা দিশকে সাঙুৰি লয় । মনোবিজ্ঞানৰ এই শাখাই শিক্ষাৰ লগত জঢ়িত সকলো মানব আচৰণ বিজ্ঞান সন্মত ভাৱে অধ্যয়ন কৰে। শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ ভিতৰত অন্তৰ্ভুক্ত কৰা দিশ সমূহ হল –
১. শিক্ষাৰ্থী – শিক্ষা ব্যবস্থাৰ মূল কেন্দ্ৰ বিন্দু হৈছে শিক্ষাৰ্থী প্ৰতিজন শিক্ষাৰ্থীৰ নিজস্ব গুণ আৰু সুপ্ত প্ৰতিভা থাকে। এই বিলাকে তেওঁলোকৰ শৈক্ষিক জীৱন তথা শৈক্ষিক উন্নতি , অৱনতি ত প্ৰভাৱ পেলায় । ই শিক্ষাৰ্থী সকলৰ স্বভাৱ আৰু আচৰণ সমূহৰ বিষয়ে অধ্যয়ন কৰে ।
২. পৰিবেশৰ ভূমিকা – শিক্ষা প্ৰক্ৰিয়াত শিক্ষক, শিক্ষাৰ্থী আৰু পৰিবেশৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ । পৰিৱেশ ৰ বিভিন্ন প্ৰকাৰ যেনে – গৃহ পৰিৱেশ, শ্ৰেণী পৰিৱেশ , সামাজিক পৰিৱেশ আদি। এই পৰিৱেশ সমূহৰ বিভিন্ন কাৰকে ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকৰ শৈক্ষিক জীৱনত প্ৰভাব পেলায়। শিক্ষা মনোবিজ্ঞানে পৰিৱেশ অধ্যয়ন কৰে আৰু শিক্ষাৰ্থী আৰু শিক্ষকৰ অনুকূল হোৱাকৈ শৈক্ষিক পৰিৱেশ গঢ়ি তোলাত সহায় কৰে।
৩. শিক্ষণ- শিক্ষা দান পদ্ধতি – শিক্ষকে শিক্ষাদান কাৰ্য আৰু শিক্ষাৰ্থী সকলে শিক্ষণ লাভত নানা ধৰণৰ পদ্ধতি অৱলম্বন কৰে। শিক্ষাদানৰ বিভিন্ন পদ্ধতি সমূহৰ নীতি আৰু প্ৰয়োজনীয়তা আদি অধ্যয়ন কৰি সবাতোকৈ ফল প্ৰসু পদ্ধতি চিনাক্ত কৰি সেইবোৰ শিক্ষা ক্ষেত্ৰত উপযুক্ত প্ৰয়োগ ক্ষেত্ৰত শিক্ষা মনোবিজ্ঞন অধ্যয়নে বিশেষ ভাৱে সহায় কৰে।
৪. অচেতন মনৰ অধ্যয়ন – মনোবিড সকলে আমাৰ মনৰ তিনিটা দিশ আছে সেইকেইটা হল – সচেতন মন, অচেতন মন আৰু অৱচেতন দিশ । শিক্ষণ কাৰ্য তথা জীৱনৰ বিভিন্ন কাম কাজ সম্পাদন ক্ষেত্ৰত চেতন মনে ঘাইকৈ প্ৰভাৱ পেলায় । মনোবিজ্ঞানী সকলৰ মতে শিক্ষাৰ্থী সকলে বহু সময়ত কিছুমান অস্বাভাৱিক আচৰণ প্ৰদৰ্শন কৰে। আৰু এনে আচৰণৰ কেন্দ্ৰ হল অচেতন মন । সেয়েহে মনোবিজ্ঞানে অচেতন মনৰ অধ্যয়ন শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ ভিতৰত অন্তৰ্ভুক্ত কৰিছে ।
৫. পৰিমাপ কৰণ আৰু মূল্যায়ন – শিক্ষা মনোবিজ্ঞানৰ অধ্যয়নৰ পৰিসৰৰ আন দুটা গুৰুত্ব পূৰ্ণ বিষয় বস্তু হৈছে পৰিমাপ কৰণ আৰু মূল্যায়ন । শিক্ষাৰ্থীৰ ভিন ভিন মানসিক শক্তি সমূহ ৰ বিজ্ঞান সন্মত পৰিমাপ কৰণ আৰু ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক যোগ্যতাৰ মূল্যায়ন অতি প্ৰয়োজনীয়। সেয়েহে মনোবিজ্ঞানে এই দুয়োবিধ বিষয় পৰিসৰ ভিতৰত অন্তৰ্ভুক্ত কৰে।
শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ অতি বহল। আৰু ইয়াৰ অন্তৰ্ভুক্ত দিশ সমূহ শিক্ষাৰ্থীৰ সমগ্রিক বিকাশ সাধন কৰে আৰু তেওঁলোকৰ শৈক্ষিক জীৱন আৰু ব্যক্তিগত জীবনৰ সকলো সমস্যা সমাধান কৰাত গুৰুত্ব দিয়ে।
ঘ ) ‘ এজন কৃতী শিক্ষকৰ বাবে মনােবিজ্ঞানৰ জ্ঞান অতি প্রয়ােজনীয়’- উক্তিটিৰ বিশেষত্ব ব্যাখ্যা কৰা ।
বা
এজন শিক্ষকৰ বাবে মনােবিজ্ঞান অধ্যয়নৰ প্রয়ােজন কিয় ? – বহলাই লিখা ।
উত্তৰঃ শিক্ষকৰ বাবে মনােবিজ্ঞান অধ্যয়নৰ প্রয়ােজন হোৱা কাৰণ সমূহ হল –
১. শিশু সকলৰ স্বভাৱতে পৃথক পৃথক হয়। শিশুৰ শাৰীৰিক, মানসিক, আবেগিক বৈশিষ্ট্য ক্ষেত্ৰত লৰা ছোৱালীসকলৰ মাজত থকা ব্যক্তি পাৰ্থক্য থকা দেখা যায় । কিছুমান শিশু অতি তীক্ষ্ণ বুদ্ধিৰ আনহাতে কিছুমান ৰ বুদ্ধি কম । গতিকে ব্যক্তিপৰ্থ্ক্য বুজি শিশু সকলক উপযুক্ত শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত মনোবিজ্ঞান অধ্যয়ন শিক্ষকক সহায় কৰে।
২. শিক্ষক এজনে মানসিক স্বাস্থ্য, মানসিক ৰোগ আৰু তাৰ কাৰণ সমূহৰ বিষয়ে জনাতো অতি দৰকাৰ। মানসিক স্বাস্থ্যই শিক্ষণ প্ৰক্ৰিয়াত প্ৰভাৱ পেলায় । মানসিক দিশ সমূহৰ বিষয়ে জনাত শিক্ষা মনোবিজ্ঞান অধ্যয়নে শিক্ষক সকলক সহায় কৰে।
৩. – শিক্ষণ এক জটিল প্ৰক্ৰিয়া। শিক্ষা ব্যবস্থাৰ মানদণ্ড নিৰ্ভৰ কৰে শিক্ষণ প্ৰক্ৰিয়াৰ ওপৰত । মনোবিজ্ঞনে শিক্ষণ ৰ বিভিন্ন দিশ যেনে শিক্ষণৰ স্বৰূপ, শিক্ষণৰ নীতি, ভিন ভিন বয়সৰ বাবে বিভিন্ন শিক্ষণ পদ্ধতি আদিৰ বিষয়ে আলোচনা কৰে । সেয়েহে শিক্ষণ সম্বন্ধীয় যিকোনো সমস্যা সমাধানৰ অৰ্থে শিক্ষক এজনৰ মনোবিজ্ঞানৰ অধ্যয়ন কৰা প্ৰয়োজন ।
৪. সুস্থ শ্ৰেণী পৰিবেশ ফলপ্ৰসু শিক্ষণ শিক্ষা দান কাৰ্যৰ বাবে অতি প্ৰয়োজনীয় । মনোবিজ্ঞান অধ্যয়নে শিক্ষকক শ্ৰেণী পৰিৱেশৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষণ প্ৰক্ৰিয়াৰ ওপৰত প্ৰভাৱ সম্পৰ্কে সচেতন হোৱা আৰু শিক্ষণ শিক্ষাৰ্থীৰ অনুকূল কৰি শ্ৰেণী পৰিবেশ গঢ়ি তোলাত সহায় কৰে ।
৫. ভিন ভিন বয়সৰ ছাত্ৰ আৰু ছাত্ৰী উপযোগী কৰি শিক্ষণ পদ্ধতি প্ৰস্তুত কৰাটো শিক্ষক সকলৰ এক গুৰুত্ব পূৰ্ণ দায়িত্ব। নানা ধৰণৰ মনোবৈজ্ঞানিক ভিত্তি কৰি শিশুৰ বাবে উপযুক্ত শিক্ষণ পদ্ধ্তী সম্পৰ্কে শিক্ষক সকলে জানিবলৈ আৰু বুজিবলৈ মনোবিজ্ঞানৰ অধ্যয়ন কৰা প্ৰয়োজন ।
ঙ ) শিক্ষামননাবিজ্ঞান অধ্যয়নৰ কেইটিমান পদ্ধতিৰ বিষয়ে লিখা ।
উত্তৰঃ শিক্ষা মনোবিজ্ঞান অধ্যয়ন ৰ পদ্ধতি সমূহ হল :-
১.অন্তদৰ্শন পদ্ধতি- মনোবিজ্ঞান অধ্যয়নৰ পদ্ধতি সমূহৰ ভিতৰত অন্তদৰ্শন পদ্ধতি সবাতকৈ পুৰণি আৰু ই অতীত মনোবিদ সকলৰ মাজত যথেষ্ট জন প্ৰিয় আছিল। ব্যক্তিয়ে নিজে নিজৰ মনত ভাৱ, চিন্তা আদিক পৰীক্ষা কৰি চোৱাই হৈছে অন্ত দৰ্শন পদ্ধতি ।
২.নৈদানিক পদ্ধতিঃ সাধাৰণতে এজন ব্যক্তি সমযোজনৰ ক্ষেত্ৰত দেখা দিয়া আচৰণ জনিত সমস্যা সমূহৰ অধ্যয়ন কৰিবলৈ ব্যৱহাৰ কৰা পদ্ধতি হৈছে নৈদানিক পদ্ধতি । নৈদনিক পদ্ধতিৰ মূল উদ্দেশ্য হল এজন ব্যাক্তিৰ এক সমস্যা বিষয় বস্তু হিচাপে লৈ অধ্যয়ন কৰি তেওঁলোকৰ সমস্যা সমূহ চিনাক্ত কৰণ কৰা আৰু নিৰাময়ৰ অৰ্থে পৰামৰ্শ আগবঢ়োৱা।
৩. নিৰীক্ষণ পদ্ধ্তিঃ শিক্ষা মনোবিজ্ঞান অধ্যয়নৰ এক জন প্ৰিয় আৰু উপযোগী পদ্ধতি হৈছে নিৰীক্ষণ পদ্ধতি।নিৰীক্ষণ পদ্ধতিয়ে ব্যাক্তিৰ প্ৰদৰ্শিত ব্যাহিক আচৰণ সমূহ নিৰীক্ষণ ৰ জৰিয়তে মানৱ মনৰ স্বৰূপ অধ্যয়ন কৰিবলৈ চেষ্টা কৰে। এই পদ্ধতিয়ে বিশ্বাস কৰে যে যিহেতু শৰীৰ মনৰ অবিচ্ছেদ্য সম্বন্ধ আছে, আমাৰ মানসিক অৱস্থা, ভাব, অনুভূতি আদি বিভিন্ন ধৰণৰ শাৰীৰিক প্ৰতিক্ৰিয়া , তথা আচৰণ আদিৰ যোগেৰে প্ৰকাশ পায়। গতিকে এই সমূহৰ প্ৰণালীবদ্ধভাবে নিৰীক্ষণ কৰা হয়, তেতিয়াহে মনৰ স্বৰূপ বুজিব পৰা যায়। বিজ্ঞানসন্মত ভাবে নিৰীক্ষণ কৰাৰ অৰ্থে নিৰীক্ষণ কাৰি অভিজ্ঞ আৰু প্ৰশিক্ষণ প্ৰাপ্ত হব লাগিব। নিৰীক্ষণ ৰ ভিন্ন প্ৰকাৰৰ হব পাৰে যেনে – প্ৰত্যক্ষ আৰু পৰোক্ষ , স্বাভাৱিক আৰু কৃত্ৰিম, পৰিকল্পিত আৰু অপৰিকল্পিত আদি ।
৪.ঘটনা বিৱৰণী পদ্ধতিঃ ঘটনা বিৱৰণী পদ্ধতিত এজন বিশেষ ব্যক্তিক বিষয় বস্তু ভ হিচাপে লৈ অধ্যয়ন কৰা হয়। যিবিলাক শিশু সমস্যা যুক্ত তেওঁলোকক অধ্যয়নৰ বিষয় বস্তু হিচাপে লোৱা হয়। শিশুৰ শিক্ষণৰ অক্ষমতা বা অসুবিধা , আবেগিক অস্থিৰতা , আচৰণ জনিত সমস্যা আদি দেখা যায়। ঘটনা বিৱৰণী পদ্ধতিৰ জৰিয়তে এনে শিশু চিনাক্ত কৰণ কৰি অতি সাৱধানেৰে অধ্যয়ন কৰা হয়। শিশুটি সম্বন্ধীয় নানা ধৰণৰ তথ্য পাতি যেনে শিশুৰ অতীত জীৱনৰ বুৰঞ্জী, তেওঁৰ জীৱনত ঘটা বিশেষ ঘটনা যি মানসিক সমস্যাৰ সৃষ্টি কৰিব পাৰে আদি বিতংকৈ অধ্যয়ন কৰা হয়। আৰু শিশুটিৰ বৰ্তমানৰ শাৰীৰিক, মানসিক, আবেগিক, সামাজিক স্থিতি সম্বন্ধে বিচাৰ বিবেচনা কৰা হয়।ঘটনা বিৱৰণী পদ্ধতি জৰিয়তে অতি প্ৰতিভাশালী শিশুৰ কেতবোৰ সমস্যা সমাধানত বিশেষ ভাৱে সহায় কৰে।
৫. প্রক্ষিপ্ত প্দ্ধতিঃ প্রক্ষিপ্ত প্দ্ধতি হৈছে এনে এবিধ মনো বিশ্লেষণকাৰী উপায় যাৰ দ্বাৰা অচেতন মন সম্বন্ধে অধ্যয়ন কৰিব পাৰি । মানৱ মনৰ সচেতন আৰু অৱচেতন মনৰ উপৰিও আন এটা দিশ আছে যাক অচেতন মন বুলি কোৱা হয়। মানুহৰ বহুতো চিন্তা, ভাবনা, ভাৱ- অনুভূতি ইচ্ছা, আদি এই অচেতন মনত দমন হৈ থাকে । আৰু অচেতন মনৰ অবদমিত বিষয় সমূহ বিষয়ে জনাত প্রক্ষিপ্ত প্দ্ধতি বিশেষ ভাৱে প্ৰয়োজন । এই পদ্ধতি ৰ সহায়ত এজন ব্যক্তিয়ে প্ৰদৰ্শন কৰা অস্বাভাৱিক আচৰণ অন্তৰালত নিহিত হৈ থকা কাৰণ সমূহ ৰ প্ৰকাশ কৰাত সহায় কৰে । প্রক্ষিপ্ত প্দ্ধতি বিভিন্ন প্ৰকাৰ সমূহ হল – চিয়াঁহী পৰীক্ষা ( inkblot test ) , মুক্ত অনুসংগ ( free association), বাক্য পূৰ্ণ কৰণ ( sentence completion ) ।
২ ) চমু প্রশ্নঃ
ক ) তলৰ বাক্যসমূহ ব্যাখ্যা কৰা-
শিক্ষামনােবিজ্ঞান এবিধ বাস্তৱ ভিত্তিক বিজ্ঞান ।
উত্তৰঃ শিক্ষা মনোবিজ্ঞানে ব্যক্তিৰ বিভিন্ন মানসিক প্ৰক্ৰিয়া আৰু আচৰণ অধ্যয়ন কৰে । মানৱ প্ৰকৃতি আৰু আচৰণ অধ্যয়ন কৰাটো এক কঠিন আৰু জটিল কাম । কাৰণ মানুহৰ আচৰণ সমূহ পৰিবৰ্তনশিল । ব্যক্তিৰ মন আৰু আচৰণ সমূহ পৰিবৰ্তন হৈ থাকে। সেয়েহে আচৰণ সম্বন্ধে কোনো আগতীয়া সিদ্ধান্ত লব নোৱাৰি । শিক্ষা মনোবিজ্ঞানে কেবল ব্যক্তিৰ বাস্তব সময়ৰ আচৰণ সমূহ অধ্যয়ন কৰে । আৰু সেই বাবে শিক্ষামনােবিজ্ঞান এবিধ বাস্তৱ ভিত্তিক বিজ্ঞান বুলি কোৱা হয় ।
শিক্ষামনােবিজ্ঞান মনােবিজ্ঞানৰ এক প্রায়ােগিক শাখা ।
উত্তৰঃ শিক্ষা মনোবিজ্ঞানে শিক্ষণ সম্বন্ধীয় মানৱ আচৰণ তথা শিক্ষা, শিক্ষাদান প্ৰক্ৰিয়াৰ ওপৰত প্ৰভাব পেলোৱা মানসিক ক্ৰিয়া সমূহৰ বিষয়ে অধ্যয়ন কৰে । শিক্ষা মনোবিজ্ঞানে। মনোবিজ্ঞানৰ নীতি আদৰ্শ সমূহ শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োগ কৰে বাবে শিক্ষা মনোবিজ্ঞানক প্ৰায়োগিক মনোবিজ্ঞানৰ এটা শাখা বুলি কোৱা হয় ।
শিক্ষামনােবিজ্ঞানে প্রাপ্তবয়স্কসকলৰ আচৰণ অধ্যয়ন নকৰে ।
উত্তৰঃ শিক্ষা মনোবিজ্ঞান সাধাৰণতে শিক্ষা প্ৰদান ব্যবস্থাৰ লগত জৰিত। শিক্ষা মনোবিজ্ঞনে ছাত্ৰ ছাত্ৰী ৰ শৈক্ষিক দিশত দেখা দিয়া বিভিন্ন সমস্যা আৰু শৈক্ষিক পৰিৱেশৰ লগত জৰিত ছাত্ৰ ছাত্ৰী ৰ আচৰণ সমূহ অধ্যয়ন কৰে । শিক্ষা মনোবিজ্ঞানে শিক্ষণৰ ক্ষেত্ৰত বহু ধৰণৰ নীতি, তথ্য আদি উদ্ভাৱন কৰিছে আৰু শ্ৰেণী কক্ষৰ শিক্ষণ কাৰ্য বেছি ফল প্ৰসু কৰাৰ বাবে এই বোৰ প্ৰয়োগ কৰা হয়। শিক্ষা মনোবিজ্ঞান কেবল শিক্ষণ আৰু শিক্ষাদান ৰ পৰিস্থিতিত শিক্ষাৰ্থীয়ে দেখুওৱা আচৰণ সমূহ অধ্যয়ন কৰে । ই বিকাশৰ শেষৰ স্তৰ সম্বন্ধে অধ্যয়নত গুৰুত্ব নিদিয়ে সেয়েহে শিক্ষামনােবিজ্ঞানে প্রাপ্তবয়স্কসকলৰ আচৰণ অধ্যয়ন নকৰে ।
অন্তদর্শন পদ্ধতিৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ অন্তদৰ্শন পদ্ধতি – মনোবিজ্ঞান অধ্যয়নৰ পদ্ধতি সমূহৰ ভিতৰত অন্তদৰ্শন পদ্ধতি সবাতকৈ পুৰণি আৰু ই অতীত মনোবিদ সকলৰ মাজত যথেষ্ট জন প্ৰিয় আছিল। ব্যক্তিয়ে নিজে নিজৰ মনত ভাৱ, চিন্তা আদিক পৰীক্ষা কৰি চোৱাই হৈছে অন্ত দৰ্শন পদ্ধতি । এই পদ্ধতি দাঙি ধৰা মনোবিদ সকলৰ মতে মনো দৈহিক ক্ষেত্ৰত এজন ব্যক্তিয়ে যি অভিজ্ঞতা অনুভৱ কৰে যি সকলো মানুহৰ একে ধৰণৰ হোৱা দেখা যায়। যেনে দুখ, সুখ, আনন্দ, অনুভূতি আদি। অন্ত দৰ্শন পদ্ধতিয়ে বিশ্বাস কৰে যে আনৰ মন আৰু মানসিক ক্ৰিয়া সমূহৰ বিষয়ে জ্ঞান লাভৰ বাবে ব্যক্তিয়ে নিজৰ মন আৰু মানসিক অৱস্থাৰ বিষয়ে অনুসন্ধান কৰাটো প্ৰয়োজন ।
খ) পেস্তলজীক কিয় শিক্ষামনােবিজ্ঞানৰ পিতৃ বুলি বিবেচনা কৰা হয় ।
উত্তৰঃ শিক্ষা মনোবিজ্ঞান হৈছে এক প্ৰায়োগিক মনোবিজ্ঞান । চুইজাৰলেণ্ডৰ বিখ্যাত দাৰ্শনিক জে. এইচ . পেস্তলজী পোন প্ৰথম বাৰৰ বাবে শিক্ষাত মনোবিজ্ঞানৰ ধাৰণা আৰু নীতি প্ৰয়োগ কৰিছিল । মনোবিজ্ঞানৰ দ্বাৰা সৃষ্ট শিক্ষাৰ বিভিন্ন তত্ব, নীতি সমূহ, শিক্ষণ কাৰ্যত প্ৰয়োগ কৰাৰ ফলস্বৰূপে শিক্ষা মনোবিজ্ঞানৰ শাখাটোৰ উৎপত্তি হৈছে । সেয়েহে পেস্তলজী ক শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি কোৱা হয় ।
ঘ ) প্রক্ষিপ্ত পদ্ধতিৰ সুবিধা অসুবিধা সম্পর্কে লিখা ।
উত্তৰঃ প্রক্ষিপ্ত পদ্ধতিৰ সুবিধা সমূহ হলঃ
১. মনো চিকিৎসক সকলৰ বাবে প্রক্ষিপ্ত পদ্ধতি সমূহ অতিশয় প্ৰয়োজনীয়। কাৰণ এই বিলাকৰ সহায়ত মানসিক ৰোগ চিনাক্ত কৰণ আৰু নিৰাময় ব্যবস্থা কৰিব পাৰি ।
২. প্রক্ষিপ্ত পদ্ধতিৰ সহায়েৰে এজন লোকৰ ব্যক্তিত্ব ৰ সম্পূৰ্ন আভাস পাব পাৰি ।
প্রক্ষিপ্ত পদ্ধতিৰ অসুবিধা সমূহ হল –
১. প্রক্ষিপ্ত পদ্ধতি মূলতে ব্যক্তিধৰ্মী বাবে স্কুলৰ পৰামৰ্শ দাতা সকলৰ বাবে ই উপযোগী নহয় ।
২. প্রক্ষিপ্ত পদ্ধতি সময় সাপেক্ষ । ইয়াৰ পৰা লদ্ধ হোৱা তথ্য সমূহ ৰ বিশ্লেষণ কৰাতো এক কঠিন কাম ।
ঙ ) এজন শিক্ষকে কিয় শিক্ষার্থী আৰু পাঠ দুয়ােৰে বিষয়ে জনা উচিত চমুকৈ লিখা ।
উত্তৰঃ শিক্ষণ প্ৰক্ৰিয়া টোৰ লগত দুটা বিষয় জৰিত হৈ আছে। এটা হৈছে শিক্ষাৰ্থী আৰু আনটো হৈছে পঠনীয় বিষয় । প্ৰতিজন শিক্ষকৰ পঠনীয় বিষয় বস্তুৰ জ্ঞান থকাৰ লগতে শিক্ষাৰ্থীৰ মানসিকতা সম্বন্ধে জ্ঞান থকাটো প্ৰয়োজন । আৰু ইয়াৰ বাবে শিক্ষক সকলে মনোবিজ্ঞান অধ্যয়ন কৰাটো প্ৰয়োজন । শিক্ষক এজনে শিক্ষাৰ্থীৰ মানসিক অৱস্থা তেওঁলোকৰ প্ৰয়োজন অনুসৰি শিক্ষা প্ৰদান কৰিব লাগে । তেতিয়াহে শিক্ষা প্ৰক্ৰিয়া টো ফলপ্ৰসু হয়। আৰু শিক্ষাৰ্থীৰ প্ৰয়োজন অনুসৰি তেওঁলোকৰ বাবে পঠনীয় বিষয় সমূহ বাছনি কৰি শিক্ষা প্ৰদান কৰিব লাগে । শিক্ষকে শিক্ষাৰ্থী আৰু তেওঁলোকৰ প্ৰয়োজন অনুসৰি বিষয় বস্তুৰ জ্ঞান থাকিলে শিক্ষা প্ৰক্ৰিয়া টো সফল হৈ উঠিব।
৩ ) খালী ঠাই পূৰ কৰাঃ
ক) আধুনিক শিক্ষা মনোবিজ্ঞান ভিত্তিক ।
খ) শিক্ষামনােবিজ্ঞান প্ৰায়োগিক মনােবিজ্ঞানৰ এক শাখা ।
গ ) শিক্ষাত মনােবিজ্ঞানৰ নীতি প্রয়ােগ কৰা প্রথম ব্যক্তিজন হ’ল পেস্তালজী ।
ঘ) শিক্ষামনােবিজ্ঞানে শিক্ষাৰ no নির্ণয় নকৰে ।
ঙ ) ৰুচোৰ শিক্ষাবিষয়ক প্রসিদ্ধ গ্রন্থখনৰ নাম এমিল ( Emile) ।
তলত দিয়া উক্তিকেইটিৰ শুদ্ধতা / অশুদ্ধতা নির্ণয় কৰা-
ক ) প্রক্ষিপ্ত পদ্ধতিৰ সহায়েৰে ব্যক্তিৰ বাহ্যিক আচৰণ অধ্যয়ন কৰা হয় ।
উত্তৰঃ শুদ্ধ
খ ) শিক্ষাৰ উদ্দেশ্য স্থিৰ কৰে মনােবিজ্ঞানে , দর্শনে নহয় ।
উত্তৰঃ অশুদ্ধ
গ ) শিক্ষামনােবিজ্ঞানে ঘাইকৈ শিক্ষার্থীৰ আচৰণ অধ্যয়ন কৰে ।
উত্তৰ : শুদ্ধ
ঘ ) পৰীক্ষণ পদ্ধতিৰ দ্বাৰা সামাজিক যােগ্যতা বিচাৰ কৰিব পাৰি ।
উত্তৰঃ অশুদ্ধ
ঙ ) শিক্ষামনােবিজ্ঞান আৰু মনােবিজ্ঞান এবিধ আনবিধৰ পৰিপূৰক ।
উত্তৰঃ শুদ্ধ
Posted onSeptember 19, 2022
মানসিক জীৱনৰ শাৰীৰিক ভিত্তি।। উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক
মানসিক জীৱনৰ শাৰীৰিক ভিত্তি
প্রশ্নাৱলীঃ
১। সংবেদন বুলিলে কি বুজা ? সংবেদনৰ বৈশিষ্ট্যসমূহ লিখা ।
উত্তৰঃ ইন্দ্ৰি়য় সমূহ উদ্দিপকৰ সংস্পৰ্শলৈ অহাৰ লগে লগে উদ্দিপক সম্বন্ধে মনত যি প্ৰাথমিক চেতনা অনুভব হয় তাকে সংবেদন বোলে। উদ্দীপক, শৰীৰ আৰু মন এই তিনিটাৰ পাৰস্পৰিক ক্ৰিয়াত সংবেদন অনুভূত হয়। উদ্দিপকৰ লগত ইন্দ্ৰিয়ৰ সংযোগ ঘটাৰ লগে লগে ইন্দ্ৰিয় কোষবোৰ উত্তেজিত হয় আৰু অন্তমুখী স্নায়ুৰ সহায়ত সেই উদ্দীপনা মগজুলৈ প্ৰবাহিত হয়। তেতিয়াই উদ্দীপক সম্পৰ্কে মনত যি প্ৰাথমিক চেতনাৰ সঞ্চাৰ হয় তাকে সংবেদন বোলে।
সংবেদনৰ বৈশিষ্ট্যসমূহ হলঃ
১. জ্ঞান বা অভিজ্ঞতাৰ সৰলতম উপাদান হল সংবেদন। সংবেদনৰ সহায়ত আমি বাহিৰা জগতৰ পৰা জ্ঞান লাভ কৰোঁ।
২. উদ্দীপক হল সংবেদনৰ মূল কাৰণ। উদ্দিপকে দেহৰ ওপৰত ক্ৰিয়া কৰাৰ ফলত সংবেদনৰ সৃষ্টি হয়।
৩. সংবেদন বস্তু কেন্দ্ৰিক মানসিক অৱস্থা মাথোন। সংবেদন মানসিক অৱস্থা হলেও কিন্তু ই বস্তু কেন্দ্ৰিক অৰ্থাৎ উদ্দীপকৰ ওপৰত নিৰ্ভৰশীল।
৪. সংবেদন মনৰ এক নিষ্ক্ৰিয় অৱস্থা। সংবেদনৰ বেলিকা মনে বাহিৰা জগতৰ উদ্দীপনা নিষ্ক্ৰিয় ভাবে গ্ৰহণ কৰে। ব্যক্তিয়ে নিজৰ ইচ্ছাৰে এই উদ্দীপনা গ্ৰহণ নকৰে। বাহিৰৰ পৰা জোৰ কৰি এই উদ্দীপনা জাপি দিয়া হয়।
৯। ভুল সংবোধন কেনেকৈ হয় ? ই কেই প্ৰকাৰৰ ? ভ্রান্ত প্রত্যক্ষৰ কাৰণ সমূহ লিখা ।
উত্তৰ:- সংবেদনৰ সঠিক শুদ্ধ বাখ্যা হৈছে সংবোধন । সংবেদন সঠিক ভাবে বা শুদ্ধকৈ বাখ্যা নহলে ভুল সংবোধনৰ সৃষ্টি হয় । বাহ্যিক জগতৰ বিভিন্ন উদ্দীপকৰ সহায়ত ইন্দ্ৰি়য় সমূহৰ জৰিয়তে আমাৰ মনত সংবেদন জাগে আৰু সেই সংবেদনৰ প্ৰকৃত অৰ্থ নিৰ্ণয় কৰাত পৃথককৰণ, সদৃশকৰণ , পুনৰ উদ্ভাৱন আদিয়ে সহায় কৰে । সংবোধন হবলৈ হলে সংবেদন আৰু তাৰ বাখ্যাৰ প্ৰয়োজন । কিন্তু অস্বাভাৱিক কল্পনাৰ প্ৰভাবত কোনো এটা সংবেদনৰ অযথা ব্যাখ্যাৰ ফলত আমাৰ সংবোধন দোষযুক্ত বা ভুল হৈ পৰে । তেনেকৈ ভুল সংবোধনৰ সৃষ্টি হয়
সংবোধন দুই প্ৰকাৰৰ । ভ্ৰান্ত প্ৰতক্ষ্য আৰু অলিক প্ৰতক্ষ্য ।
ভ্ৰান্ত প্ৰতক্ষ্য :- সংবেদনৰ প্ৰকৃত অৰ্থ নিৰ্ণয় কৰাৰ সময়ত অস্বাভাৱিক কল্পনাৰ প্ৰভাবত যেতিয়া আমি উদ্দীপক সম্বন্ধে ভুল বাখ্যা দিও তাক ভ্ৰান্ত প্ৰতক্ষ্য বুলি কোৱা হয় । ভ্ৰান্ত প্ৰতক্ষ্যৰ কাৰণ সমূহ হল –
১. বস্তুগত কাৰণ :- উদ্দীপকৰ আকাৰ , গঠন আদিৰ কাৰণেও ভ্ৰান্ত প্ৰতক্ষ্যৰ সৃষ্টি হয় ।
২. দৈহিক কাৰণ :- ব্যক্তিৰ দৈহিক অৱস্থা ৰ ফলতো ভ্ৰান্ত প্ৰতক্ষ্যৰ সৃষ্টি হয় । বৃদ্ধ কালত দৃষ্টি শক্তি কমি যোৱা ৰ ফলত এজন মানুহক আন বেলেগ নামেৰে মতা আদি ।
৩. মানসিক কাৰণ :- ভ্ৰান্ত ধাৰণা , পূৰ্ব ধাৰণা , প্ৰত্যাশা , অন্ধ বিশ্বাস , ভয় , সন্দেহ আদিয়ে ভ্ৰান্ত ধাৰণাৰ সৃষ্টি কৰে । মাক দেউতাকে নিজৰ সন্তানৰ ভুল নেদেখা , মহে কামুৰি শৰীৰৰ কোনো ঠাই উখহিলে বসন্ত ৰোগ হোৱা বুলি ধাৰণা কৰা ইত্যাদি ।
Posted onSeptember 19, 2022
শিক্ষাৰ ধাৰণা আৰু লক্ষ্য।। অধ্যায় -১।। একাদশ শ্ৰেণী
শিক্ষাৰ ধাৰণা আৰু লক্ষ্য
Lesson-1
শিক্ষাৰ ধাৰণা আৰু লক্ষ্য
(১) Education ‘ শব্দটোৰ উৎপত্তি ব্যাখ্যা কৰা ।
উত্তৰঃ শিক্ষা হৈছে অভিজ্ঞতা আহৰণ প্ৰক্ৰিয়া । শিক্ষাৰ ইংৰাজী প্ৰতিশব্দ “Education ” শব্দটো লেটিন শব্দ ” E” “Duco “, ” Educere “, ” Educare ” , “Educatum ” ৰ পৰা উৎপত্তি হোৱা বুলি কোৱা হয় । ইয়াৰে ” E” “Duco ” ৰ অৰ্থ হৈছে ‘ মই আগবাঢ়ো ‘। লেটিন শব্দ ” Educare ” ৰ অৰ্থ হৈছে ‘ বৃদ্ধি কৰা বা বিকাশ কৰা ‘ । ” Educere ” শব্দৰ অৰ্থ হৈছে ‘ লালন পালন কৰা ‘ । আৰু ইয়াৰ আনটো লেটিন শব্দ “Educatum ” ৰ অৰ্থ হৈছে ‘ শিক্ষাদান কাৰ্য ‘ । শিক্ষাই ব্যক্তিৰ অন্তৰ্নিহিত আৰু বহিঃ শক্তিৰ বিকাশ লাভ কৰাটো বুজায়।
(২) শিক্ষা কি ? সংজ্ঞাসহকাৰে ইয়াৰ অর্থ ব্যাখ্যা কৰা ।
উত্তৰঃ শিক্ষা হৈছে পৰিবেশৰ লগত খাপ খাব পৰা বিশেষ ক্ষমতা। শিক্ষা হৈছে এক অভিজ্ঞতা আহৰণ কৰা প্ৰক্ৰিয়া যাৰ সহায়ত ব্যক্তিৰ অন্তৰ্নিহিত মানসিক শক্তি সমুহৰ বিকাশ সাধন হৈ পৰে । শিক্ষাই ব্যক্তিক সমাজত শাৰীৰিক, মানসিক আৰু আৱেগিক ভাৱে পূৰঠ হবলৈ শিকাই ।
প্লেটোৰ মতে ; ” শিক্ষা হল সমাজ আৰু ব্যক্তিৰ মাজত চলি থকা এটা প্ৰক্ৰিয়া । এই প্ৰক্ৰিয়া ব্যক্তিৰ দেহ, আত্মাৰ লগত জৰিত। এই প্ৰক্ৰিয়াই এজন ব্যক্তিৰ সুখ, আনন্দ যথা সময়ত লভিবলৈ সক্ষম কৰে ।”
উপৰত উল্লেখ কৰা সংজ্ঞা টোৰ পৰা বুজিব পাৰি যে শিক্ষা হৈছে সামজ আৰু ব্যক্তিৰ সংলগ্ন কৰি চলি থকা এটা প্ৰক্ৰিয়া। যিয়ে ব্যক্তিৰ সৰ্বাংগীন বিকাশ সাধন কৰি তোলে। যাৰ ফলত ব্যক্তিয়ে নিজৰ জীৱনত সুখ আনন্দ লাভ কৰিবলৈ সক্ষম হয় ।
(৩) সংকীর্ণ আৰু ব্যাপক অর্থত শিক্ষা বুলিলে কি বুজা ?
উত্তৰঃ সংকীৰ্ণ অৰ্থ ৰ শিক্ষা হৈছে সুপাৰিকল্পিত আৰু সুসংগঠিত প্ৰক্ৰিয়া ।সংকীৰ্ণ অৰ্থ শিক্ষা ব্যৱস্থাত বিদ্যাল়সমূহত নিৰ্দিষ্ট পাঠ্যক্ৰম, অনুশাসন , শিক্ষণ পদ্ধতি মানি চলা হয়। ছাত্ৰ- ছাত্ৰী সকলক পৰীক্ষাৰ মাধ্যমৰে নম্বৰ আৰু গ্ৰেড দিয়া হয় । প্ৰচলিত সমাজৰ সাংস্কৃতিক ঐতিহ্যসমূহ ভৱিষ্যৎ সমাজৰ উঠি অহা চামলৈ প্ৰেৰণ কৰাই হৈছে সংকীৰ্ণ অৰ্থ ত শিক্ষাৰ উদ্দেশ্য।
ব্যাপক অৰ্থত জন্মৰ পৰা মৃত্যু লৈকে এজন ব্যক্তিয়ে আহৰণ কৰা জ্ঞানকেই শিক্ষা বুলি কোৱা হয়। বহল অৰ্থত শিক্ষা হৈছে এক সামাজিক প্ৰক্ৰিয়া । সমাজৰ সকলো ধৰণৰ অনুষ্ঠানৰ লগত মানুহ জড়িত হৈ থাকে, সেয়েহে সমাজৰ লগত থকা ওতঃপ্ৰোত সম্বন্ধই এজন ব্যক্তিক শিক্ষিত কৰি তোলে। বহল অৰ্থত শিক্ষাক এজন ব্যক্তিৰ বিকাশ বুলি জনা যায় ।
ব্যক্তিৰ সৰ্বাংগীন বিকাশ ত শিক্ষাৰ শিক্ষাৰ ঠেক আৰু বহল অৰ্থ শিক্ষাৰ ভূমিকা গুৰুত্বপূৰ্ণ ।
( ৪ ) শিক্ষাৰ দ্বিপক্ষীয় আৰু ত্রিপক্ষীয় প্রক্রিয়া বুলিলে কি বুজা ?
উত্তৰঃ ছাৰ জন আদামছে তেখেতৰ নামৰ পুথিখনত শিক্ষাক এক দ্বিপক্ষীয় প্ৰক্ৰিয়া বুলি কৈছে। ইয়াত শিক্ষক আৰু শিক্ষাৰ্থী দুটা পক্ষ আছে । তেখেতৰ মতে শিক্ষকৰ ব্যক্তিত্ব শিক্ষাৰ্থীৰ ব্যক্তিত্বৰ বিকাশত প্ৰভাৱ পেলাব পাৰে । শিক্ষকে ছাত্ৰক জ্ঞান প্ৰাদান কৰে । তেওঁৰ অবিহনে শিক্ষা উদ্দেশ্যহীন বুলি কব পাৰি। তেনেদৰে শিক্ষাৰ্থী অবিহনে শিক্ষকৰ কৰ্তব্য মূল্যহীন । শিক্ষাৰ দ্বিপক্ষীয় প্ৰক্ৰিয়াত শিক্ষকে ছাত্ৰক জ্ঞান প্ৰদান কৰে। গোটেই শিক্ষা প্ৰক্ৰিয়াটো শিক্ষক আৰু শিক্ষাৰ্থী মাজত চলি থাকে বাবে ইয়াক দ্বিপক্ষীয় প্ৰক্ৰিয়া বুলি কোৱা হয় ।
শিক্ষা এটা ত্ৰিপাক্ষিক প্ৰক্ৰিয়া ।” কথাষাৰ জন ডিউই কৈছিল।
শিক্ষক আৰু শিক্ষাৰ্থীৰ বাহিৰেও সামাজিক পৰিবেশে শিক্ষা ফলপ্ৰসূ কৰি তোলে । শিক্ষকে শিক্ষাৰ্থীৰ আগ্ৰহ অভিৰুচি অনুযায়ী শিক্ষাৰ আঁচনি প্ৰস্তুত কৰিব লাগে , শিক্ষা প্ৰদান কৰিব লাগে , উচিত মূল্যায়ন কৰিব লাগে। সামাজিক পৰিবেশত যাতে শিক্ষাৰ্থী সকলে ভালদৰে খাপ পাব পাৰে তাৰ বাবে চেষ্টা কৰিব লাগে। একোখন সমাজে শিক্ষাৰ উদ্দেশ্য, শিক্ষণ প্দ্ধাতি নিৰূপণ কৰে। শিক্ষকে সমাজৰ প্ৰয়োজন অনুসৰি শিক্ষাৰ্থীৰ আচৰণ সংশোধন কৰিবলৈ বিচাৰে। শিক্ষাৰ ত্ৰিপাক্ষিক প্ৰক্ৰিয়াত প্ৰতিটো পক্ষই নিজস্ব ভূমিকা পালন কৰে । এই ক্ষেত্ৰত ছাত্ৰ হল – ক্ৰিয়াৰ ভূমিকা গ্ৰহণ কাৰি , শিক্ষক হল ক্ৰিয়া পৰিচালনা কাৰি আৰু সামাজিক পৰিবেশ হল শিক্ষা বিষয় আৰু গতি নিৰ্ধাৰণকাৰি ।
( ৫ ) শিক্ষাৰ পৰিসৰ মানে কি ?
উত্তৰঃ মানুহৰ অন্তৰ্নিহিত মানসিক শক্তিৰ বিকাশে হৈছে শিক্ষা। শিক্ষা হৈছে এনে এক প্ৰক্ৰিয়া যাৰ সহায়ত শিশুৰ দৈহিক, মানসিক, আধ্যাত্মিক সকলো প্ৰকাৰ বিকাশ সাধন সম্ভৱ হৈ উঠে। শিক্ষা হৈছে জীৱন ব্যাপী চলা এক প্ৰক্ৰিয়া।
পৰিসৰ বুলি ক’লে আমি সাধাৰণতে পৰিসীমাক বুজো। কিন্তু শিক্ষা বিষয়টোক নিৰ্দিষ্ট পৰিধিৰ মাজত আবদ্ধ কৰিব নোৱাৰি। ইয়াৰ পৰিসৰ অতি ব্যাপক। শিক্ষাই ব্যক্তিৰ সামূহিক বিকাশ যেনে শাৰীৰিক, মানসিক আধ্যাত্মিক, নৈতিক, সামাজিক বিকাশৰ কথা বুজাই। এটা শিশুৰ জন্ম ৰ পৰাই শিক্ষা আৰম্ভ হয় আৰু মৃত্যু পৰ্যন্ত চলি থাকে। সেইবাবে গোটেই জীৱনটোৱেই শিক্ষাৰ পৰিসৰৰ ভিতৰত পৰে। সামাজিক নীতি, ভাষা আদিও শিক্ষাৰ পৰিসৰ ত অন্তৰ্ভুক্ত।
(৬) আনুষ্ঠানিক শিক্ষা বুলিলে কি বুজায় ?
উত্তৰঃ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ সমূহত শিক্ষাৰ্থী সকলক সূপাৰিকল্পিত আৰু উদ্দেশ্য প্ৰনদিত ভাৱে যি শিক্ষা প্ৰদান কৰা হয় তাকে অনুষ্ঠানিক শিক্ষা বোলে । অনুষ্ঠানিক শিক্ষা পদ্ধতি নিৰ্ধাৰিত সময়সূচী , পাঠ্যক্ৰম , পৰীক্ষা ব্যবস্থা, নীতি নিয়ম , অনুশাসনৰ দ দ্বাৰা নিয়ন্ত্ৰিত । অনুষ্ঠানিক শিক্ষাত ডিগ্ৰী , ডিপ্লমা, চাৰ্টিফিকেট প্ৰদান কৰা হয় ।
( ৭ ) অনানুষ্ঠানিক শিক্ষা বুলিলে কি বুজায় ?
উত্তৰঃ বিদ্যালয় আৰু মহাবিদ্যালয় আদি শিক্ষানুষ্ঠানৰ বাহিৰত অন্যান্য উৎসৰ পৰা পৰোক্ষ ভাবে লাভ কৰা শিক্ষাক অনানুষ্ঠানিক শিক্ষা বুলি কোৱা হয়। এই শিক্ষাত শিক্ষাৰ্থী ওপৰত কোনো ধৰা বন্ধা নিয়ম নাথাকে। অনানুষ্ঠানিক শিক্ষা ব্যক্তিয়ে মুক্ত ভাবে নিজ পৰিবেশত লাভ কৰিব পাৰে। ইয়াত কোনো ধৰণৰ প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষকৰ নিযুক্তি দিয়া নহয়। এই শিক্ষাৰ শেষত কোনো ধৰণৰ ডিগ্ৰী ডিপ্লমা প্ৰদান কৰা নহয়।
(৮) আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাৰ মাজত থকা পার্থক্য তিনিটা উল্লেখ কৰা ।
উত্তৰঃ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ সমূহত শিক্ষাৰ্থী সকলক সূপাৰিকল্পিত আৰু উদ্দেশ্য প্ৰনদিত ভাৱে যি শিক্ষা প্ৰদান কৰা হয় তাকে অনুষ্ঠানিক শিক্ষা বোলে । অনুষ্ঠানিক শিক্ষা পদ্ধতি নিৰ্ধাৰিত সময়সূচী , পাঠ্যক্ৰম , পৰীক্ষা ব্যবস্থা, নীতি নিয়ম , অনুশাসনৰ দ দ্বাৰা নিয়ন্ত্ৰিত । অনুষ্ঠানিক শিক্ষাত ডিগ্ৰী , ডিপ্লমা, চাৰ্টিফিকেট প্ৰদান কৰা হয় ।
বিদ্যালয় আৰু মহাবিদ্যালয় আদি শিক্ষানুষ্ঠানৰ বাহিৰত অন্যান্য উৎসৰ পৰা পৰোক্ষ ভাবে লাভ কৰা শিক্ষাক অনানুষ্ঠানিক শিক্ষা বুলি কোৱা হয়। এই শিক্ষাত শিক্ষাৰ্থী ওপৰত কোনো ধৰা বন্ধা নিয়ম নাথাকে। অনানুষ্ঠানিক শিক্ষা ব্যক্তিয়ে মুক্ত ভাবে নিজ পৰিবেশত লাভ কৰিব পাৰে।
আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাৰ মাজৰ তিনিটা পাৰ্থক্য হল:
1.আনুষ্ঠানিক শিক্ষাৰ নিৰ্ধাৰিত সময়সীমা আৰু বয়স সীমা থাকে আনহাতে অনানুষ্ঠানিক শিক্ষাৰ নিৰ্ধাৰিত সময়সীমা আৰু বয়স সীমা নাথাকে ।
2.আনুষ্ঠানিক শিক্ষাৰ ধৰা বন্ধা নিয়ম আছে আনহাতে আননুষ্ঠানিক শিক্ষাৰ ধৰা বন্ধা নিয়ম নাই।
3. আনুষ্ঠানিক শিক্ষাত আৰম্ভণি আৰু শেষ দুয়োটা আছে আনহাতে অনানুষ্ঠানিক শিক্ষাত আৰম্ভণি আৰু শেষ বুলি কোনো কথা নাই।
(৯) অনোপচাৰিক শিক্ষা কাক বোলে ? আনুষ্ঠানিক শিক্ষাৰ লগত ইয়াৰ পার্থক্য কত ?
উত্তৰঃ যি সকল লোকে আনুষ্ঠানিক শিক্ষা গ্ৰহন কৰিব নোৱাৰে , যি সকল শিক্ষাৰ্থীয়ে শিক্ষা সমাপ্ত নকৰাকৈ শিক্ষানুষ্ঠান পৰিত্যাগ কৰিব লগা হয় ।এনেবোৰ লৰা ছোৱালী ৰ বাবে চৰকাৰে এক প্ৰকাৰৰ শিক্ষা ব্যবস্থা কৰিছে এই শিক্ষা ব্যবস্থা ক অনৌপচাৰিক শিক্ষা বোলে। অগতানুগতিক শিক্ষা ত মূল্যায়নৰ ভিত্তিত ডিগ্ৰী, মানপত্ৰ প্ৰদান কৰা হয় । অগতানুগতিক শিক্ষা শিক্ষাৰ্থীৰ প্ৰয়োজন অনুসৰি বিভিন্ন ধৰণৰ পাঠ্ক্ৰমসমূহ থকা দেখা যায় ।
আনুষ্ঠানিক শিক্ষাৰ লগত ইয়াৰ পাৰ্থক্য হল –
1. অনৌপচাৰিক শিক্ষাত নিৰ্ধাৰিত সময়সীমা আৰু বয়স সীমা নাথাকে আনহাতে অনুষ্ঠানিক শিক্ষাৰ নিৰ্ধাৰিত সময়সীমা আৰু বয়স সীমা থাকে ।
2.অনৌপচাৰিক শিক্ষা পৰিবৰ্তনশীল পাঠ্যক্ৰম, আত্ম অনুশাসন আৰু সজাগতাৰ ওপৰত নিৰ্ভৰশীল আনহাতে অনুষ্ঠানিক শিক্ষা নিৰ্দিষ্ট পাঠ্যক্ৰম, কঠোৰ অনুশাসন , নিৰ্দিষ্ট শিক্ষাৰ লক্ষ্য থকা দেখা যায়।
3. অনৌপচাৰিক শিক্ষাৰ পাঠ্যক্ৰম পৰিৱৰ্তনশীল, আত্ম অনুশাসন আৰু সজাগতা উপৰত নিৰ্ভৰশীল । আনহাতে আনুষ্ঠানিক শিক্ষাৰ নিৰ্দিষ্ট পাঠ্যক্ৰম , কঠোৰ অনুশাসন, আৰু নিৰ্দিষ্ট শিক্ষাৰ লক্ষ্য থকা দেখা যায়।
(১০) ব্যক্তিকেন্দ্রিক লক্ষ্যৰ গুৰি ধৰােতা কোন ?
উত্তৰঃ ব্যক্তিকেন্দ্রিক লক্ষ্যৰ গুৰি ধৰােতা হল – ৰুচো ।
(১১) শিক্ষাৰ ব্যক্তিকেন্দ্রিক আৰু সমাজকেন্দ্রিক লক্ষ্যৰ বিষয়ে লিখা ।
উত্তৰঃ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ মুল পৃষঠপোষক আছিল ৰুচো। এটা শিশুৱে জন্মগত ভাৱে কিছুমান গুণ আয়ত্ত কৰে । শিক্ষাই এই গুণ সমূহৰ বিকাশত সহায় কৰিব লাগে। প্ৰত্যেক শিশু আনজনকৈ পৃথক । শিক্ষাৰ দ্বাৰা শিশুৰ সংগতি পূৰ্ণ আৰু প্ৰগতিশীল বিকাশ সাধন হোৱা প্ৰয়োজন । মানৱীয় গুণ সমূহৰ বিকাশ সাধন কৰা শিক্ষাৰ লক্ষ্য হোৱা উচিত। ব্যক্তিকেন্দ্ৰিক শিক্ষাৰ লক্ষ্য হৈছে ব্যক্তিৰ ক্ষমতা সমূহৰ বিকাশ সাধন কৰি সমাজৰ বাবে এজন আদৰ্শ ব্যক্তি হিচাপে গঢ় দি তোলা ।
ব্যক্তিকেন্দ্ৰিক লক্ষ্য ৰ সবলতা হলঃ
1.ব্যক্তিৰ বিকাশ অবিহনে সমাজৰ বিকাশ সম্ভৱ নহয় । সামাজিক বিকাশ ব্যক্তি বিকাশৰ ওপৰত একান্ত নিৰ্ভৰশীল ।
2. ব্যক্তি সম্বন্ধে বিবেচনা সমাজ সম্বন্ধিয় বিবেচনাতকৈ অধিক গুৰুত্বপূৰ্ণ । সেয়েহে সমাজৰ বাবে ব্যক্তি আহিলা স্বৰূপ নহৈ ব্যক্তিৰ বাবেহে সমাজ আহিলা স্বৰূপ হব লাগে ।
ব্যক্তিকেন্দ্ৰিক লক্ষ্য ৰ দুৰ্বলতা হ’লঃ
1. এই লক্ষ্যই শিক্ষিত শ্ৰেণীৰ লোকক সমাজত সুস্থ সমাযোজন স্থাপনত সহায় কৰিব নোৱাৰে। ইয়াৰ দ্বাৰা সমাজত শিক্ষিত আৰু অশিক্ষিত , যোগ্য আৰু অযোগ্য দুই শ্ৰেণীৰ লোক ৰ সৃষ্টি হব পাৰে।
2. শিক্ষাৰ ব্যক্তি কেন্দ্ৰিক লক্ষ্য় আত্মকেন্দ্ৰিক , স্বাৰ্থপৰ আৰু অসামাজিক লোকৰ সৃষ্টি কৰিব পাৰে। প্ৰতিজন লোকেই নিজ দেহ মানসিক ক্ষমতাৰে পূৰ্ণ বিকাশ লাভ কৰিলেও সি যদি সমাজমূখি হৈ নুঠে তেন্তে, তাৰ পৰা সৃষ্টিশীল আৰু গঠনাত্মাক ক্ৰিয়া আশা কৰিব নোৱাৰি ।
শিক্ষাৰ সমাজকেন্দ্ৰদিক লক্ষ্যৰ মূল পৃষ্ঠপোষক হল জন ডিউই । শিক্ষাৰ প্ৰকৃত লক্ষ্য হৈছে, ‘ সামাজিক যোগ্যতা আহৰণ কৰা ‘। শিক্ষা ই শিশু সকলক সমাজৰ যোগ্যতা সম্পন্ন ব্যক্তি হিচাপে গঢ় দি তুলিব লাগে। সমাজক বাদ দি ব্যক্তিৰ কোনো পৰিচয় থাকিব নোৱাৰে । শিক্ষাৰ সমাজকেন্দ্ৰদিক লক্ষ্য ৰ মতে দেশ বা ৰাষ্ট্ৰৰ প্ৰয়োজনক ব্যক্তিৰ প্ৰয়োজনতকৈ উচ্চ বুলি কৈছে। জীৱনত আনৰ লগত ভাৱ আৰু কৰ্মৰ আদান প্ৰদান কৰি সহযোগ, সহানুভূতি আৰু সহনশীলতাৰ মাজেৰে জীৱন নিৰ্বাহ কৰিবলৈ শিক্ষাৰ্থী ক প্ৰণালীবদ্ধ ভাবে শিক্ষা দিয়াটো সমাজকেন্দ্ৰদিক শিক্ষাৰ লক্ষ্য ।
সমাজকেন্দ্ৰদিক শিক্ষাৰ লক্ষ্য ৰ সবলতা হ’লঃ
1. সামাজিক পৰিবেশ অবিহনে ব্যক্তিৰ ক্ষমতা বা বিকাশ যোগ্যতা আৱিষ্কাৰ কৰিব নোৱাৰি । সেয়েহে ব্যক্তিৰ যোগ্যতা উদ্ভাৱন কৰিবৰ বাবে এক বিশেষ সামাজিক পৰিবেশ ৰ প্ৰয়োজন ।
2. বৰ্তমান যুগত এজন মানুহে কেতিয়াও স্বয়ং সম্পূৰ্ণ জীৱন নিৰ্বাহ কৰিব নোৱাৰে। ব্যক্তিৰ সুখ আনন্দ, আমোদ- প্ৰমোদ , শান্তি- প্ৰগতি আদিৰ বাবে মানুহে একান্তই সমাজৰ উপৰত নিৰ্ভৰ কৰিব লগা হয়।
সমাজকেন্দ্ৰদিক শিক্ষাৰ লক্ষ্য ৰ দুৰ্বলতাঃ
1. দেশৰ বিকাশত অনবৰতে গুৰুত্ব দিয়া শিক্ষা ব্যৱস্থাত ব্যক্তিয়ে নিজৰ বিকাশৰ বাবে উচিত পৰিমাণৰ প্ৰেৰণা লাভ নকৰে।
2. নিজৰ দেশৰ প্ৰতি অত্যাধিক প্ৰেম যোগাই তুলিলে চুবুৰীয়া দেশ ৰ প্ৰতি হিংসা আৰু বিদ্বেষৰ ভাব সৃষ্টি হোৱাৰ আকাংক্ষা থাকে।
( ১২ ) শিক্ষাৰ সমাজকেন্দ্রিক আৰু ব্যক্তিকেন্দ্রিক লক্ষ্য এটা আনটোৰ পৰম্পৰ বিৰােধী নহয় ববং পৰিপূৰকহে ‘ কথাফাঁকিৰ তাৎপর্য ব্যাখ্যা কৰা ।
উত্তৰঃ ব্যক্তি আৰু সমাজ এটা আনটোৰ পৰা কেতিয়াও পৃথক হব নোৱাৰে। কাৰণ দুয়োটা দুয়োটাৰে ওপৰত নিৰ্ভৰশীল। ব্যক্তিয়ে সমাজত প্ৰভাৱ পেলাই আৰু আনহাতে সমাজে ব্যক্তিৰ উপৰত প্ৰভাৱ বিস্তাৰ কৰে। ব্যক্তিৰ উন্নতিৰ দ্বাৰ সমাজৰ বিকাশ ঘটে। সেয়েহে শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত এটাত বিশেষ গুৰুত্ব দি আনটোক অৱহেলা কৰিব নোৱাৰি।
জন ডিউই মতে , প্ৰগতিশীল সমাজ গঠন হবলৈ হলে মানুহক বৌদ্ধিক স্বাধীনতা দিয়াৰ প্ৰয়োজন। সেইবাবে ব্যক্তিৰ আৰু সমাজৰ স্বাৰ্থ পূৰণৰ বাবে গণতান্ত্ৰিক সমাজ ব্যৱস্থাৰ প্ৰয়োজন। সেয়েহে নিজৰ স্বাৰ্থ পূৰণৰ বাবেই সমাজৰ উন্নতি ৰ প্ৰয়োজন আৰু ইয়াৰ বাবে প্ৰত্যেক জন লোকৰ বৰঙনি থাকিব লাগে।
সৰ্ব সাধাৰণ লোকৰ জীৱন ৰ সৈতে মুক্তভাবে সামাজিক পৰিবেশত সহযোগিতা লাভ কৰাটো অতি প্ৰয়োজনীয়। ব্যক্তি আৰু সমাজ এই দুয়োটা দিশৰ সুস্থ সমন্বয়ে সুস্থ ব্যক্তিক সুস্থ সমাজত গঢ় দি তুলিব পাৰে।
ওপৰৰ আলোচনাৰ পৰা কব পাৰি যে “শিক্ষাৰ ব্যক্তিকেন্দ্রিক আৰু সমাজকেন্দ্ৰিক লক্ষ্য এটা আনটোৰ বিৰোধী নহয়,পৰিপূৰক হে ।”
(১৩) শিক্ষা বৃত্তিমূলক লক্ষ্য কি ? সমাজত এই লক্ষ্যক কিয় অগ্রাধিকাৰ দিয়া হয় ?
উত্তৰঃ মানসিক, দৈহিক আৰু সামাজিক গুণৰাশি ৰ উৎকৰ্ষ সাধনৰ লগতে ব্যক্তিক জীৱন নিৰ্বাহৰ বাবে উপযুক্ত শিক্ষা প্ৰদান কৰাটো শিক্ষাৰ এক মূল লক্ষ্য । শিল্প আৰু বিজ্ঞান মুখি সমাজৰ অৰ্থনৈতিক প্ৰয়োজন পূৰণ কৰাৰ বাবে যি শিক্ষা প্ৰদান কৰা হয় তাকে বৃত্তিমূলক শিক্ষা বোলে । মানুহক উৎপাদনমুখি আৰু স্বাৱলম্বী কৰি তোলাতো এই শিক্ষাৰ অন্যতম উদ্দশ্য । এনে ধৰণৰ শিক্ষাৰ যোগেদি উপযুক্ত আৰু দায়িত্বশিল নাগৰিক গঢ় দি তুলিব পৰা যায়। বৃত্তিমূলক শিক্ষাই এজন ব্যক্তিক সামাজিক যোগ্যতা অৰ্জন কৰিবলৈ সমৰ্থ বান কৰাই আৰু সামাজিক যোগ্যতা থকা স্বাৱলম্বী ব্যক্তিয়ে কেতিয়াও আনৰ ওপৰত নিৰ্ভৰ কৰি চলিব লগা নহয় ।
সমাজত বৃত্তিমূলক লক্ষ্য অগ্ৰাধিকাৰ দিয়া কাৰণ সমূহ হলঃ
1. বৃত্তিমূলক লক্ষ্য ই ব্যক্তিক স্বাৱলম্বি কৰি তোলে।
2. নিম্ন মানৰ বুদ্ধিৰ শিশুৰ বাবে ই বিশেষ ভাবে উপযোগী।
3. দেশৰ উন্নতিৰ বাবে মানৱ সম্পদ ব্যবহাৰ হোৱাৰ ক্ষেত্ৰত ই সহায় কাৰি ।
4. বৃত্তিমূলক লক্ষ্যৰ সৎ আৰু উপযুক্ত নাগৰিক গঠনত সহা়য় কৰে।
5. এই লক্ষ্যই অৰ্থনৈতিক আৰু সামাজিক সমস্যা সমূহো সমাধান কৰাত সহায় কৰে ।
(১৪) এখন গণতান্ত্রিক ৰাষ্ট্রত শিক্ষাৰ লক্ষ্য কি হোৱা উচিত ?
উত্তৰঃ গণতান্ত্ৰিক দেশ এখনত শিক্ষাৰ লক্ষ্য বৃত্তিমূলক আৰু শিক্ষাৰ্থীৰ সৰ্বাংগীন উন্নতিৰ হকে হোৱা উচিত। ইয়াৰ কিছুমান দিশ হ’লঃ
1. গণতান্ত্ৰিক দেশ এখনৰ শিক্ষাৰ লক্ষ্য শিক্ষাৰ্থী সকলক ভৱিষ্যতে এজন দায়িত্বশিল নাগৰিক হিচাপে গঢ় দি তোলাৰ গুৰুত্ব হকে হব লাগে। শিক্ষাৰ্থী সকলক সহযোগিতা, দেশৰ আইন কানুন, ৰীতি নীতিৰ মানি চলা মানসিকতা গঢ় দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে।
2. গণতান্ত্ৰিক দেশ এখনৰ শিক্ষাৰ লক্ষ্য বিত্তিমূলক দক্ষতা অৰ্জন কৰাক এক উল্লখযোগ্য লক্ষ্য হিচাপে উল্লেখ কৰিছে। কৰ্ম দক্ষতা বৃদ্ধি কৰি উৎপাদন বৃদ্ধি ৰ বাবে দক্ষ ব্যক্তি সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
3. গণতন্ত্ৰই মানুহৰ জীৱন শৃংখলাবদ্ধ আৰু সুস্থ ৰূপত গঢ় দি তোলাত সহায় কৰে। গণত্ৰন্ত্ৰিক দেশ এখনত প্ৰত্যেক নাগৰিক সকলে কিছুমান অধিকাৰ পায় আৰু কিছুমান কৰ্তব্য পালন কৰিব লগা হয়। গণতান্ত্ৰিক দেশ এখনৰ শিক্ষাৰ লক্ষ্য এই কৰ্তব্য সমূহ বুজি উঠিব পৰাকৈ শিক্ষা ৰ ব্যবস্থা কৰা ৰ উপৰত গুৰুত্ব দিব লগে।
উপৰত উল্লেখ কৰা দিশ সমূহৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণ কৰিব লাগে। তেতিয়াহে গণতান্ত্ৰিক দেশ এখন সকলো ফালৰ পৰা উন্নত হৈ। উঠিব।
( ১৫ ) শিক্ষা আৰু নিম্নলিখিত বিষয় সম্বন্ধ লিখা ।
( ক ) শিক্ষা আৰু জীৱবিদ্যা
উত্তৰঃ জীৱবিজ্ঞানৰ লগত শিক্ষাৰ সম্পৰ্ক নিবিড় । জীৱবিদ্যা আৰু শিক্ষা দুয়োটা বিষয়েই ব্যক্তি আৰু পৰিবেশৰ অধ্যয়ন কৰে। মানুহৰ শিক্ষা আহৰণৰ ক্ষেত্ৰত বংশ আৰু পৰিবেশৰ প্ৰভাৱ সম্পৰ্কে বৰ্তমান বিস্তৃত ভাবে অধ্যয়ন কৰা হয় । ব্যক্তিগত বৈষম্যৰ আলোচনাৰ ক্ষেত্ৰত বংশগতিৰ অধ্যয়ন অপৰিহাৰ্য । এই বিষয় দুটা মূলতঃ জীৱ বিদ্যাৰ অন্তৰ্গত । সেইবাবে শিক্ষাই জীৱ বিদ্যাৰ ওচৰ চাপিব লগা হয় । জীৱ বিদ্যা ই ব্যক্তিৰ শাৰীৰিক বিকাশ সম্পৰ্কে অধ্যয়ন কৰে । জীৱ বিদ্যা জীৱৰ ক্ৰমবিকাশ, জিন , হ’ৰমন আদি সম্বন্ধে অধ্যয়ন কৰে। শিক্ষাই এই সকলো বোৰ দিশ সমূহত আমাৰ জ্ঞান বৃদ্ধিত সহায় কৰে বাবে জীৱ বিদ্যা আৰু শিক্ষা ওতঃপ্ৰোতভাৱে জড়িত ।
( খ ) শিক্ষা আৰু সমাজবিজ্ঞান
উত্তৰঃ শিক্ষা ৰ পৰিসৰ অতি বহল । শিক্ষাই ব্যক্তিৰ আচৰণ মৰ্জিত ৰূপত গঢ় দি তোলাত সহায় কৰে। সমাজবিজ্ঞানে মানুহৰ সামাজিক জীৱন আৰু তেওঁৰ সমাজ শাস্ত্ৰ সম্পৰ্কে অধ্যয়ন কৰে। সমাজ বিজ্ঞান ৰ আলোচ্য বিষয়সমূহ হৈছে মানুহৰ জীৱন প্ৰক্ৰিয়া, কাৰ্য কলাপ, দলীয় আচৰণ, ৰুচিবোধ , আচাৰ ব্যৱহাৰ আদি। সামাজিক আচৰণ , ক্ৰিয়াকলাপ আদি ধাৰাবাহিক ভাবে বিচাৰ বিশ্লেষণ কৰাটোৱেই হৈছে এই অধ্যয়ন ৰ প্ৰধান কাম। শিক্ষাৰ প্ৰধান কাম হৈছে সমাজ ত সমতাৰ স্থিতি বিকাশ কৰা । শিক্ষা হৈছে এক সামাজিক প্ৰচেষ্টা, যি সমাজে বিচৰা ধৰণে চলি যাই । সমাজৰ সহায় নোহোৱাকৈ ব্যক্তিৰ কোনো ভৱিষ্যত থাকিব নোৱাৰে । সেইবাবে শিক্ষা আৰু সমাজ বিজ্ঞানক এটা মুদ্ৰাৰ দুটা পিঠি স্বৰূপে অভিহিত কৰিব পাৰি ।
( গ ) শিক্ষা আৰু দর্শন
উত্তৰঃ শিক্ষাৰ লগত দৰ্শন ৰ ওতঃপ্ৰতঃ সম্বন্ধ আছে । দৰ্শন হৈছে জ্ঞানৰ চকুৰে জগতৰ প্ৰকৃত ৰূপ দেখা। দৰ্শন মানে হল সত্যৰ উপলব্ধি । বৰ্তমান শিক্ষা ব্যৱস্থাত দৰ্শনৰ প্ৰভাব দেখিবলৈ পোৱা যায়। প্লেটোৰ মতে যি জনৰ জ্ঞানৰ প্ৰতি মোহ আছে , যি জন কৌতুহলী আৰু যি জনে জ্ঞান লাভ কৰিলেও সম্পূৰ্ন সন্তুষ্ট নহয় সেইজনে দাৰ্শনিক । দেশ এখনৰ শিক্ষা ব্যৱস্থা ৰ লক্ষ্য সম্বন্ধে আলোচনা কৰিলেই তাৰ লোক সকল কোন দৰ্শন ত বিশ্বাসী তাৰ উমান পোৱা যায় । ব্যক্তিৰ আচৰণ সংশোধন কৰাৰ ক্ষেত্ৰত দৰ্শনে নীতি নিৰ্দেশনা নিৰ্ধাৰণ কৰে। শিক্ষাৰ লক্ষ্যই ব্যক্তিৰ আচৰণ সংশোধন কৰি আদৰ্শ ব্যক্তি গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰে । দৰ্শনে জীৱনৰ মূল্য বোধ সম্পৰ্কে অৱগত কৰায়। শিক্ষাই সেইবোৰ কাৰ্যকৰি কৰণত সহায় কৰে।
এখন দেশৰ শিক্ষাৰ লক্ষ্য উদ্দেশ্য দৰ্শনে নিৰূপণ কৰে। পাঠ্যক্ৰম প্ৰস্তুত কৰণৰ ক্ষেত্ৰত , শিক্ষণ পদ্ধতি, অনুশাসন মানি চলা ক্ষেত্ৰত দৰ্শনৰ প্ৰভাৱ যথেষ্ট গুৰুত্বপূৰ্ণ ।
( ঘ ) শিক্ষা আৰু অর্থনীতি
উত্তৰঃ শিক্ষা আৰু অৰ্থনীতি গভীৰভাৱে জড়িত ।
অৰ্থনীতি মানে হল সম্পদৰ অধ্যয়ন । এখন দেশৰ অৰ্থনৈতিক অৱস্থাৰ লগত দেশ খনৰ শিক্ষা ব্যবস্থাৰ পাৰস্পৰিক সম্পৰ্ক আছে। যিখন দেশ অৰ্থনৈতিক ভাবে শক্তিশালী , সেইখন দেশৰ শিক্ষাৰ মানদণ্ড ও উচ্চ । শিক্ষাৰ অন্যতম লক্ষ্য হৈছে , আৰ্থিক ভাৱে স্বাৱলম্বী হোৱা । অৰ্থনীতিয়ে এজন ব্যক্তিক সুদক্ষ উৎপাদনশীল ব্যক্তি হোৱাত সহায় কৰে । শিক্ষাই দৰিদ্ৰতা নিবাৰণ আৰু মানুহৰ জীৱিকাৰ মানদণ্ড উন্নত কৰাত সহায় কৰে । অৰ্থনৈতিক দিশ ৰ বিকাশ সাধনৰ বাবে উপযুক্ত নাগৰিক গঠনত শিক্ষাৰ ভূমিকা অপৰিসীম। অৰ্থ বিজ্ঞানে অধ্যয়ন কৰা শিক্ষাৰ প্ৰধান দিশ সমূহ হল – শিক্ষা আৰু আৰ্থিক বিকাশ , অৰ্থনৈতিক উপকাৰৰ বাবে শিক্ষা পৰিকল্পনা আদি।
( ঙ ) শিক্ষা আৰু পৰিসংখ্যা বিজ্ঞান ।
উত্তৰঃ শিক্ষাৰ লগত পৰিসংখ্যা বিজ্ঞানৰ যথেষ্ঠ সম্বন্ধ আছে । ছাত্ৰ ছাত্ৰীৰ মূল্যায়ন ব্যবস্থা , শিক্ষণ পপ্দ্ধটি , মানসিক শক্তি সমুহৰ পৰিমাপন , পৰীক্ষাৰ ফলাফল নিৰ্ণয় আদিত পৰিসংখ্যা বিজ্ঞান প্ৰয়োগ কৰা হয়। অৰ্থনীতি, কৃষি , মনোবিজ্ঞান আদি বিষয় সহজে বুজি পোৱাকৈ তথ্য সমূহ উপস্থাপন কৰিবলৈ পৰিসংখ্যা বিজ্ঞান ব্যবহাৰ কৰা হয় । যিকোনো বিষয়ৰ সাংখ্যিক পৰিমাপৰ ক্ষেত্ৰত পৰিসংখ্যা বিজ্ঞান সহায় কৰে। পৰিসংখ্যা বিজ্ঞানৰ সহায়ত ছাত্ৰৰ বৌদ্ধিক যোগ্যতা নিৰ্ণয় কৰিব পাৰি । শিক্ষাৰ ক্ষেত্ৰত হোৱা বিভিন্ন গৱেষণা , অধ্যয়ন , আদিত পৰিসংখ্যা বিজ্ঞানৰ বিভিন্ন সূত্ৰ সমূহ ব্যবহাৰ কৰা হয়।
Posted onSeptember 19, 2022
পাচেতি
ঐতিহাসিক খটৰা সত্ৰৰ পাচেতি মহোৎসৱ দৰং জিলাৰ আটাইতকৈ জনপ্ৰিয় উৎসৱ। ১৫৬৮ চনত নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ বাবে মহাপুৰুষ মাধৱদেৱৰ প্ৰিয় শিষ্য লেচাকোণীয়া শ্ৰীশ্ৰীগোবিন্দ আতাই দৰং জিলাৰ পশ্চিম প্ৰান্তত দিপিলাৰ নিকটৱৰ্তী খটৰা গাৱত খটৰা সত্ৰ স্থাপন কৰে। জনশ্ৰুতি অনুসৰি খটৰা সত্ৰ প্ৰতিষ্ঠাৰ সময়ত ঠাইখিনি অৰণ্যময় আছিল আৰু ঠাইখিনিৰ অন্য নাম আছিল। সত্ৰ প্ৰতিষ্ঠাৰ সময়ত তেওঁক খট স্বভাৱৰ কেইজনমান লোকে বাধা দিয়াত তেওঁ মাধৱদেৱৰ পৰামৰ্শ মতে সত্ৰৰ ভিতৰত ৰাম,লক্ষ্মণ,সীতা আৰু হনুমানৰ চাৰিটা বিগ্ৰহ স্থাপন কৰিলে যাৰ ফলত খট স্বভাৱৰ লোক কেইজনে খট স্বভাৱ এৰি সত্ৰত শৰণ লয়। খট স্বভাৱ হৰণ কৰাৰ বাবে ‘খটহৰা’ আৰু পিছলৈ ‘খটৰা’ হিচাপে ঠাইখন আৰু খটৰা সত্ৰ হিচাপে সত্ৰখন জনাজাত হ’ল। ৪৫৪ বছৰীয়া সত্ৰ খনৰ আটাইতকৈ ডাঙৰ উৎসৱটো হৈছে – পাচেতি মহোৎসৱ। এই উৎসৱ শ্ৰীকৃষ্ণ কেন্দ্ৰিক। পাচেতি শব্দৰ মূল বিচাৰি গ’লে পঞ্চতি, পাঞ্চতি আদি পুৰণি ৰূপ পোৱা যায়৷ ইয়াৰ অৰ্থ পাঁচদিনীয়া কৃত্য অৰ্থাৎ পাচেতি শব্দটিৰ সাধাৰণ অৰ্থ হৈছে ল’ৰা-ছোৱালী জন্ম হ’বৰ পাঁচ দিনৰ মূৰত কৰা এটি জন্মকৃত্য৷ সেই মৰ্মে শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ পাঁচ দিনৰ পিছত হে এই পাচেতি উৎসৱ পালন কৰা হয় কিন্তু দৰং জিলাৰ ৰাইজে আলোচনা কৰি সকলোৰে সুবিধা হোৱাকৈ ভাদ মাহৰ সংক্ৰান্তিৰ পৰা আহিন মাহৰ প্ৰথম দিনালৈ এই উৎসৱ উদযাপনৰ ব্যৱস্থা কৰে। সেয়ে বিশ্বকৰ্মা পূজাৰ দিনা পাচেতি মহোৎসৱটি অনুষ্ঠিত হয়। পাচেতি মহোৎসৱত শ্ৰীকৃষ্ণ বিষয়ক বিভিন্ন মাংগলিক কাৰ্যসূচী ৰূপায়ণ হোৱাৰ লগতে বৃহৎ মেলাৰ আয়োজন কৰা হয়। সিদিনা দৰং জিলাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত পৰা হাজাৰ হাজাৰ লোক আহি সত্ৰৰ প্ৰাংগণত আধ্যাত্মিক আৰু আনন্দময় পৰিৱেশ এটিৰ সৃষ্টি কৰে।
Posted onSeptember 19, 2022
STAGES OF HUMAN DEVELOPMENT (মানৱৰ বিকাশৰ স্তৰ) অধ্যায় ২।।
STAGES OF HUMAN DEVELOPMENT
(মানৱৰ বিকাশৰ স্তৰ)
1. অপৰাধ প্ৰৱণতা মানুহৰ বুদ্ধি আৰু বিকাশৰ কোনটো স্তৰৰ সমস্যা ?
( 2009 )
ANS : অপৰাধ প্ৰৱণতা মানুহৰ বুদ্ধি আৰু বিকাশৰ কৈশোৰ কালৰ সমস্যা ।
2. যৌথ প্ৰবৃত্তি শৈশব কালত / বাল্যকালত /বয়ঃসন্ধিকালত বিকাশ হয়।
( 2001 )
ANS : যৌথ প্ৰবৃত্তি বাল্য কালত বিকাশ হয়।
3. প্ৰশ্ন সোধা কালছোৱাই শৈশৱকালৰ/বয়ঃসন্ধি কালৰ / প্ৰাপ্ত বয়স্কসকলৰ বৌদ্ধিক বিকাশৰ কথাকেই সূচায়।
( 2000 )
ANS : প্ৰশ্ন সোধা কালছোৱাই শৈশৱকালৰ বৌদ্ধিক বিকাশৰ কথাকেই সূচায় ।
4. মানৱ জীৱনৰ জন্ম প্ৰথম পাঁছ বছৰ কালক নৱজাতক / পূৰ্ব বাল্যকাল / শৈশৱকাল বোলা হয়
( 2000 )
ANS : মানৱ জীৱনৰ জন্ম প্ৰথম পাঁছ বছৰ কালক শৈশৱকাল বোলা হয়।
5. বহিমুখীতা শৈশৱ / বাল্য / বয়ঃসন্ধিকালৰ এটা বৈশিষ্ট্য।
( 2015 )
ANS : বৰ্হিমুখীতা বাল্য কালৰ এটা বৈশিষ্ট্য।
6. দলানুগত্য হ’ল শিশুসকলৰ / বাল্যকালৰ / প্ৰাপ্তবয়স্ক কালৰ এটা বৈশিষ্ট্য।
( 2000 চনত আৰু 2003 )
ANS : দলীয় আনুগত্য হ’ল শিশুসকলৰ বাল্যকালৰ এটা বৈশিষ্ট্যপৰনিৰ্ভশীলতা শৈশৱকালৰ / বাল্যকালৰ / প্ৰাপ্তবয়স্ক কালৰ বৈশিষ্ট্যসমূহৰ ভিতৰত এটা।
( 2001 )
ANS : পৰনিৰ্ভৰ-শীলতা শৈশৱকালৰ বৈশিষ্ট্যসমূহৰ ভিতৰত এটা।
8. বীৰ পূজা শৈশৱ / বাল্যকালৰ / বয়ঃসন্ধি কালৰ বৈশিষ্ট্যসমূহৰ ভিতৰত এটা।
( 2001 )
ANS : বীৰ পূজা বয়ঃসন্ধি কালৰ বৈশিষ্ট্যসমূহৰ ভিতৰত এটা।
9. ইন্দ্ৰিয় অনুশীলনীৰ প্ৰশিক্ষণ বয়ঃসন্ধিকাল / বাল্যকাল / শৈশৱকালত দিয়া উচিত।
( 2003 )
ANS : ইন্দ্ৰিয় অনুশীলনীৰ প্ৰশিক্ষণ শৈশৱকালত দিয়া উচিত।
10. বয়ঃসন্ধিকাল হ’ল স্বৰ-ৰতিমূলক / অপৰাধ প্ৰৱণতাৰ / ধুমুহা আৰু পীড়নৰ কাল।
( 2000 )
ANS : বয়ঃসন্ধিকাল হ’ল ধুমুহা আৰু পীড়নৰ কাল।
B. Fill in the Blank. খালী ঠাই পূৰ কৰা।
(1) বীৰ পূজা হ’ল কালৰ বৈশিষ্ট্য।
( 2018 )
ANS : – বীৰ পূজা হ’ল কৈশোৰ কালৰ বৈশিষ্ট্য।
(2) সমকামিতা হ’ল কালৰ বৈশিষ্ট্য।
( 2019 )
ANS : সমকামিতা হ’ল বাল্য কালৰ বৈশিষ্ট্য।
(3) প্ৰথমিক বিদ্যালয়ত শিশুসকলৰ নাম ভৰ্তিৰ বয়স হ’ল বছৰ।
( 2000 )
ANS : প্ৰথমিক বিদ্যালয়ত শিশুসকলৰ নাম ভৰ্তিৰ বয়স হ’ল 6 বছৰ।
(4) মণ্টেছৰী স্কুলৰ প্ৰতিষ্ঠাপক আছিল।
( 2002 )
ANS : মাৰিয়া মণ্টেছৰী মণ্টেছৰী স্কুলৰ প্ৰতিষ্ঠাপক আছিল।
(5) অপৰাধ প্ৰৱণতা কালৰ এটা সমস্যা।
( 2018 )
ANS : অপৰাধ প্ৰৱণতা কৈশোৰ কালৰ এটা সমস্যা।
C. Short Question Answer-
( 1) ‘কৈশোৰকাল ধুমুহা আৰু পীড়নৰ সময়’- এই কথাষাৰ কোনে কৈছিল ?
( 1999 )
ANS : ‘কৈশোৰকাল ধুমুহা আৰু পীড়নৰ সময়’- এই কথাষাৰ ষ্টেনলি হ’লে কৈছিল।
(2) কৈশোৰকালৰ লগত শিক্ষাৰ কোনটো স্তৰ জড়িত ?
( 2008 )
ANS : কৈশোৰকালৰ লগত শিক্ষাৰ মাধ্যমিক স্তৰ টো জৰিত হৈ আছে।
(3) এটি সাধাৰণ বা গড় শিশু বুদ্ধ্যংক কিমান ?
( 2018 )
ANS : এটি সাধাৰণ বা গড় শিশু বুদ্ধ্যংক 90- 110 ভিতৰত হয় ।
(4) বাল্যকালৰ লগত শিক্ষাৰ কোনটো স্তৰ জড়িত ?
( 2005 )
ANS : বাল্যকালৰ লগত শিক্ষাৰ প্ৰাথমিক স্তৰ জড়িত ।
(5) কোনে প্ৰাক-প্ৰাথমিক স্তৰত ইন্দ্ৰিয় প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিল ?
( 2004 )
ANS : মাৰিয়া মণ্টেছৰী প্ৰাক-প্ৰাথমিক স্তৰত ইন্দ্ৰিয় প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিল ।
(6) ইন্দ্ৰিয় অনুশীলনৰ মুখ্য পৃষ্ঠপোষক কোন আছিল ?
( 2004 )
ANS : মাৰিয়া মণ্টেছৰী ইন্দ্ৰিয় অনুশীলনৰ মুখ্য পৃষ্ঠপোষক আছিল ।
D. Short Type Questions.
(1) বয়ঃ সন্ধি কালৰ তিনিটা বৈশিষ্ট্য লিখা।
( 2005 )
ANS : বয়ঃ সন্ধি কালৰ তিনিটা বৈশিষ্ট্য হল –
(a) বয়ঃ সন্ধি কালৰ ক্ষিপ্ৰ ভাবে দৈহিক আৰু মানসিক বিকাশ হয়। দেহৰ আকাৰ আকৃতি, উচ্চতা , ওজন আদি বৃদ্ধি হোৱা পৰিলক্ষিত হয় লগতে শিশু সকলৰ মস্তিষ্ক ৰ গঠন প্ৰায় সম্পূৰ্ণ আৰু পৰিপক্ক হৈ উঠে।
(b) বয়ঃ সন্ধি কালৰ বিপৰীত লিংগকমিতা হোৱা হোৱা দেখা যায় । কিশোৰ- কিশোৰীয়ে বিপৰীত লিংগৰ প্ৰতি আকৃষ্ট হয়।
(c) বয়ঃ সন্ধি কাল ত বীৰ পূজাৰ প্ৰবণতা লক্ষ্য কৰা যায়। কিশোৰ- কিশোৰীয়ে নিজৰ ভাল লগা কোনো বীৰ- বিৰংগনা , নায়ক- নায়িকাক জীৱনৰ আদৰ্শ হিচাপে বাচি লয়।
(2) বাল্যকাল বুলিলে কাক বুজা ?
( 2001 )
ANS : বাল্যকাল ব্যক্তি বিকাশৰ দ্বিতীয় স্তৰ । সাধাৰণতে 6 ৰ পৰা 12 বছৰ বয়সৰ এই সময়ছোৱাক বাল্যকাল বোলা হয়। বাল্যকাল ক দুটা ভাগত ভাগ কৰিব পাৰি । যেনে আগতীয়া বাল্যকাল আৰু শেহতীয়া বাল্যকাল । 6-8 বছৰ বয়সলৈ আগতীয়া বাল্যকাল আৰু 9-12 বছৰ বয়স লৈ শেহতীয়া বাল্যকাল হিচাপে ধৰা হয়।সাধাৰণতে বাল্যকালক “বিদ্যালয় শিক্ষাৰ বয়স ” বুলি কোৱা হয়। শিশুৱে এই সময়ছোৱাত পঢ়িব আৰু লিখিবলৈ সক্ষম হয়। বাল্যকাল ত শিশু দৈহিক, বৌদ্ধিক, আৰু সামাজিক বিকাশ সম্ভব হৈ উঠে। বৰ্হিমুখিতা বাল্য কালৰ এটা বৈশিষ্ট্য। বাল্যকাল ত শিশু ক্ৰীড়া প্ৰৱণতা হোৱা দেখা যায়।
বাল্যকালৰ চাৰিটা বৈশিষ্ট্য হল –
(a) বৌদ্ধিক বিকাশ- এই সময়ত লৰা ছোৱালী ৰ বৌদ্ধিক বিকাশ সাধন হয়। মানসিক বিকাশ বৃদ্ধি হোৱাৰ ফলত বৌদ্ধিক দিশত উন্নতি হয়। স্মৃতি, মনোযোগ , গঠনাত্মক কল্পনা, চিন্তা আদি মানসিক শক্তি বোৰৰ ক্ষমতা অৰ্জন কৰে।
(b) ক্ৰিয়া- প্ৰৱণতা – ক্ৰীড়া-প্ৰৱতণতা হৈছে বাল্য কালৰ এটা বৈশিষ্ট্য। বাল্যকালত ক্ৰীড়া-প্ৰৱতণতা ৰ ভাৱ জাগি উঠে। এই সময়ত বহি মূৰ্খী শিশুৱে শৈশৱ কালৰ দৰে ঘৰত খেলা ধূলা কৰাৰ পৰিবৰ্তে বাহিৰত খেলিহে বেছি আনন্দ পায়। এই সময়ত শিশুৰ ক্ৰীড়া-প্ৰৱতণতা বিশেষত্ব এয়ে যে ব্যক্তিগত ভাৱে খেলৰ পৰিবৰ্তে দলগত ভাৱে সকলোৰে লগত খেলিব বিচাৰে।
(c) দলীয় আনুগত্য- দলৰ প্ৰতি আনুগত্য বাল্য কালৰ এটা বৈশিষ্ট । খেলা ধূলাৰ বাবে লৰা ছোৱালীয়ে সাধাৰণতে দল গঠন কৰে । দল পৰিচালনাৰ বাবে দলপতি নিৰ্বাচন কৰে । দলপতিৰ নিৰ্দেশত দল সংগঠিত আৰু পৰিচালিত হয়। দলীয় নীতি নিয়ম আদি মানি নচলিলে দলৰ পৰা বহিষ্কাৰ কৰাৰো নিয়ম থাকে। দলীয় আনুগত্যই গণতান্ত্ৰিক মনোভাবৰ সৃষ্টি কৰে।
(d) সমকামিতা- বাল্যকালত লৰাই লৰাৰ প্ৰতি আৰু ছোৱালী ছোৱালীৰ প্ৰতি আকৰ্ষিত হৈ খেলা ধূলাৰ মাজেৰে বন্ধুত্ব আৰু ভালপোৱা গঢ়ি তোলে। ইয়াকে সমকামিতা বোলে। বিপৰীত লিংগৰ প্ৰতি যৌন আকৰ্ষণ নাথাকে ।
শৈশৱ আৰু বাল্যকাল মানুহৰ বিকাশৰ দুটা প্ৰধান স্তৰ। দুয়োটা স্তৰ কিছুমান নিজা বৈশিষ্ট্য আছে। যিবোৰ ব্যক্তিৰ সমগ্রীক বিকাশৰ বাবে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
2) কৈশোৰৰ প্ৰধান মনো-দৈহিক প্ৰয়োজনসমূহ কি কি ?2010
ANS : সাধাৰণতে 12 বছৰৰ পৰা 18 বছৰৰ সময়ছোৱাক কৈশোৰ কাল বোলে । বয়ঃসন্ধিকালৰ ল’ৰা-ছোৱালীসকলৰ দৈহিক মানসিক পৰিবৰ্তন হৈ অহা দেখা যায়। লৰা ছোৱালী প্ৰজনানিক ক্ষমতা লাভ কৰে। বিপৰীত লিংগকমিত এই সময়ৰ বিশেষ লক্ষণ। ছোৱালী ঋতুমতী আৰু লৰা বিৰ্য্যধাৰী হৈ উঠে । কৈশোৰ কালত লৰা ছোৱালী কিছুমান প্ৰয়োজন থকা দেখা যায় ।
কৈশোৰ কালৰ প্ৰধান মনো-দৈহিক প্ৰয়োজনসমূহ হল –
(a) দৈহিক প্ৰায়জন – কৈশোৰ কালত দৈহিক বিকাশ ক্ষিপ্ৰতৰ হয় সেইবাবে বল শক্তি অটুট ৰাখিবলৈ পৰিমিত খাদ্যৰ দৰকাৰ। সুন্দৰ- সুঠাম দেহৰ বাবে শাৰীৰ চৰ্চাৰ দৰকাৰ। সকলো সময়তে দেহৰ উপযোগী কাপোৰ আৰু চাফ- চিকুনৰ প্ৰতি গুৰুত্ব দিব লাগে।
(b) যৌন প্ৰয়োজন – কৈশোৰ কালত লৰা ছোৱালীয়ে যৌন তৃপ্তি পূৰণৰ এক প্ৰবল আগ্ৰহ অনুভৱ কৰে । সেইবাবে যৌন প্ৰবৃত্তি সুপথে পৰিচালিত কৰিবলৈ প্ৰয়োজনীয় যৌন শিক্ষা দিব লাগে।
(c) বৌদ্ধিক প্ৰয়োজন – বৌদ্ধিক প্ৰয়োজন লাভ কৰাৰ বাবে কিশোৰ- কিশোৰীয়ে নতুন কথা বা নতুন জ্ঞান লাভ কৰিবলৈ ইচ্ছা কৰে। সকলোৱে তেওঁলোকৰ বৌদ্ধিক প্ৰয়োজন বোৰ পূৰণ কৰাৰ যত্ন কৰিব লাগে।
(d) সামাজিক নিৰাপত্তাৰ প্ৰয়োজন – কিশোৰ- কিশোৰীৰ সামাজিক নিৰাপত্তাৰ প্ৰয়োজন আছে। কাৰণ সমাজ অবিহনে তেওঁলোক চলিব নোৱাৰে। তেওঁলোকে দল বান্ধি থাকিবলৈ ভাল পায়। ডাঙৰৰ মৰম চেনেহ, মনোযোগ আদি বিচাৰে।
(e) স্বাধীনতাৰ প্ৰয়োজন – কিশোৰ- কিশোৰীয়ে স্বাধীন ভাবে কাম- কাজ কৰাৰ প্ৰয়োজন অনুভৱ কৰে। সেইবাবে অভিভাৱক আৰু শিক্ষকসকলে তেওঁলোকক কঠোৰ অনুশাসনত ৰাখিব নালগে।
কিশোৰ কাল বিকাশৰ অতি গুৰুত্বপূৰ্ণ কাল। সেইবাবে এই স্তৰত লগা প্ৰয়োজন সমূহৰ প্ৰতি লক্ষ্য দিব লাগে। আৰু তেওঁলোকৰ প্ৰয়োজন সমূহ পূৰণ কৰাৰ যত্ন কৰিব লাগে। যাতে কিশোৰ সকল বিপথে পৰিচালিত নহয়।
3) যৌৱন কালৰ চাৰিটা প্ৰধান সমস্যা উল্লেখ কৰা 2017
ANS : মানৱ জীৱনৰ 12ৰ প পৰা 18 বছৰলৈকে সময় ছোৱাক কৈশোৰ কাল বুলি কোৱা হয়। এই সময়ত শৰীৰৰ অংগ সমূহ স বৃদ্ধি আৰু বলবান হৈ উঠে। যৌন গন্থি সমূহ সক্ৰিয় হৈ উঠে। লৰা ছোৱালী প্ৰজনানিক ক্ষমতা লাভ কৰে। বিপৰীত লিংগকমিত এই সময়ৰ বিশেষ লক্ষণ। ছোৱালী ঋতুমতী আৰু লৰা বিৰ্য্যধাৰী হৈ উঠে । পাকস্থলীৰ ক্ৰিয়া, ৰক্ত সঞ্চালন , ৰক্ত চাপ আদি বৃদ্ধি পায়। লৰাই পৌৰুষত্ব আৰু ছোৱালীয়ে নাৰীত্ব লাভ কৰে । দৈহিক পৰিবৰ্তন হৈ অহাৰ বাবে যৌৱন অৱস্থাত বিভিন্ন ধৰণৰ সমস্যা আহি পৰে।
যৌৱন কালৰ চাৰিটা প্ৰধান সমস্যা হল-
(a) যৌন সমস্যা – কিশোৰ সকলৰ প্ৰধান সমস্যা হল যৌন সমস্যা। যৌৱনে গচকা জীৱনত কিশোৰ কিশোৰীয়ে আচহুৱা যৌন তাড়না অনুভৱ কৰে। ফলত ভয় , সংকোচ , লজ্জা, উদ্বেগ, গোপনীয়তা, অপৰাধ প্ৰবণতা আদি অসুস্থ মানসিকতাৰ সৃষ্টি হয়। কেতিয়াবা যৌন জীৱনত সমাযোজন কৰাত কিশোৰ কিশোৰী ব্যৰ্থ হয় । এনেবোৰ কাৰণৰ বাবে যৌন সমস্যাৰ সৃষ্টি হয়।
(b) সামাজিক সমস্যা – কিশোৰ- কিশোৰী সকলে সামাজিক স্বীকৃতি আৰু সামাজিক উন্নতি বিচাৰে। সমাজৰ প্ৰতি থকা তেওঁলোকৰ মনোভাৱ, আদৰ্শ আদি বয়স্ক সকলৰ লগত নিমিলে। অৰ্থাৎ সমাজৰ ৰীতি নীতি, পৰম্পৰা, আদৰ্শ আদি পালনৰ ক্ষেত্ৰত ন- পুৰণি ৰ মাজত সংঘাতৰ সৃষ্টি হয়। ফলত কিশোৰ- কিশোৰী ৰ সামাজিক সমাযোজনত সমস্যা আহি পৰে।
(c) অৱসৰ সময়ৰ সমস্যা – অৱসৰ সময় বিনোদন কৰিবলৈ কিশোৰ কিশোৰীৰ বাবে উপযুক্ত শিক্ষা ব্যবস্থা নাই। তেওঁলোকৰ অফুৰন্ত শক্তি সামৰ্থবোৰ ভালদৰে ব্যবহাৰ কৰিব নোৱাৰাৰ ফলত অথলে যায়। এনে অৱস্থাত তেওঁলোকে কেতিয়াবা অসামাজিক আৰু অপৰাধ জনিত কামত লিপ্ত হোৱা পৰিলক্ষিত হয়।
শিশু বিকাশ আৰু শিক্ষাবিজ্ঞানৰ লগত জড়িত প্ৰশ্নোত্তৰ
বিশেষকৈ অসম টেট ২০২১ বৰ্ষৰ পৰীক্ষাৰ বাবে NCTE ৰ নিৰ্দেশনা অনুসৰি ষষ্ঠ মানৰ পৰা অষ্টম মানলৈ যি Syllabus প্ৰকাশ কৰিছে, সেই Syllabus অনুসৰি উক্ত পেপাৰ খনৰ "শিশু বিকাশ আৰু শিক্ষাবিজ্ঞান" (Child Development and Pedagogy) ভাগটিৰ বাবে "শিশু বিকাশ আৰু শিক্ষাবিজ্ঞান" বিষয়টো অতি গুৰুত্বপূৰ্ণ।
এই Article টোৰ জড়িয়তে আমি শিশু বিকাশ আৰু শিক্ষাবিজ্ঞানৰ লগত জড়িত প্ৰশ্নোত্তৰৰ বিষয়ে অৱগত হ'ম।
শিক্ষা মনোবিজ্ঞান
মনোবিজ্ঞানৰ এটা শাখা হৈছে শিক্ষা মনোবিজ্ঞান (Educational Psychology)। শিক্ষা আৰু মনোবিজ্ঞান দুয়োটাই আচৰণৰ লগত জড়িত। মনোবিজ্ঞানে মানুহ তথা প্ৰাণীৰ আচৰণ অধ্যয়ন কৰে আৰু শিক্ষাই সেই আচৰণৰ পৰিবৰ্তন, পৰিশোধন আৰু উন্নতি সাধন কৰে। শিক্ষাৰ লক্ষ্য দৰ্শনে নিৰ্ধাৰণ কৰে যদিও এই লক্ষ্যত উপনীত হোৱাত সহায় কৰে মনোবিজ্ঞানেহে।
শিক্ষা-ব্যৱস্থাক অধিক বাস্তৱমুখী আৰু কাৰ্যকৰী কৰি তুলিবলৈ শিক্ষাত মনোবিজ্ঞানৰ সূত্ৰ, তথ্য, পদ্ধতি, নীতি আদি প্ৰয়োগ কৰা হয়। শিক্ষা মনোবিজ্ঞানৰ ক্ষেত্ৰই পৰামৰ্শ, শ্ৰেণীকোঠা, জীৱনৰ প্ৰতি খোজতে শিক্ষা পদ্ধতিৰ মূল্যায়নৰ লগত জড়িত শৈক্ষিক ক্ৰীড়া-কলাপৰ উৎকৰ্ষ সাধন কৰিবলৈ প্ৰধানকৈ গুণগত পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰে ।
শিক্ষা- মনোবিজ্ঞান প্ৰচলনৰ ধাৰণা প্ৰথমে জে. এইচ. পেষ্টালজীয়ে উদ্ভাৱন কৰিছিল। সেয়ে তেওঁক শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি কোৱা হয়।
শিক্ষা মনোবিজ্ঞানৰ পদ্ধতি :
শিক্ষাৰ্থী তথা ব্যক্তিৰ প্ৰতিক্ৰিয়া, আচৰণ আদিৰ কাৰণ, উৎস জানিবলৈ চলোৱা অধ্যয়ন আৰু গৱেষণাৰ পদ্ধতিবোৰেই শিক্ষা মনোবিজ্ঞানৰ পদ্ধতি।।এই পদ্ধতিসমূহ হৈছে-
• অন্তঃনিৰীক্ষণ বা অন্তঃপ্ৰেক্ষণ
• পৰ্যবেক্ষণ পদ্ধতি
• পৰীক্ষণ পদ্ধতি
• নৈদানিক পদ্ধতি
• পৰিসংখ্যামূলক পদ্ধতি
• পুৰুষনামা বা ঘটনা বিৱৰণ পদ্ধতি
Child Development and Pedagogy Questions and Answers for Assam TET Exam
১)শিশুকেন্দ্ৰিক শিক্ষাত এগৰাকী দক্ষতাসম্পন্ন শিক্ষক হ’বলৈ আৱশ্যক-
উত্তৰ: মনোবিজ্ঞানৰ জ্ঞান।
২)শিক্ষাদানৰ ক্ষেত্ৰত এগৰাকী শিক্ষকে বুজি পাব লাগিব-
উত্তৰ: ব্যক্তি পাৰ্থক্যৰ বিষয়ে।
৩)শিক্ষাদান ব্যৱস্থাটোক ফলপ্ৰসূ কৰি তুলিবলৈ এক স্থিৰ-
উত্তৰ: পৰিকল্পনাৰ প্ৰয়োজন।
৪)নিৰ্দেশনামূলক সঁজুলি সমূহৰ বিষয়ে জ্ঞান থকাটো অতি প্ৰয়োজন-
উত্তৰ: শিক্ষকৰ।
৫)শ্ৰেণীকোঠাত পাঠদান কৰোতে এগৰাকী শিক্ষকে বিষয়বস্তুৰ মাজেৰে অগ্ৰসৰ হ’ব লাগিব-
উত্তৰ: সৰলৰ পৰা জটিললৈ
৬)বৰ্ত্তমান শিশুকেন্দ্ৰিক শিক্ষা ব্যৱস্থাত সৰ্বাধিক গুৰুত্বপূৰ্ণ কথাটো হ’ল-
উত্তৰ: শিক্ষাৰ্থীসকলৰ অন্তৰ্নিহিত সম্ভাৱণীয়তাৰ বিকাশ সাধন।
৭)শিক্ষাদান ফলপ্ৰসূ কৰি তোলাৰ ক্ষেত্ৰত শিক্ষকৰ বাবে মনস্তাত্বিক দিশ হ’ল-
উত্তৰ: নিৰ্দেশনাৰ দিশ
৮)শিক্ষাদান আৰু গ্ৰহণ কাৰ্য ফলপ্ৰসূ কৰিবলৈ হ’লে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত-
উত্তৰ: সহযোগিতা থাকিব লাগে।
৯)শ্ৰেণীকক্ষত পাঠদান কৰোতে শিক্ষকে বিৰত থাকিব লাগে-
উত্তৰ: অত্যাধিক পুণৰাবৃত্তি।
১০)শ্ৰেণীকক্ষৰ পৰিস্থিতি নিয়ন্ত্ৰণত সহায় কৰে-
উত্তৰ: শিক্ষকৰ ব্যক্তিত্বই।
১১)মন্টেশ্বৰী স্কুলত এগৰাকী শিক্ষকক কোৱা হয়-
উত্তৰ: নিৰ্দেশিকা।
১২)আধুনিক শিক্ষা ব্যৱস্থা এগৰাকী শিক্ষকৰ প্ৰধান কৰ্ত্তব্য হ’ল-
উত্তৰ: শিক্ষাৰ্থীক জ্ঞান দান কৰা।
১৩)শ্ৰেণীকক্ষত শিক্ষকে শিক্ষাৰ্থীক মনোনিৱেশ কৰিবলৈ-
উত্তৰ: আনন্দ আৰু বেদনা নীতি প্ৰয়োগ কৰিব লাগে।
১৪)সুচলকাৰী আৰু অভিপ্ৰেৰক হিচাপে মুখ্য ভূমিকা শিক্ষানুষ্ঠানত পালন কৰিব লাগে-
উত্তৰ: শিক্ষকে।
১৫)শিক্ষাৰ্থীক অভিৰোচিত কৰি তোলাৰ ক্ষেত্ৰত তিৰস্কাৰতকৈ প্ৰশংসাৰ প্ৰভাৱ অধিক বুলি মতামত পোষণ কৰিছিল-
উত্তৰ: হাৰলকে।
১৬)শ্ৰেণীকক্ষৰ বাহিৰেও বাহিৰৰ পৰিৱেশতো এজন শিক্ষকে ছাত্ৰ-ছাত্ৰীক নেতৃত্ব প্ৰদান কৰিব পাৰিব লাগিব-কথাষাৰ-
উত্তৰ: সত্য।
১৭)শিক্ষকে অত্যাধিক মৰম-চেনেহ আৰু আত্মবিশ্বাসৰ মাজেৰে শিক্ষা প্ৰদান কৰিব লাগে-
উত্তৰ: পিছপৰা শিশু সকলক।
১৮)শিশুৰ জ্ঞানমূলক, আনুভূতিক আৰু সংক্ৰিয়াত্মক দিশৰ বিকাশত বিশেষে ভূমিকা পালন কৰিব পাৰে-
উত্তৰ: শিক্ষকে।
১৯)১৪০ৰ ওপৰৰ বুদ্ধ্যাংক থকা শিক্ষাৰ্থী সকলক কোৱা হয়-
উত্তৰ: প্ৰতিভাশালী।
২০)৯০-১১০ৰ ভিতৰত বুদ্ধ্যাংক থকা সকলক কোৱা হয়-
উত্তৰ: সাধাৰণ বুদ্ধি সম্পন্ন।
২১)এখন সমাজৰ চিকিৎসক তথা শিক্ষকৰো শিক্ষক বুলি কোৱা হয়-
উত্তৰ: প্ৰধান শিক্ষকক।
২২)এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দায়িত্ব হ’ল-
উত্তৰ: ক)বিদ্যালয়ৰ তত্বাৱধান
খ)প্ৰশাসন ৰক্ষা
গ)সমন্বয় সাধন।
২৩)আমাৰ দেশত শিশুক আনুষ্ঠানিক শিক্ষা প্ৰদান কৰা হয়-
উত্তৰ: ৬ বছৰত।
২৪)প্ৰাক-প্ৰাথমিক শিক্ষা হ’ল-
উত্তৰ: অনানুষ্ঠানিক শিক্ষা।
২৫)প্ৰাক-প্ৰাথমিক শিক্ষা প্ৰদান কৰা হয়-
উত্তৰ: আঢ়ৈ বছৰৰ পৰা চাৰে পাঁচ বছৰীয়া শিশুক।
২৬)এগৰাকী আদৰ্শ শিক্ষকৰ গুণাৱলী হ’ল-
উত্তৰ: ক)ৰসিকতা
খ)বাগ্মিতা
গ)বিষয়বস্তুৰ গভীৰ জ্ঞান।
২৭)আধুনিক শিক্ষা ব্যৱস্থা হ’ল-
উত্তৰ: শিশু কেন্দ্ৰিক।
২৮)শিশু কেন্দ্ৰিক শিক্ষাৰ বাটকতীয়া আছিল-
উত্তৰ: ৰুছো।
২৯)নেতিবাচক শিক্ষাৰ প্ৰৰ্বত্তক আছিল-
উত্তৰ: ৰুছো।
৩০)ইংৰাজী ‘School’ শব্দটো গ্ৰীক ভাষাৰ-
উত্তৰ: Skhole শব্দৰ পৰা অহা।
৩১)শিক্ষানুষ্ঠান এখনৰ মানৱ সম্পদ হ’ল-
উত্তৰ: ক)বৈষয়িক সম্পদ
খ)মানৱ সম্পদ
গ)পাঠ্যক্ৰম আৰু সহপাঠ্যক্ৰম কাৰ্যাৱলী।
৩২)বিদ্যালয় এখনৰ মানৱ সম্পদ হ’ল-
উত্তৰ: ক)শিক্ষক
খ)শিক্ষাৰ্থী
গ)বিদ্যালয়ৰ কৰ্মচাৰী।
৩৩)বিদ্যালয় এখনৰ প্ৰতিটো শ্ৰেণীকক্ষত শিক্ষাৰ্থী বহাৰ সুবিধা থাকিব লাগে-
উত্তৰ: ৫০-৬০ জন।
৩৪)বিদ্যালয় এখনত থাকিব নালাগে-
উত্তৰ: পাণদোকান।
৩৫)প্ৰাক-প্ৰাথমিক স্কুলত শিক্ষা প্ৰদান কৰা হয়-
উত্তৰ: খেলা-ধূলাৰ মাধ্যমত।
৩৬)২০০৯ চনৰ শিক্ষাৰ অধিকাৰ আইনমতে প্ৰাথমিক শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক হ’ব-
উত্তৰ: ৬ৰ পৰা ১৪ বছৰীয়া শিশুৰ ক্ষেত্ৰত।
৩৭)বৰ্ত্তমান আমাৰ দেশত প্ৰচলিত শিক্ষাৰ গাঁথনি হ’ল-
উত্তৰ: ১০+২+৩
৩৮)স্মৰণ স্তৰৰ শিক্ষণৰ প্ৰ্দৰ্শক আছিল-
উত্তৰ: হাৰ্বাৰ্ট স্পেনচাৰ।
৩৯)বিষয় বস্তু যেনেদৰে আছে তেনেদৰে মনত ৰখাটোৱে হ’ল-
উইলিয়াম জেম্ছ (ইংৰাজী: William James) (১১ জানুৱাৰী, ১৮৪২– ২৬ আগষ্ট, ১৯১০)এগৰাকী আমেৰিকান দাৰ্শনিক, মনোবিজ্ঞানী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত মনোবিজ্ঞানৰ পাঠ্যক্ৰম আগবঢ়োৱা প্ৰথমজন শিক্ষাবিদ। জেম্ছক উনৈশ শতিকাৰ অন্তিম সময়ৰ এজন অগ্ৰণী চিন্তাবিদ বুলি গণ্য কৰা হয়, লগতে সৰ্বাধিক প্ৰভাৱশালী আমেৰিকান দৰ্শনবিদ আৰু আমেৰিকান মনোবিজ্ঞানৰ পিতৃৰ মৰ্যাদা দিয়া হয়।
উইলিয়াম জেমছ
১৯০৩ চনত জেমছ
সম্পূৰ্ণ নাম
উইলিয়াম জেমছ
জন্ম
১১ জানুৱাৰী, ১৮৪২
নিউ ইয়ৰ্ক চিটি, আমেৰিকা যুক্তৰাষ্ট্ৰ
মৃত্যু
২৬ আগষ্ট, ১৯১০ (৬৮ বছৰ)
টেমৱৰ্থ, নিউ হেম্সফায়াৰ, আমেৰিকা যুক্তৰাষ্ট্ৰ
যুগ
১৯-২০ শতিকাৰ দৰ্শন
অঞ্চল
পাশ্চাত্য দৰ্শন
ধাৰা
বাস্তৱবাদকাৰ্যমূলক মনোবিজ্ঞানradical empiricism
আগ্ৰহ
বাস্তৱবাদমনোবিজ্ঞানধৰ্মীয় দৰ্শনজ্ঞানতত্ত্বঅৰ্থবাহক ভাষাতত্ত্ব
উল্লেখযোগ্য কৰ্ম
Will to believe doctrinepragmatic theory of truthradical empiricismJames–Lange theory of emotionpsychologist's fallacyten percent of the brain mythsoft determinismdilemma of determinismstream of consciousnessJames' theory of the selfthe term multiverse
প্ৰতিষ্ঠান
হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়
প্ৰভাৱিত হয়
প্ৰভাৱিত কৰে
ছাৰ্লছ ছেণ্ডাৰ্ছ পিয়েৰ্ছৰ সৈতে জেম্ছে এখন দাৰ্শনিক বিদ্যালয় স্থাপন কৰিছিল, যাক কোৱা হৈছিল প্ৰৱণতা আৰু যাক কাৰ্যকৰী মনোবিজ্ঞানৰ এক প্ৰতিষ্ঠাপক বুলিও আখ্যা দিয়া হয়। ২০০২ চনত প্ৰকাশিত হোৱা Review of General Psychology-ৰ বিশ্লেষণত জেম্ছক বিংশ শতিকাৰ চতুৰ্দশ সৰ্বাধিক প্ৰখ্যাত মনোবিজ্ঞানী হিচাপে বিবেচিত কৰা হৈছে। ১৯৯১ চনত American Psychologist-ত প্ৰকাশিত এক জৰীপৰ মতে, জেম্ছৰ জনপ্ৰিয়তাক দ্বিতীয় স্থানত মানাংকিত কৰা হয়। তেওঁৰ স্থান আছিল উইলহেম ওৱাণ্ড্ট ('Wilhelm Wundt)ৰ পাছতেই, যাক পৰীক্ষামূলক মনোবিজ্ঞানৰ প্ৰতিষ্ঠাতা হিচাপে জনা যায়। জেম্ছে একধৰণৰ দাৰ্শনিক দৃষ্টিভংগীও প্ৰৱৰ্তন কৰিছিল, যাক কোৱা হয়- "radical empiricism"।
এটা প্ৰতিপত্তিশালী পৰিয়ালত জন্মগ্ৰহণ কৰা উইলিয়াম জেম্ছৰ পিতৃ আছিল হেনৰি জেম্ছ জ্যেষ্ঠ। তেখেত এজন ছুইডেনবৰ্গীয় ধৰ্মতত্ত্ববিদ আছিল। আনহাতে উইলিয়াম জেম্ছ ভ্ৰাতৃ আছিল বিখ্যাত ঔপন্যাসিক হেনৰি জেম্ছ আৰু দিনলিপি-লিখোঁতা এলিচ জেম্ছ। জেম্ছে এগৰাকী শৈল-চিকিৎসক হিচাপে প্ৰশিক্ষণ লৈছিল আৰু হাৰ্ভাৰ্ডত দেহবিদ্যা পঢ়াইছিল। কিন্তু তেখেতে নিজে কেতিয়াও চিকিৎসা-বিদ্যাৰ অনুশীলন কৰা নাছিল। তাৰ পৰিৱৰ্তে তেখেতে মনোবিজ্ঞান আৰু দৰ্শনতহে ৰাপ দেখুৱাইছিল। জেম্ছে বহুতো বিষয়ত চৰ্চা কৰিছিল, লেখা-মেলা কৰিছিল। তাৰে ভিতৰত শিক্ষা, মনোবিজ্ঞান, ধৰ্ম, মেটা-পদাৰ্থবিজ্ঞান, জ্ঞানতত্ত্ব, ৰহস্যবাদ আছিল প্ৰধান। তেখেতৰ কেইখনমান প্ৰভাৱশালী গ্ৰন্থ হৈছে The Principles of Psychology (মনোবিজ্ঞানৰ নীতি)। এইখন গ্ৰন্থ মনোবিজ্ঞানৰ ক্ষেত্ৰত এখন যুগান্তকাৰী গ্ৰন্থ হিচাপে বিবেচিত। তাৰ উপৰি তেখেতে লিখা Essays in Radical Empiricism গ্ৰন্থখন দৰ্শনৰ বাবে অতি প্ৰয়োজনীয় সমল হিচাপে পৰিচিত। বিভিন্ন ধৰ্মৰ ধৰ্মীয় অভিজ্ঞতাৰ অনুসন্ধানেৰে সমৃদ্ধ তেখেতৰ আন এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ হৈছে-The Varieties of Religious Experience। এইখন গ্ৰন্থই মন-পৰিচৰ্যা বা 'mind-cure-ৰ বিষয়ে আলোচনা কৰে।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত বহুতেই উচ্চতৰ মাধ্যমিকত কলা শাখা অধ্যয়ণৰ বাবে বাচি লয়। ভৱিষ্যত লৈ তেওঁলোকৰ চকুত থাকে অলেখ সপোন। কলা শাখাত বহুতেই ল’বলগীয়া বিষয় কেইটাৰ ভিতৰত এটা বিষয় বাচি লয়- ‘শিক্ষাতত্ব’ বা ‘Education’। কিন্তু কিমানে ভাবে এই বিষয়টো জীৱন গঢ়াৰ বাবে হ’ব পাৰে এক সুন্দৰ মাধ্যম?
শিক্ষাতত্বৰ আছে বিশাল পৰিসৰ আৰু প্ৰয়োজনীয়তা। এই বিষয়টোক প্ৰাধান্য দি ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন ক্ষেত্ৰত আগুৱাই যাব পাৰে। বিশেষকৈ ভৱিষ্যতে শিক্ষক বা শৈক্ষিক ক্ষেত্ৰত কাম কৰাৰ পৰিকল্পনা থকা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শিক্ষাতত্বৰ গুৰুত্ব অপৰিসীম।
ইংৰাজী “Education” শব্দটো মূল লেটিন ভাষাৰ ‘E’ আৰু ‘Duco’ ৰ পৰা উৎপত্তি হৈছে । ‘E’ ৰ অৰ্থ হ’ল ‘out of’ আৰু ‘Duco’ শব্দৰ অৰ্থ হ’ল ‘I lead’ অৰ্থাৎ ‘মই আগবাঢ়ো’ বা ‘মই বিকশিত হওঁ’। আন কিছুমান শব্দ যেনে ‘Educere’ – যাৰ অৰ্থ হ’ল কোনো কৌশল বা তথ্য আয়ত্তকৰণ; ‘Educatum’- The act of teaching , এইবোৰৰ পৰাও ‘Education’ শব্দটোৰ উৎপত্তি হোৱা বুলি কোৱা হয়। অৰ্থাৎ , কোনো বিষয় বা কৰ্মক্ষেত্ৰত বিশেষ জ্ঞান, দক্ষতা আৰু কৌশল আয়ত্ত কৰাটোৱে হ’ল শিক্ষা শব্দটোৰ আভিধানিক অৰ্থ।
বিষয় হিচাপে শিক্ষাতত্ত্বৰ ধাৰণাটোকো শিক্ষা শব্দটোৰ আভিধানিক অৰ্থৰ লগতেই সাঙুৰিব পাৰি। শিক্ষাতত্ত্ব কেৱল এটা তত্ত্বগত বিষয় নহয়। সঁচা অৰ্থত, ই হ’ল এক ব্যৱহাৰিক বিষয়। ব্যক্তি, সমাজ, শিক্ষা ব্যৱস্থাৰ বিভিন্ন দিশ সামৰি এই বিষয়টোয়ে ব্যক্তিৰ ব্যক্তিত্ব বিকাশৰ দিশতো খুবেই গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে।
শিক্ষাতত্ত্ব (Education) এটা বহুমাত্ৰিক বিষয়। প্ৰধানতঃ এই বিষয়টোয়ে দৰ্শনশাস্ত্ৰ, সমাজতত্ব, মনোবিজ্ঞান, শৈক্ষিক ইতিহাস, পৰিসংখ্যা, পৰিৱেশ সম্পৰ্কীয় জ্ঞান, সংস্কৃতি, সামাজিক গোট,সাম্প্ৰতিক সময়ৰ লগত জড়িত বিভিন্ন সামাজিক বিষয় আদিৰ বিভিন্ন জ্ঞান সামৰি লয়। কেৱল সেয়াই নহয়, ব্যক্তিৰ ব্যক্তিত্ব বিকাশ, নৈতিক বিকাশ, চাৰিত্ৰিক বিকাশ আদিৰ ক্ষেত্ৰতো শিক্ষাতত্ত্ব হ’ব পাৰে এক গুৰুত্বপূৰ্ণ বিষয়।
সাম্প্ৰতিক সময়ত, পৰিবৰ্তিত সমাজ ব্যৱস্থাৰ লগে লগে সৃষ্টি হোৱা সামাজিক শৃংখলা বিষয়ক বিভিন্ন সমস্যাৰ সমাধানৰ ক্ষেত্ৰতো এই বিষয়টো বিশেষ সহায়ক হ’ব পাৰে। শিক্ষাতত্ত্বৰ অন্তৰ্গত ‘শান্তি আৰু মূল্যবোধ শিক্ষা’ ( Peace and value education) বৰ্তমান শৈক্ষিক পাঠ্যক্ৰমৰ এক অপৰিহাৰ্য অংগ ৰূপে পৰিগণিত হৈছে।
তদুপৰি, শিক্ষাতত্ত্বৰ বৃহৎ পৰিসৰে শিক্ষন-শিকন (teaching-learning) ৰ বিভিন্ন দিশ সামৰি লোৱাৰ উপৰিও এই দিশত বিভিন্ন গৱেষণাৰ বাবেও প্ৰচেষ্টা চলায়। প্ৰাথমিক, মাধ্যমিক, উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষকৰ বাবে বৰ্তমান ক্ৰমে D.El.Ed (Diploma in Elementary Education) , বি.এড্ বাধ্যতামূলক কৰা হৈছে।
ইয়াৰ উপৰিও দেশৰ শৈক্ষিক গাঠনি, পাঠ্যক্ৰম প্ৰস্তুতি, সহঃ বিদ্যায়তনিক বিষয়সমূহৰ শিক্ষাব্যৱস্থাত অন্তৰ্ভুক্তি আৰু ইয়াৰ বিকাশ তথা বিস্তৃতিৰ ওপৰতো এই বিষয়টোয়ে যথেষ্ট গুৰুত্ব প্ৰদান কৰি আহিছে। শেহতীয়াকৈ, Women studies ( নাৰী শিক্ষা), Educational technology( শৈক্ষিক প্ৰযুক্তি) আদি বিষয়তো বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।
তাৰোপৰি, বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ বিকাশৰ ওপৰতো শিক্ষাতত্বই বিশেষ গুৰুত্ব আৰোপ কৰে। বিশেষ শিক্ষা বা ‘Special education’ ৰ যোগেদি আজিকালি বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলো বহুক্ষেত্ৰত আগবাঢ়ি যাবলৈ সক্ষম হৈছে।
এনেদৰে, শিক্ষাতত্ব বিষয়টোয়ে বিভিন্ন দিশ সামৰি লৈ ব্যক্তি, সমাজ, শৈক্ষিক ব্যৱস্থাৰ উন্নতিৰ দিশত এক উল্লেখযোগ্য অৱদান আগবঢ়োৱা বুলি ক’ব পাৰি।
বিষয়টো পঢ়িবলৈ আগ্ৰহী ছাত্ৰ- ছাত্ৰীসকলৰ বাবে :
যিসকলে উচ্চতৰ মাধ্যমিকত কলা শাখাত নামভৰ্তি কৰিব বিচাৰে, তেওঁলোকৰ বাবে শিক্ষাতত্ব হ’ব পাৰে এক গুৰুত্বপূৰ্ণ বিষয়। স্নাতক তথা স্নাতকোত্তৰ শ্ৰেণীত শিক্ষাতত্বক গুৰু বিষয় হিচাপে লৈ ছাত্ৰ- ছাত্ৰীসকলে বিভিন্ন দিশৰ প্ৰতি ধাৱমান হ’ব পাৰে। পৰৱৰ্তী সময়ত, শিক্ষকতা, শৈক্ষিক কাউন্সিলিং, গাইডেন্স ৱৰ্কাৰ , চ’চিয়েল ৱৰ্কাৰ আদি বিভিন্ন দিশত তেওঁলোকে সেৱা আগবঢ়াব পাৰে। তদুপৰি, মনোবিজ্ঞানৰ জ্ঞান, সমাজতত্বৰ জ্ঞান, পাঠ্যক্ৰম প্ৰস্তুতকৰণ, শৈক্ষিক ব্যৱস্থাপনা আদি তেওঁলোকৰ বাবে হ’ব পাৰে আন কিছুমান সম্ভাৱনাৰ দুৱাৰ।
লেখাৰ এই উপসংহাৰত কওঁ যে, কলা শাখাৰ অন্তৰ্গত অন্য বিষয়সমূহৰ তুলনাত শিক্ষাতত্বৰ পৰিসৰ ব্যাপক। একে সময়তে,এই বিষয়টোয়ে বিভিন্ন দিশ সামৰি লয়। গতিকে, উচ্চতৰ মাধ্যমিক তথা স্নাতক পৰ্য্যায়ৰ ছাত্ৰ- ছাত্ৰীসকলৰ বিষয় বাচনিৰ ক্ষেত্ৰত শিক্ষাতত্ব হ’ব পাৰে অন্যতম যোগাত্মক বিষয়। কেৱল ব্যক্তিগত পৰ্য্যায়তেই নহয়, সামগ্ৰিকভাৱে সমাজৰ উন্নতিৰ দিশত ইয়াৰ অৱদান অতি উল্লেখনীয়।
[message title=”লেখিকাৰ পৰিচয়” title_color=”#000000″ title_bg=”#ff3d00″ title_icon=”” content_color=”#000000″ content_bg=”#f2cf9b” id=””]কাকলি শৰ্মা কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰী। লখিকাৰ সৈতে যোগাযোগৰ ই-মেইল – kakolisarma198@gmail.com[/message]
শিক্ষা
ব্যক্তি, ব্যক্তিত্ব ইত্যাদি: এক অৱলোকন
May 14, 2020 by কাকলি শৰ্মা Leave a Comment
ইংৰাজী ‘personality’ শব্দটো আহিছে লেটিন শব্দ ‘persona’ ৰ পৰা, যাৰ অৰ্থ হ’ল “A mask worn by an actor while performing a character on the stage’. Thus, personality is taken to mean the characteristic pattern or style of behavior of the person revealed from his whole appearance”, অৰ্থাৎ, ব্যক্তিত্ব বুলিলে এজন ব্যক্তিৰ সেইবোৰ আচৰণ, চিন্তাধাৰা, ব্যৱহাৰ, ধাৰণাক বুজোৱা হয়, যিবোৰে সেই ব্যক্তিগৰাকীক প্ৰতিনিধিত্ব কৰে!
কথাতেই কোৱা হয় যে, ধানটোৱে প্ৰতি কণটো; মানুহটোৱে প্ৰতি মনটো। সেইদৰে, ব্যক্তিভেদে ব্যক্তিত্বও ভিন্ন ধৰণৰ হয়! ব্যক্তিত্ব বুলিলে সেইসমূহ বিশেষ আচৰণ, চিন্তা, ব্যৱহাৰক বুজোৱা হয়, যিবোৰে ব্যক্তিজনক প্ৰতিনিধিত্ব কৰে। প্ৰতিজন ব্যক্তিৰ ব্যক্তিত্ব বিকাশ সমাজৰ বাবেই গুৰুত্বপূৰ্ণ।
ব্যক্তিত্ব বিকাশৰ প্ৰাৰম্ভিকতে ঘৰখনৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। জন্মৰ কেইটামান মাহ পাছৰে পৰা শিশু এটাই ঘৰুৱা পৰিৱেশৰ বিভিন্ন উদ্দীপকৰ প্ৰতি সঁহাৰি জনাবলৈ আৰম্ভ কৰে আৰু লাহে লাহে কথাবোৰ শিকিবলৈ লয়! পৰৱৰ্তী সময়ত সেই অভ্যাসবোৰে শিশুৰ ব্যক্তিত্ব বিকাশত উদগনি যোগায় !
ক) ব্যক্তিত্ব বিকাশৰ দিশত পৰিয়ালৰ ভূমিকাঃ
সৰুৰে পৰাই শিশু এটাক উচিত-অনুচিত, ভাল-বেয়াৰ মাজৰ পাৰ্থক্যবোৰ বুজাই দিব লাগে; সিহঁতৰ মনত জ্ঞানৰ প্ৰতি অনুসন্ধিৎসুতাৰ সৃষ্টি কৰিব লাগে। লগতে, বিভিন্ন ধৰণৰ মূল্যবোধৰ জ্ঞান দিব লাগে । যেনে- পৰোপকাৰিতা, সততা, সন্মান, সাধুতা, সহযোগিতা, নিয়মানুৱৰ্তীতা, পৰিস্কাৰ-পৰিচ্ছন্নতা আদিৰ জ্ঞান প্ৰদান কৰিব লাগে। এইক্ষেত্ৰত, পৰিয়ালৰ লোক সকলৰ চিন্তাধাৰায়ো শিশুৰ মনত প্ৰভাৱ পেলায়; গতিকে শিশুৰ মনত অনুচিত প্ৰভাৱ পেলাব পৰা ধৰণৰ কোনো বিষয় সিহঁতৰ আগত আলোচিত হ’ব নালাগে। শিশুৰ ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰত সাধুকথা, নীতিমূলক কাহিনী, গীতৰ চৰ্চা বিশেষ ফলপ্ৰসু হ’ব পাৰে।
খ) বিদ্যালয়ৰ ভূমিকাঃ
নিজৰ ঘৰখনৰ নিচিনাকৈ বিদ্যালয়খনৰো ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিত্ব বিকাশত বিশেষ ভূমিকা থাকে। বিদ্যালয়ত বিভিন্ন বিদ্যায়তনিক বিষয়ৰ শিক্ষাদানৰ উপৰিও চিত্ৰকলা, সংগীত, যোগ, হস্তকলা তথা বিভিন্ন সহঃ পাঠ্যক্ৰমিক কাৰ্যসূচী বিশেষভাৱে গুৰুত্বপূৰ্ণ। তদুপৰি, মূল্যবোধ সম্পৰ্কীয় ধাৰণাবোৰৰ বিকাশ স্কুলীয়া পৰ্যায়তেই ছাত্ৰ-ছাত্ৰীৰ মনত গঢ় দি তুলিব লাগিব। কৈশোৰ অৱস্থাত ছাত্ৰ- ছাত্ৰীৰ দৈহিক, মানসিক, বৌদ্ধিক, নৈতিক, শৈল্পিক, আৱেগিক, এই সকলোবোৰ দিশৰে সম্পূৰ্ণৰূপে বিকাশ হয়, গতিকে তেনে সময়ত ছাত্ৰ-ছাত্ৰীক সঠিক দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বিদ্যালয়ৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। বিদ্যালয়খন, তেওঁলোকৰ বাবে এনে এক অনুষ্ঠান হোৱা উচিত যাতে প্ৰতিগৰাকী ছাত্ৰ- ছাত্ৰীয়ে নিজৰ ব্যক্তিত্বৰ পূৰ্ণ বিকাশ ঘটাব পাৰে।
গ) সমাজৰ ভূমিকাঃ
ব্যক্তিৰ ব্যক্তিত্বৰ বিকাশত সমাজৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। এখন সমাজেই তাত থকা প্ৰতিজন ব্যক্তিক প্ৰতিনিধিত্ব কৰে, ঠিক একেদৰে একোজন ব্যক্তিয়ে একো একোখন সমাজক প্ৰতিনিধিত্ব কৰে। প্ৰতিখন সমাজেই বিভিন্ন ধৰণৰ গঠনমূলক কাৰ্যসূচীৰ যোগেদি ছাত্ৰ- ছাত্ৰীৰ ব্যক্তিত্বৰ বিকাশ সাধনত গুৰুত্ব দিয়া উচিত। সমাজৰ বিভিন্ন কামত ছাত্ৰ- ছাত্ৰীসকলকো নিয়োজিত কৰা উচিত যাতে সিহঁতেও সমাজৰ প্ৰতি নিজৰ অৱদান আগবঢ়াব পাৰে আৰু প্ৰকৃতাৰ্থত নিজৰ মাজত সমাজ সচেতনতা বঢ়াব পাৰে। এইক্ষেত্ৰত, সমাজৰ ক্ষতি সাধন কৰিব পৰা ধৰণৰ কোনো কাম যাতে ছাত্ৰ- ছাত্ৰীসকলৰ দ্বাৰা সম্পাদিত নহয়; তাৰ প্ৰতিও সমাজৰ প্ৰতিজন ব্যক্তি দায়বদ্ধ হ’ব লাগিব।
বৰ্তমান সময়ত ম’বাইল, ইন্টাৰনেট সেৱাৰ অপ-ব্যৱহাৰে বহুসময়ত ছাত্ৰ- ছাত্ৰীসকলক বিপথে পৰিচালিত কৰিছে বুলি প্ৰশ্ন উত্থাপিত হয় যদিও সেয়া দৰাচলতে মানি ল’ব নোৱাৰি। ম’বাইল, ইন্টাৰনেট সেৱাৰ উচিত ব্যৱহাৰে আমাক জ্ঞানৰ আন এক পৃথিৱীৰ সন্ধান দিব পাৰে, কেৱল আমি তাৰ যথোপযুক্ত ব্যৱহাৰ কৰিব জানিব লাগিব।
লেখাৰ এই উপসংহাৰত কওঁ যে, মৃত্যুৰ পাছতো যদি মানুহৰ যশ ৰৈ যায়, কেৱল তেওঁৰ আকৰ্ষণীয় ব্যক্তিত্বৰ বাবে। ইতিহাসৰ পাতত অজস্ৰজনৰ নাম স্বৰ্ণালী আখৰেৰে লিপিবদ্ধ হোৱা দেখিবলৈ পাওঁ, কেৱল তেওঁলোকৰ আকৰ্ষণীয় ব্যক্তিত্বৰ বাবেই নহয় জানোঁ? বৰ্তমান সময়তো তেনে হাজাৰজন ব্যক্তি আমাৰ আদৰ্শ কেৱল তেওঁলোকৰ আদৰণীয় ব্যক্তিত্বৰ বাবেই।
জাতি, বৰ্ণ, ভাষা, ধৰ্ম, ভৌগোলিক পৰিধি, বৃত্তি সকলোৰে উৰ্দ্ধত ব্যক্তি এজনৰ আদৰণীয় ব্যক্তিত্বই সদায় আমাক আকৰ্ষণ কৰে, নহয়নে?
গতিকে, প্ৰত্যেকে নিজৰ ব্যক্তিত্ব বিকাশৰ প্ৰতি গুৰুত্ব দিয়াটো আওপকীয়াকৈ হ’লেও এখন সমাজ তথা দেশৰ বাবেই নিতান্তই গুৰুত্বপূৰ্ণ।
শিক্ষা
কলা শাখা : বৰ্তমান সময়ত ইয়াৰ বিস্তৃতি আৰু প্ৰাসংগিকতা
May 2, 2020 by কাকলি শৰ্মা Leave a Comment
ছাত্ৰ জীৱনৰ প্ৰতিটো পৰ্যায়েই সমানেই গুৰুত্বপূৰ্ণ! কিন্তু ইয়াৰ ভিতৰত দশম শ্ৰেণী তথা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সময়চোৱা নিশ্চিতভাৱে এক কঠিন সময় বুলি বিবেচিত হয়। প্ৰাক্ – প্ৰাথমিক পৰ্যায়ৰ পৰা ঢাপে ঢাপে ছাত্ৰ- ছাত্ৰীসকল উন্নীত হৈ ইতিমধ্যে শিক্ষা জীৱনৰ ভেটি গঢ় লয় আৰু দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছত কোনটো শাখাত গৈ নামভৰ্তি কৰিব, সেয়া এই পৰ্যায়তে নিশ্চিত কৰা হয়। আমাৰ দেশৰ শিক্ষা ব্যৱস্থা অনুসৰি, হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত কলা, বিজ্ঞান, বাণিজ্য তথা বৃত্তিমুখী শাখা, এইসমূহৰ ভিতৰত যিকোনো এটা বাচনি কৰি সেইমতেই ছাত্ৰ-ছাত্ৰীয়ে ভৱিষ্যতৰ পিনে আগবাঢ়ে।
এই প্ৰৱন্ধটোত কলা শাখাত নামভৰ্তি কৰিবলৈ ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কিছু প্ৰয়োজনীয় তথ্য যুগুতোৱা হৈছে!
বিজ্ঞান, বাণিজ্য তথা বৃত্তিমুখী শাখাৰ নিচিনাকৈ কলা শাখাৰো এক বৃহৎ পৰিসৰ আছে। বহুক্ষেত্ৰত দেখা যায় যে, কলা শাখাৰ বিভিন্ন দিশ সম্পৰ্কে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সচেতন নহয়। যাৰ বাবে এই শাখাটোৰ বাচনিৰ ক্ষেত্ৰত কিছু চিন্তাৰ সন্মুখীন হোৱা দেখা যায়।
কলা শাখা তথা হিউমিনিটিছ্ত অন্তৰ্ভুক্ত হৈ ছাত্ৰ- ছাত্ৰীয়ে ভৱিষ্যতে বিভিন্ন দিশত মনোনিৱেশ কৰিব পাৰে!
উচ্চতৰ মাধ্যমিক শ্ৰেণীত ছাত্ৰ- ছাত্ৰীসকলে নিৰ্দিষ্ট কেইটামান বিষয়ৰ প্ৰতিহে ধাৱমান হোৱা দেখা যায়! কিন্তু কলা শাখাৰ বৃহৎ পৰিসৰে বহুতো বিষয় সামৰি লয়! যেনে- ইংৰাজী, অসমীয়া, বড়ো, সংস্কৃত, গাৰ্হস্থ্য বিজ্ঞান, সমাজতত্ব, শিক্ষা, তৰ্কবিজ্ঞান আৰু দৰ্শন, হিন্দী, ৰাজনীতি বিজ্ঞান, অৰ্থনীতি বিজ্ঞান, নৃতত্ব বিজ্ঞান, গণিত, পৰিসংখ্যা বিজ্ঞান, সুকুমাৰ কলা, ভূগোল, ইতিহাস ইত্যাদি অনেক। এই প্ৰতিটো বিষয়ৰ সুকীয়া পৰিসৰ আছে। ছাত্ৰ- ছাত্ৰীসকলে এনেধৰণৰ বিষয়সমূহক গুৰু বিষয় হিচাপে লৈ ভৱিষ্যতে একো একোটা পৃথক পৰিচয় গঢ়াৰ দিশত অগ্ৰসৰ হ’ব পাৰে!
বহুক্ষেত্ৰত দেখা যায়, অভিভাৱকসকলে ছাত্ৰ- ছাত্ৰীসকলক কলা শাখাত নামভৰ্তি কৰাবলৈ অমান্তি হয়! কলা শাখা মানেই শিক্ষকতাৰ বাহিৰে আন একো পথ নাই, তেনে ভাব পোষণ কৰে! কিন্তু বৰ্তমান সময়ত কলা শাখাৰ দ্ৰুত পৰিসৰ বৃদ্ধিয়ে আমালৈ শুভবাৰ্তা কঢ়িয়াই আনিছে! তেনে কিছুমান ক্ষেত্ৰৰ বিষয়ে তলত আলোচনা কৰা হ’ল-
১) প্ৰশাসনিক সেৱা
প্ৰশাসনিক বিষয়া হোৱাৰ বাবে ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কলা শাখাৰ বিভিন্ন বিষয়ৰ জ্ঞান বিশেষ সুবিধাজনক হ’ব পাৰে! এই ক্ষেত্ৰত আজিকালি ৱেবচাইট, ছ’চিয়েল মিডিয়া আদিও জ্ঞান অৰ্জনৰ আহিলা হ’ব পাৰে!
২) সাংবাদিকতা
কলা শাখাৰ শিক্ষাৰ্থীসকলৰ বাবে সাংবাদিকতা হ’ব পাৰে এক সুন্দৰ বৃত্তি! যিসকল সাংবাদিকতাৰ প্ৰতি আগ্ৰহী তেওঁলোকে যোগাযোগ আৰু সাংবাদিকতাৰ পাঠ্যক্ৰমৰ প্ৰতি মন মেলিব পাৰে! অসম তথা ভাৰতৰ প্ৰায় প্ৰতিখন বিশ্ববিদ্যালয়ৰ অধীনত এই বিষয় উপলব্ধ!
৩) শিক্ষকতা
কেৱল কলা শাখাই নহয় প্ৰতিটো শাখাৰ প্ৰতিটো বিষয়ত অধ্যয়নৰত ছাত্ৰ- ছাত্ৰীৰ বাবেই শিক্ষকতাই অন্যতম প্ৰাধান্য লাভ কৰি আহিছে ! কিন্তু কলা শাখাৰ বৃহৎ পৰিসৰে সামৰি লোৱা প্ৰতিটো বিষয়ৰেই একোখন পৃথক ক্ষেত্ৰ আছে আৰু শিক্ষকতাৰ দৰে মহান বৃত্তিৰ বাবেই এই প্ৰতিটো বিষয়েই হ’ব পাৰে একোখন বিশেষ ক্ষেত্ৰ!
৪) হোটেল মেনেজমেন্ট
উচ্চতৰ মাধ্যমিক কলা শাখাত উত্তীৰ্ণ হোৱাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে হোটেল মেনজমেন্টৰ অধ্যয়ণ কৰিব পাৰে। বৰ্তমান যুগত ই এক অন্যতম চৰ্চিত বিষয়।
৫) এয়াৰ হোস্টেজ্
কলা শাখাৰ ছাত্ৰীসকলৰ বাবে এয়াৰ হোস্টেজ্ এক সুন্দৰ পেচা হ’ব পাৰে। বিভিন্ন বেচৰকাৰী সংস্থাৰ দ্বাৰা এই পাঠ্যক্ৰম আগবঢ়োৱা হয় ।
৬) আইন পাঠ্যক্ৰম
ভৱিষ্যতে আইনৰ ক্ষেত্ৰখনক পেচা হিচাপে ল’বলৈ আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলে কলা শাখাত অধ্যয়ণ কৰি পাছলৈ আইন বিভাগত উচ্চ শিক্ষা গ্ৰহণ কৰিব পৰে। অসমৰ প্ৰায়কেইখন বিশ্ববিদ্যালয়ৰ অধীনতেই আইনৰ পাঠ্যক্ৰমৰ ব্যৱস্থা আছে ।
৭) Social worker
সমাজ কৰ্ম বা Social Work ৰ স্নাতক বা স্নাতকোত্তৰ পাঠ্যক্ৰমৰ যোগেদি সমাজ সেৱাৰ ক্ষেত্ৰত বিশেষভাৱে আগবাঢ়িব পাৰে। Social Work বৰ্তমান সময়ৰ এক অন্যতম গুৰুত্বপূৰ্ণ বিষয় ।
৮) Psychology, Guidance and Counseling
Psychology অৰ্থাৎ মনোবিজ্ঞান অন্যতম গুৰুত্বপূৰ্ণ বিষয়। এই বিষয়ৰ বিভিন্ন তথ্যই মনোবিজ্ঞানী হোৱাত সহায় কৰিব পাৰে। তদুপৰি গাইডেন্স আৰু কাউনছিলিংৰ বিভিন্ন জ্ঞান আহৰণ কৰি ছাত্ৰ- ছাত্ৰী সকলে ভৱিষ্যতে ইয়াক বৃত্তি হিচাপে ল’ব পাৰে।
ৰীৰিক, মানসিক, বৌদ্ধিক আদি বিভিন্ন দিশৰ বিকাশেৰে শিশু সকলক ভবিষ্যতৰ দেশৰ উপযুক্ত নাগৰিক হিচাপে গঢ়ি তুলিবলৈ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ প্ৰেৰণাৰে আৰম্ভ হৈছিল অখিল ভাৰতীয় শিক্ষা সংস্থান বিদ্যা ভাৰতী। ১৯৫২ চনত গোৰখপুৰত স্থাপিত হোৱা সৰস্বতী শিশু মন্দিৰত শিশুৰ সৰ্বাংগীন বিকাশৰ বাবে কিছুমান ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰা হৈছিল। শিশুৰ শাৰীৰিক, প্ৰাণিক , মানসিক, বৌদ্ধিক, নৈতিক আৰু আধ্যাত্মিক অনুশীলনৰ বাবে বিভিন্ন বিষয়ৰ শিক্ষা প্ৰদানেৰে বিদ্যা ভাৰতীয়ে ইংৰাজৰ শাসনকালত ধ্বংস হৈ যাব খোজা ভাৰতীয় শিক্ষা ব্যৱস্থাটোক এক নতুন ৰূপ দিবলৈ প্ৰয়াস কৰিছিল। এই বৌদ্ধিক বিপ্লৱৰ গুৰি ধৰিছিল ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কেইগৰাকীমান স্বনামধন্য শিক্ষাবিদে। সময়ৰ লগে লগে গোৰখপুৰৰ ‘সৰস্বতী শিশু মন্দিৰৰ আৰ্হিত দেশৰ আন আন ঠাইতো ভালেমান বিদ্যালয় গঢ়ি উঠিল আৰু তেতিয়াৰে পৰা ভাৰতৰ বিভিন্ন প্ৰান্তলৈ বিদ্যাভাৰতীৰ শিক্ষা ব্যৱস্থা প্ৰসাৰিত হ’ল । বৰ্তমান এই ব্যৱস্থাৰ আধাৰত সমগ্ৰ দেশতে আনুষ্ঠানিক আৰু অনানুষ্ঠানিক উভয়বিধৰ বিদ্যালয় চলি আছে। আওহতীয়া তথা দুৰ্গম ঠাইত স্থাপিত এজনীয়া শিক্ষকৰ দ্বাৰা চালিত হৈছে ‘একল বিদ্যালয়’ নামৰ অনানুষ্ঠানিক শিক্ষানুষ্ঠানবোৰ। তাৰোপৰি অতি পিছপৰা শ্ৰেণীৰ উন্নয়নৰ বাবে ঠায়ে ঠায়ে কিছুমান সংস্কাৰ কেন্দ্ৰও স্থাপিত হৈছে। এই আটাইখিনি বিদ্যালয় লৈয়েই সৃষ্টি হৈছে বিদ্যাভাৰতীৰ সৰ্বভাৰতীয় বৃহৎ পৰিয়াল । ছাত্ৰ-ছাত্ৰী সকলৰ মাজত প্রার্থনা, সংস্কৃত শিক্ষা, যোগ আৰু প্ৰাণায়াম, খেল-ধেমালি, তৰ্ক, বক্তৃতা অনুষ্ঠান, বিজ্ঞান মেলা আদিৰ লগতে বালিকা শিক্ষা বিষয়টোও অন্তৰ্ভুক্ত কৰা হৈছে আৰু এই বিষয়টো আগবঢ়াই নিবলৈ বিভিন্ন কাৰ্য ব্যবস্থাও গ্ৰহণ কৰা হৈছে।
ভাৰতবৰ্ষত নাৰী শক্তিক দেৱীৰ মৰ্যাদা দিয়া হয়। বিদ্যা আৰু বুদ্ধিৰে সমৃদ্ধ নাৰী অপাৰ শক্তিৰো ভঁৰাল। হিন্দু সংস্কৃতিত দুর্গা, সৰস্বতী, লক্ষ্মী হ’ল ক্ৰমে শক্তি, বিদ্যা আৰু ঐশ্বৰ্যৰ প্রতীক। নাৰীক দেৱীৰ সৈতে তুলনা কৰোঁতে এইবোৰ গুণৰ অধিকাৰিণী হোৱা বুলি অনুভৱ কৰা হয়। বিদ্যা-বুদ্ধিৰে সমৃদ্ধ নাৰীহে শক্তিমতী। ইয়াতেই আছে বালিকা শিক্ষাৰ প্ৰকৃত প্রাসংগিকতা। বৰ্তমান সময়ত মহিলাক শক্তিমতী (Empowerment of Women) কৰাৰ ওপৰত অধিক গুৰুত্ব দিয়া হয় । শক্তিমতী কৰি তুলিবলৈ উপযুক্ত শিক্ষাৰ ব্যৱস্থা কৰাটোও অতি প্ৰয়োজনীয়। নাৰীৰ বাবে উপযুক্ত শিক্ষাৰ অৰ্থ হ’ল, সাধাৰণ শিক্ষাৰ লগতে বিশেষ শিক্ষা। সেইবাবে বিদ্যা ভাৰতীত ছাত্ৰী সকলৰ বাবে বালিকা শিক্ষাৰ বিশেষ পাঠ প্ৰস্তুত কৰা হয় আৰু বালিকা শিক্ষাৰ কালাংশ লবৰ বাবে আচাৰ্যা সকলৰ কৰ্মশালাও অনুষ্ঠিত কৰা হয়।
আমাৰ পৰিয়ালবোৰ ককা-আইতা, দাদা-বৌ, ভাই-ভনী আদিৰে ভৰপুৰ হৈ আছে। কিন্তু এতিয়া পশ্চিমীয়া ভাৱধাৰাৰ কৰাল গ্ৰাসত পৰি আমাৰ এই পৰিয়াল ব্যৱস্থাৰ ভাঙোন ধৰিছে। ইয়াৰ প্ৰতিকাৰৰ দায়িত্ব পৰিয়ালৰ সংস্কাৰৰ কেন্দ্ৰ বিন্দু বালিকাৰ ওপৰতে দিব লাগিব। সেয়েহে বালিকা শিক্ষয়িত্ৰী হওঁক, ডাক্তৰ হওঁক বা ইঞ্জিনিয়াৰেই হওঁক, তেওঁৰ মাতৃত্ব গুণৰ বিকাশ সাধন কৰাটো নিত্যান্তই আৱশ্যক। বালিকাৰ ব্যক্তিত্ব নির্মাণ সম্পর্কীয় কামত সমাজ তথা পিতৃ মাতৃৰ ভূমিকাও কম গুৰুত্বপূৰ্ণ নহয়। এই ক্ষেত্ৰত মাতৃ ভাৰতীৰো যথেষ্ট ভূমিকা থাকে। মাতৃ সকলৰ বাবেও কম কম সময়ৰ সৰু সৰু প্ৰশিক্ষণৰ ব্যৱস্থা কৰিলে বালিকা সকলে ঘৰুৱা ভাবে পাব লগা শিক্ষা আৰু সংস্কাৰো লাভ কৰিবলৈ সক্ষম হব। আজি আমাৰ দেশ বিভিন্ন সমস্যাৰে জৰ্জৰিত। আমাৰ সমাজো বিভিন্ন প্রতিকূল পৰিস্থিতিৰ সম্মুখীন হৈছে। বালিকা শিক্ষা প্রাপ্ত আজিৰ বালিকাই এই প্রতিকূল পৰিস্থিতি অতিক্রম কৰিব পাৰিব বুলি আমাৰ বিশ্বাস আৰু তেতিয়াই ভবিষ্যতৰ সমাজখন সৰ্বাংগ সুন্দৰ হৈ উঠিব।
বালিকা শিক্ষাৰ পাঠ যোজনাত কেইটামান বিষয় নিৰ্দিষ্ট কৰি পাঠ প্ৰস্তুত কৰা হৈছে। যি সমূহ বিষয়ে বালিকা সকলক সকলো প্ৰতিকুল পৰিবেশ নেওচি আগুৱাই গৈ একোগৰাকী সফল নাৰী হোৱাত সহায় কৰিব সেই বিষয় সমূহ বালিকা শিক্ষাৰ কালাংশত অন্তৰ্ভুক্ত কৰা হৈছে।
বালিকা শিক্ষাৰ কেইটামান বিষয় ——
পৰিয়াল শিক্ষা –ঘৰখনেই শিশুৰ শিক্ষাৰ কঠিয়াতলি। সেয়েহে পৰিয়াল শিক্ষা বিষয়ত বালিকাই যথেষ্ট জানিব লগীয়া কথা থাকে। পৰিয়াল শিক্ষা সম্পৰ্কত পাঠ যোজনাৰ বিন্দু সমূহ —-
👉 পাৰিবাৰিক জীৱন তথা পৰিয়াল সম্পৰ্কে জ্ঞান
👉 স্বচ্ছতা
👉 গৃহসজ্জা
👉 শিশুৰ প্ৰতি মৰম আৰু দায়িত্ব আদি ।
মনোবিজ্ঞান – মনোবিজ্ঞান এটা বিশাল বিষয়। এই বিষয়ৰ অনেক কথা বালিকা সকলে জানিব লাগে। তাৰে কেইটামান গুৰুত্বপূৰ্ণ বিন্দূহে ইয়াত সন্নিবিষ্ট কৰা হৈছে।
👉 মাতৃত্বৰ ভাবনা
👉 মনক নিয়ন্ত্ৰণ আৰু সংযম কৰা
👉 সদগুণ, সদবিচাৰ
- Get link
- X
- Other Apps


Comments
Post a Comment